--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আন্তর্জাতিক মহিলা চাইক্লিষ্ট অসম সন্তান চয়নিকা গগৈয়ে উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত সপ্তম দিনা ৰূপৰ পদক অৰ্জন কৰিছে। ৰুদ্ৰপুৰত অনুষ্ঠিত চাইক্লিঙৰ ১০ কিল'মিটাৰ স্কেচ ৰেচ প্রতিযোগিতাত অংশগ্ৰহণ কৰা চয়নিকাই পদক জয়ৰ বেলিকা সময় লৈছিল ২৫:১০:০২ ছেকেণ্ড। এইটো ইভেন্টত কৰ্ণাটকৰ কীৰ্থি ৰাংগাস্বামীয়ে সোণ আৰু হাৰিয়ানাৰ মীনাক্ষিয়ে ব্ৰঞ্জৰ পদক অর্জন কৰিছিল। 

চয়নিকাৰ এই সফলতাৰ জৰিয়তে দেশৰ সৰ্ববৃহৎ ক্রীড়া মহোৎসৱখনত অসমৰ পদকৰ সংখ্যা ১৪টালৈ বৃদ্ধি পালে। বিগত গুজৰাট ৰাষ্ট্ৰীয় ক্রীড়াত চয়নিকাই ইতিপূৰ্বে দুটা ৰূপৰ পদক অর্জন কৰি থৈছে। এছিয়ান চাইক্লিং চেম্পিয়নশ্বিপত পদক জয় কৰা প্রথমগৰাকী অসম সন্তান চয়নিকাই অহা ৫ ফেব্ৰুৱাৰীত পদক জয়ৰ লক্ষ্যৰে ওমনিঅ' ইভেন্টত অৱতীৰ্ণ হ'ব। ইফালে ডেৰাডুনত চলি থকা লনবল ইভেন্টত অসমৰ খেলুৱৈ ছেমি ফাইনেলত প্ৰৱেশ কৰি ছটা পদক জয় নিশ্চিত কৰিছে। আনহাতে, প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বক্সিং ইভেন্টত অৱতীৰ্ণ হোৱা গৌৰৱ মজুমদাৰে পুৰুষৰ ৫১ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এইটো ইভেন্টৰ কোৱাৰ্টাৰ পৰ্যায়ৰ খেলত অসমৰ প্ৰথমগৰাকী অলিম্পিক পদক জয়ী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁয়ে ৭৫ কেজি আৰু পুৰুষৰ ৭১ কেজি শাখাত পুৰুষ বক্সাৰ অভিনৱ শইকীয়াই কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব।

 আনহাতে, বেডমিন্টনৰ মহিলাৰ দলীয় শাখাত ব্ৰঞ্জৰ পদক জয় কৰা অসমৰ খেলুৱৈয়ে পুৰুষৰ ডাবল শাখাৰ কোৱাৰ্টাৰ ফাইনেলত আৰু মহিলাৰ ছিংগলছ শাখাৰ কোৱাৰ্টাৰ ফাইনেলতে অভিযান সামৰে। ইয়াৰে মহিলাৰ শাখাত ঈশাৰাণী বৰুৱা আৰু পুৰুষৰ ডাবলছত অৱতীৰ্ণ হৈছিল সুৰজ গোৱালা আৰু ৰঞ্জন বুঢ়াগোহাঁইৰ যুটি।



উৎসঃ দৈনিক জনমভূমি 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ