--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দুৰ্বল জীৱনশৈলী আৰু ব্যস্ততাপূৰ্ণ জীৱনৰ ভুল খাদ্যাভ্যাসে দৈনিক স্বাস্থ্যৰ ক্ষেত্ৰত নতুন নতুন ৰোগৰ সৃষ্টি কৰে। খাদ্য আৰু পানীয়ৰ লগত জড়িত ভুলবোৰে আমাক উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ সম্ভাৱনাই নহয়, শৰীৰত বেয়া কলেষ্টেৰলৰ পৰিমাণো বৃদ্ধি কৰে। ইয়াৰ বাবেই বহুতো ৰোগৰ স্বীকাৰ হ’বলগীয়া হয়। জানো আহকচোন এইবোৰৰ বিষয়ে।

 * উচ্চ কলেষ্টেৰলৰ মাত্ৰাই ৰক্তবাহী নলীবোৰ বন্ধ কৰাৰ কাম কৰে ফলত হৃদযন্ত্ৰকে ধৰি গোটেই শৰীৰত তেজৰ যোগান সঠিকভাৱে নহয়। ইয়াৰ বাবেই উচ্চ বি পি আৰু ডায়েবেটিছৰ বাহিৰেও হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি হয়।

*  ভজা খাদ্য বেছিকৈ খালে বেয়া কলেষ্টেৰলৰ সম্ভাৱনা বৃদ্ধি পায়, কাৰণ বজাৰত বিক্ৰী হোৱা প্ৰায়বোৰ খাদ্য তেলীয়া আৰু এই তেলত চেচুৰেটেড ফেট অতি বেছি থাকে, যাৰ ফলত তেজত বেয়া কলেষ্টেৰল বৃদ্ধি হয়।  শৰীৰত উচ্চ কলেষ্টেৰল ধৰা পেলাবলৈ লিপিড প্ৰফাইল টেষ্ট কৰা হয়, কিন্তু হাতত দেখা পোৱা এনে কিছুমান লক্ষণৰ দ্বাৰাও বেয়া কলেষ্টেৰল ধৰা পেলাব পাৰি।

* উচ্চ কলেষ্টেৰলৰ বাবে হৃদযন্ত্ৰই তেজ ভালদৰে পাম্প কৰিব নোৱাৰে আৰু ইয়াৰ বাবে হাতত তেজৰ যোগান কম হয়, যাৰ ফলত হাতত বিষ হ’বলৈ আৰম্ভ কৰে। যদি আপুনিও হাতত তীব্ৰ বিষ অনুভৱ কৰি আছে, তেন্তে ইয়াক একেবাৰেই আওকাণ নকৰিব।

* হাতৰ ৰক্তবাহী নলীত তেজৰ যোগান কমি যোৱাৰ বাবে বিষৰ সমস্যাও দেখা দিয়াৰ লগতে হাতত জিনজিন সমস্যাও হয়, এনে অৱস্থাত কলেষ্টেৰলৰ পৰীক্ষা কৰাব পাৰে।

* হাতত তেজৰ যোগান সঠিকভাৱে নহ’লে নখৰ ৰং পাতল ৰঙা বা গোলাপী হয়, কিন্তু কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিৰ পাছত নখৰ লগতে ছালৰ ৰঙো সলনি হ’বলৈ ধৰে। যদি আপোনাৰ নখৰ ৰং সলনি হৈ আছে, তেন্তে ভুলতো ইয়াক আওকাণ নকৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement