--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিডনী আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। কিডনীয়ে দেহৰ দূষিত পদাৰ্থসমূহ প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰি দিয়ে। আমাৰ কিডনীয়ে শৰীৰত বিশুদ্ধ তেজৰ সোঁতত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যেতিয়া কিডনীৰ কাৰ্য্যত সামান্য সমস্যা হয়, তেতিয়া ইয়াৰ প্ৰভাৱ আমাৰ শৰীৰত স্পষ্টকৈ দেখা যায়। কিডনীৰ সংক্ৰমণ আৰু কিডনী বিকল হোৱাৰ দৰে সমস্যাই জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে। ইয়াৰ লক্ষণসমূহ সময়মতে চিনি পোৱাটো অতি প্ৰয়োজনীয়। কিডনীৰ ক্ষতি হ’লে আমাৰ শৰীৰে কেনেদৰে সতৰ্কবাণী দিয়ে জানো আহক...

১) ক্লান্তি বৃদ্ধিঃ কিডনীৰ ফিল্টাৰ প্ৰক্ৰিয়াত শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’লে দুৰ্বলতা আহিবলৈ আৰম্ভ কৰে আৰু ভাগৰুৱাও অনুভৱ কৰিবলৈ আৰম্ভ কৰে।

২) টোপনিৰ অভাৱঃ কিডনীৰ কাৰ্য্যক্ষমতাত বিঘিনি ঘটিলে আমাৰ টোপনিত প্ৰভাৱ পৰে, যাৰ বাবে অনিদ্ৰাৰ সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। সেইবাবেই সময়ত সজাগ হোৱাটো প্ৰয়োজনীয়।

৩) খজুৱতিঃ যেতিয়া কিডনীৰ সমস্যাৰ বাবে বিষাক্ত পদাৰ্থবোৰ ওলাই আহিব নোৱাৰে তেতিয়া এইবোৰ তেজত জমা হ’বলৈ আৰম্ভ কৰে আৰু ইয়েই ছালত খজুৱতি হোৱাৰ কাৰণ হৈ পৰে।

৪) প্ৰস্ৰাৱৰ ৰঙৰ পৰিৱৰ্তনঃ যেতিয়া কিডনীৰ ক্ষতি হয় তেতিয়া অধিক প্ৰটিন ওলাবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে প্ৰস্ৰাৱৰ ৰং ঘোলা, তীব্ৰ হালধীয়া বা বাদামী হ’বলৈ আৰম্ভ কৰে, বহু ক্ষেত্ৰত ফেন আৰু প্ৰস্ৰাৱৰ পৰা তেজো ওলাবলৈ আৰম্ভ কৰে।

৫) মুখ আৰু ভৰি ফুলাঃ যেতিয়া কিডনীয়ে আমাৰ শৰীৰৰ পৰা ছডিয়াম আঁতৰাব নোৱাৰে তেতিয়া ই শৰীৰতেই জমা হ’বলৈ আৰম্ভ কৰে। ইয়াৰ কাৰণে ভৰি আৰু মুখ ফুলি উঠে।

৬) পেশীৰ ক্ৰেম্পঃ কিডনী বিকল হোৱাৰ বাবে ভৰি আৰু পেশীত ক্ৰেম্প আৰম্ভ হয়। কাৰণ ছডিয়াম, কেলচিয়াম, পটাছিয়াম বা অন্যান্য ইলেক্ট্ৰলাইটৰ মাত্ৰাত ভাৰসাম্যহীনতা দেখা যায়

৭) উশাহত কষ্ট পোৱাঃ যদি আপোনাৰ সঘনাই উশাহ লোৱাত কষ্ট হয় তেন্তে ই কিডনীৰ ৰোগৰ লক্ষণ হ’ব পাৰে, কাৰণ এনে অৱস্থাৰ ফলত ইৰিথ্ৰ’প’ইটিন নামৰ হৰম’ন এটা উৎপাদনত প্ৰভাৱ পৰে, যাৰ বাবে এনে অৱস্থা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক