--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিডনী আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। কিডনীয়ে দেহৰ দূষিত পদাৰ্থসমূহ প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰি দিয়ে। আমাৰ কিডনীয়ে শৰীৰত বিশুদ্ধ তেজৰ সোঁতত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যেতিয়া কিডনীৰ কাৰ্য্যত সামান্য সমস্যা হয়, তেতিয়া ইয়াৰ প্ৰভাৱ আমাৰ শৰীৰত স্পষ্টকৈ দেখা যায়। কিডনীৰ সংক্ৰমণ আৰু কিডনী বিকল হোৱাৰ দৰে সমস্যাই জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে। ইয়াৰ লক্ষণসমূহ সময়মতে চিনি পোৱাটো অতি প্ৰয়োজনীয়। কিডনীৰ ক্ষতি হ’লে আমাৰ শৰীৰে কেনেদৰে সতৰ্কবাণী দিয়ে জানো আহক...

১) ক্লান্তি বৃদ্ধিঃ কিডনীৰ ফিল্টাৰ প্ৰক্ৰিয়াত শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’লে দুৰ্বলতা আহিবলৈ আৰম্ভ কৰে আৰু ভাগৰুৱাও অনুভৱ কৰিবলৈ আৰম্ভ কৰে।

২) টোপনিৰ অভাৱঃ কিডনীৰ কাৰ্য্যক্ষমতাত বিঘিনি ঘটিলে আমাৰ টোপনিত প্ৰভাৱ পৰে, যাৰ বাবে অনিদ্ৰাৰ সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। সেইবাবেই সময়ত সজাগ হোৱাটো প্ৰয়োজনীয়।

৩) খজুৱতিঃ যেতিয়া কিডনীৰ সমস্যাৰ বাবে বিষাক্ত পদাৰ্থবোৰ ওলাই আহিব নোৱাৰে তেতিয়া এইবোৰ তেজত জমা হ’বলৈ আৰম্ভ কৰে আৰু ইয়েই ছালত খজুৱতি হোৱাৰ কাৰণ হৈ পৰে।

৪) প্ৰস্ৰাৱৰ ৰঙৰ পৰিৱৰ্তনঃ যেতিয়া কিডনীৰ ক্ষতি হয় তেতিয়া অধিক প্ৰটিন ওলাবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে প্ৰস্ৰাৱৰ ৰং ঘোলা, তীব্ৰ হালধীয়া বা বাদামী হ’বলৈ আৰম্ভ কৰে, বহু ক্ষেত্ৰত ফেন আৰু প্ৰস্ৰাৱৰ পৰা তেজো ওলাবলৈ আৰম্ভ কৰে।

৫) মুখ আৰু ভৰি ফুলাঃ যেতিয়া কিডনীয়ে আমাৰ শৰীৰৰ পৰা ছডিয়াম আঁতৰাব নোৱাৰে তেতিয়া ই শৰীৰতেই জমা হ’বলৈ আৰম্ভ কৰে। ইয়াৰ কাৰণে ভৰি আৰু মুখ ফুলি উঠে।

৬) পেশীৰ ক্ৰেম্পঃ কিডনী বিকল হোৱাৰ বাবে ভৰি আৰু পেশীত ক্ৰেম্প আৰম্ভ হয়। কাৰণ ছডিয়াম, কেলচিয়াম, পটাছিয়াম বা অন্যান্য ইলেক্ট্ৰলাইটৰ মাত্ৰাত ভাৰসাম্যহীনতা দেখা যায়

৭) উশাহত কষ্ট পোৱাঃ যদি আপোনাৰ সঘনাই উশাহ লোৱাত কষ্ট হয় তেন্তে ই কিডনীৰ ৰোগৰ লক্ষণ হ’ব পাৰে, কাৰণ এনে অৱস্থাৰ ফলত ইৰিথ্ৰ’প’ইটিন নামৰ হৰম’ন এটা উৎপাদনত প্ৰভাৱ পৰে, যাৰ বাবে এনে অৱস্থা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু