--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন যুৱকে প্ৰেমত পৰি বিয়া কৰালে এগৰাকী কিন্নৰক। দুয়োজনে একেলগে সংসাৰ কৰিলে ৫ বছৰ। কিন্তু এতিয়া যুৱকগৰাকীয়ে দ্বিতীয় বিবাহৰ বাবে মন মেলিছে আৰু কিন্নৰগৰাকীক ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াকে লৈ বিপাঙত পৰিছে কিন্নৰগৰাকী। এই ঘটনা মুজাফ্ফৰপুৰৰ। পংকজ নামৰ যুৱকজনে কিন্নৰ চন্দাক বিয়া কৰাইছিল। পংকজে এতিয়া চন্দাক ত্যাগ কৰিব বিচৰাত আৰক্ষীৰ কাষ চাপিছে চন্দা।

তথ্য অনুসৰি মুজাফ্ফৰপুৰৰ ছিদ্দিকী লেনৰ বাসিন্দা চন্দা আৰু মতিপুৰ থানা এলেকাৰ নাৰিয়াৰ পানাপুৰৰ নিবাসী পংকজ কুমাৰ শ্বাহে একেলগে অৰ্কেষ্ট্ৰাত কাম কৰিছিল। সেই সময়ছোৱাত পংকজ চন্দাৰ প্ৰেমত পৰিছিল। দুয়ো একেলগে থাকিবলৈ আৰম্ভ কৰিলে আৰু তাৰ পিছত এদিন মন্দিৰলৈ গৈ বিয়া পাতিলে।
पंकज और किन्नर चंदा एक आर्केस्ट्रा में संग काम करते थे.
বিয়াৰ ৫ বছৰ দুয়ো পতি-পত্নীৰ দৰে একেলগে থাকিছিল যদিও এতিয়া পংকজে পত্নী চন্দাক এৰি গোপনে দ্বিতীয় বিবাহৰ বাবে প্ৰস্তুতি চলাবলৈ ধৰিলে। এই কথা জানি কিন্নৰ চন্দাই পংকজক স্বামী বুলি দাবী কৰি বিয়াৰ ফটোৰ সৈতে মতিপুৰ থানাত লিখিত এজাহাৰ দাখিল কৰিছে।

চন্দাই দুই ভগ্নী আৰু মাতৃৰ ভৰণ-পোষণৰ বাবে অৰ্কেষ্ট্ৰাত নাচিছিল। এই সময়ছোৱাত পাঁচ বছৰ আগতে পংকজ কুমাৰ শ্বাহক তেওঁ লগ পাইছিল। তাৰ পাছত দুয়ো দুয়োৰে প্ৰেমত পৰে আৰু দুয়োজনে পাৰস্পৰিক সন্মতিৰে ২০১৮ চনত হিন্দু ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হৈ পতি-পত্নীৰ দৰে জীৱন যাপন কৰিবলৈ আৰম্ভ কৰে।

চন্দাই অভিযোগ কৰিছে যে তেওঁ নিজৰ উপাৰ্জনেৰে পংকজৰ বাবে এটা ঘৰ নিৰ্মাণ কৰাইছিল। কিন্তু এতিয়া পংকজে দ্বিতীয়বাৰৰ বাবে বিয়া পাতিবলৈ ওলাইছে। ঘৰৰ পৰা চন্দাক বাহিৰলৈ উলিয়াই দিয়া হৈছে। স্বামীয়ে এতিয়া তেওঁৰ টকাও ঘূৰাই দিয়া নাই। চন্দাই অভিযোগ কৰে যে স্বামীয়ে হত্যাৰ ভাবুকিও দিছে। 

অভিযুক্ত যুৱক পংকজ কুমাৰ শ্বাহে কয় যে ''মই কোনো কিন্নৰক বিয়া কৰোৱা নাই। আগতে চন্দাৰ লগত অৰ্কেষ্ট্ৰাত কাম কৰিছিলো। এই সময়তে চন্দাই মোক আৱদ্ধ কৰি পেলালে। ইয়াৰ পাছত আমি দুয়ো একেলগে থাকিবলৈ আৰম্ভ কৰিলো। কিন্তু চন্দাৰ কামবোৰ ঠিক নাছিল। সদায় কাজিয়া কৰাই আছিল চন্দাৰ কাম। চন্দাই মোক চাকৰৰ দৰে ৰাখিব বিচাৰিছিল।''

আৰক্ষীয়ে বিষয়টো তদন্ত কৰাৰ পাছত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাইছে। অভিযুক্ত যুৱকজনৰ সৈতেও যোগাযোগ কৰি আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন