--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দুৰ্বল জীৱনশৈলী আৰু ব্যস্ততাপূৰ্ণ জীৱনৰ ভুল খাদ্যাভ্যাসে দৈনিক স্বাস্থ্যৰ ক্ষেত্ৰত নতুন নতুন ৰোগৰ সৃষ্টি কৰে। খাদ্য আৰু পানীয়ৰ লগত জড়িত ভুলবোৰে আমাক উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ সম্ভাৱনাই নহয়, শৰীৰত বেয়া কলেষ্টেৰলৰ পৰিমাণো বৃদ্ধি কৰে। ইয়াৰ বাবেই বহুতো ৰোগৰ স্বীকাৰ হ’বলগীয়া হয়। জানো আহকচোন এইবোৰৰ বিষয়ে।

 * উচ্চ কলেষ্টেৰলৰ মাত্ৰাই ৰক্তবাহী নলীবোৰ বন্ধ কৰাৰ কাম কৰে ফলত হৃদযন্ত্ৰকে ধৰি গোটেই শৰীৰত তেজৰ যোগান সঠিকভাৱে নহয়। ইয়াৰ বাবেই উচ্চ বি পি আৰু ডায়েবেটিছৰ বাহিৰেও হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি হয়।

*  ভজা খাদ্য বেছিকৈ খালে বেয়া কলেষ্টেৰলৰ সম্ভাৱনা বৃদ্ধি পায়, কাৰণ বজাৰত বিক্ৰী হোৱা প্ৰায়বোৰ খাদ্য তেলীয়া আৰু এই তেলত চেচুৰেটেড ফেট অতি বেছি থাকে, যাৰ ফলত তেজত বেয়া কলেষ্টেৰল বৃদ্ধি হয়।  শৰীৰত উচ্চ কলেষ্টেৰল ধৰা পেলাবলৈ লিপিড প্ৰফাইল টেষ্ট কৰা হয়, কিন্তু হাতত দেখা পোৱা এনে কিছুমান লক্ষণৰ দ্বাৰাও বেয়া কলেষ্টেৰল ধৰা পেলাব পাৰি।

* উচ্চ কলেষ্টেৰলৰ বাবে হৃদযন্ত্ৰই তেজ ভালদৰে পাম্প কৰিব নোৱাৰে আৰু ইয়াৰ বাবে হাতত তেজৰ যোগান কম হয়, যাৰ ফলত হাতত বিষ হ’বলৈ আৰম্ভ কৰে। যদি আপুনিও হাতত তীব্ৰ বিষ অনুভৱ কৰি আছে, তেন্তে ইয়াক একেবাৰেই আওকাণ নকৰিব।

* হাতৰ ৰক্তবাহী নলীত তেজৰ যোগান কমি যোৱাৰ বাবে বিষৰ সমস্যাও দেখা দিয়াৰ লগতে হাতত জিনজিন সমস্যাও হয়, এনে অৱস্থাত কলেষ্টেৰলৰ পৰীক্ষা কৰাব পাৰে।

* হাতত তেজৰ যোগান সঠিকভাৱে নহ’লে নখৰ ৰং পাতল ৰঙা বা গোলাপী হয়, কিন্তু কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিৰ পাছত নখৰ লগতে ছালৰ ৰঙো সলনি হ’বলৈ ধৰে। যদি আপোনাৰ নখৰ ৰং সলনি হৈ আছে, তেন্তে ভুলতো ইয়াক আওকাণ নকৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু