--°C
Loading...
Listen to Article
2 min read
80%

কুলগাম : জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে আন এক সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। স্বাধীনতা দিৱসৰ পূ্ৰ্বে সম্ভাব্য বৃহৎ কূটাঘাত প্ৰতিহত কৰিবলৈ সক্ষম হৈছে নিৰাপত্তা বাহিনী। পাক সন্ত্ৰাসবাদীয়ে উপত্যকাটোত সন্ত্ৰাস বিয়পোৱাৰ বাবে ৰচা আন এক ষড়যন্ত্ৰ ওফৰাই এজন সন্ত্ৰাসবাধীক ধৰাশায়ী কৰিলে নিৰাপত্তাবাহিনীয়ে।

কাশ্মীৰ আৰক্ষীৰ মহা পৰিদৰ্শক (আইজিপি) বিজয় কুমাৰে এই দাবী কৰিছে। কুমাৰে আজি সদৰি কৰে যে, জম্মু-কাশ্মীৰৰ কুলগামত লস্কৰ-ঈ-তৈবাৰ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰাৰ পাছত বৃহৎ কূটাঘাতৰ পৰা উপত্যকাটো ৰক্ষা পৰিল। কুলগামত কালি সংঘটিত হোৱা এই সংঘৰ্ষত দুজন নিৰাপত্তা বাহিনীৰ জোৱান আৰু দুজন অসামৰিক লোক আহত হৈছিল। আই জি পি কুমাৰে প্ৰকাশ কৰা মতে, কুলগামত বিএছএফৰ কনভয়লৈ লক্ষ্য কৰি প্ৰথমে গুলীবৰ্ষণ কৰিছিল লস্কৰ সন্ত্ৰাসবাদীৰ দলে।

তাৰ পাছতে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ সংঘৰ্ষৰ সূত্ৰপাত ঘটে। কালি ৰাতিৰ পৰা চলা এই সংঘৰ্ষৰ আজি পুৱালৈ অৱসান হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে আন দুজন পলাই যোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ