--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন যুৱকে প্ৰেমত পৰি বিয়া কৰালে এগৰাকী কিন্নৰক। দুয়োজনে একেলগে সংসাৰ কৰিলে ৫ বছৰ। কিন্তু এতিয়া যুৱকগৰাকীয়ে দ্বিতীয় বিবাহৰ বাবে মন মেলিছে আৰু কিন্নৰগৰাকীক ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াকে লৈ বিপাঙত পৰিছে কিন্নৰগৰাকী। এই ঘটনা মুজাফ্ফৰপুৰৰ। পংকজ নামৰ যুৱকজনে কিন্নৰ চন্দাক বিয়া কৰাইছিল। পংকজে এতিয়া চন্দাক ত্যাগ কৰিব বিচৰাত আৰক্ষীৰ কাষ চাপিছে চন্দা।

তথ্য অনুসৰি মুজাফ্ফৰপুৰৰ ছিদ্দিকী লেনৰ বাসিন্দা চন্দা আৰু মতিপুৰ থানা এলেকাৰ নাৰিয়াৰ পানাপুৰৰ নিবাসী পংকজ কুমাৰ শ্বাহে একেলগে অৰ্কেষ্ট্ৰাত কাম কৰিছিল। সেই সময়ছোৱাত পংকজ চন্দাৰ প্ৰেমত পৰিছিল। দুয়ো একেলগে থাকিবলৈ আৰম্ভ কৰিলে আৰু তাৰ পিছত এদিন মন্দিৰলৈ গৈ বিয়া পাতিলে।
पंकज और किन्नर चंदा एक आर्केस्ट्रा में संग काम करते थे.
বিয়াৰ ৫ বছৰ দুয়ো পতি-পত্নীৰ দৰে একেলগে থাকিছিল যদিও এতিয়া পংকজে পত্নী চন্দাক এৰি গোপনে দ্বিতীয় বিবাহৰ বাবে প্ৰস্তুতি চলাবলৈ ধৰিলে। এই কথা জানি কিন্নৰ চন্দাই পংকজক স্বামী বুলি দাবী কৰি বিয়াৰ ফটোৰ সৈতে মতিপুৰ থানাত লিখিত এজাহাৰ দাখিল কৰিছে।

চন্দাই দুই ভগ্নী আৰু মাতৃৰ ভৰণ-পোষণৰ বাবে অৰ্কেষ্ট্ৰাত নাচিছিল। এই সময়ছোৱাত পাঁচ বছৰ আগতে পংকজ কুমাৰ শ্বাহক তেওঁ লগ পাইছিল। তাৰ পাছত দুয়ো দুয়োৰে প্ৰেমত পৰে আৰু দুয়োজনে পাৰস্পৰিক সন্মতিৰে ২০১৮ চনত হিন্দু ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হৈ পতি-পত্নীৰ দৰে জীৱন যাপন কৰিবলৈ আৰম্ভ কৰে।

চন্দাই অভিযোগ কৰিছে যে তেওঁ নিজৰ উপাৰ্জনেৰে পংকজৰ বাবে এটা ঘৰ নিৰ্মাণ কৰাইছিল। কিন্তু এতিয়া পংকজে দ্বিতীয়বাৰৰ বাবে বিয়া পাতিবলৈ ওলাইছে। ঘৰৰ পৰা চন্দাক বাহিৰলৈ উলিয়াই দিয়া হৈছে। স্বামীয়ে এতিয়া তেওঁৰ টকাও ঘূৰাই দিয়া নাই। চন্দাই অভিযোগ কৰে যে স্বামীয়ে হত্যাৰ ভাবুকিও দিছে। 

অভিযুক্ত যুৱক পংকজ কুমাৰ শ্বাহে কয় যে ''মই কোনো কিন্নৰক বিয়া কৰোৱা নাই। আগতে চন্দাৰ লগত অৰ্কেষ্ট্ৰাত কাম কৰিছিলো। এই সময়তে চন্দাই মোক আৱদ্ধ কৰি পেলালে। ইয়াৰ পাছত আমি দুয়ো একেলগে থাকিবলৈ আৰম্ভ কৰিলো। কিন্তু চন্দাৰ কামবোৰ ঠিক নাছিল। সদায় কাজিয়া কৰাই আছিল চন্দাৰ কাম। চন্দাই মোক চাকৰৰ দৰে ৰাখিব বিচাৰিছিল।''

আৰক্ষীয়ে বিষয়টো তদন্ত কৰাৰ পাছত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাইছে। অভিযুক্ত যুৱকজনৰ সৈতেও যোগাযোগ কৰি আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement