--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে আফগানিস্তানৰ নবীন উল হকে পুৰণি বিতৰ্কৰ বিষয়ে পুনৰ মুকলিকৈ ক’লে। লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ ক্ৰিকেটাৰগৰাকীয়ে বিগত ছিজনত বিৰাট কোহলীৰ সৈতে গৌতম গম্ভীৰৰ যুঁজখন ঠিক কিহৰ বাবে আছিল সেই কথা প্ৰকাশ কৰে।

এইবাৰ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ খেলিব কোহলীয়ে। গম্ভিৰে শিবিৰ সলনি কৰিছে আৰু এইবাৰ তেওঁ কলকাতা নাইট ৰাইডাৰ্ছৰ গুৰু। যোৱা বছৰৰ বাংগালুৰু-লক্ষ্ণৌ খেলৰ উত্তেজনা এইবাৰৰ বাংগালুৰু-কলকাতা মেচলৈ ঘূৰি আহিব পাৰিবনে? এই প্ৰশ্নৰ উত্তৰ পাবলৈ ক্ৰিকেট প্ৰেমীসকলে অপেক্ষা কৰিব লাগিব। অৱশ্যে যোৱা এদিনীয়া বিশ্বকাপৰ সময়ত আফগান শক্তিশালী বলাৰগৰাকীয়ে কোহলীৰ সৈতে বিবাদ নিষ্পত্তি কৰে।

এটা সাক্ষাৎকাৰত তেওঁ কয়- ''আমি মেচ খেলিবলৈ বাংগালুৰুলৈ গৈছিলো। সেই মেচৰ পৰাই সমস্যা আৰম্ভ হৈছিল। তীব্ৰ কাজিয়া আৰম্ভ হ’ল। জয়ী হোৱাৰ পিছত আমাৰ আবেশ খানে উত্তেজনাত হেলমেট দলিয়াই দিলে। কোহলীয়ে চাগে সেইটো ভাল নাপালে। ইয়াৰ পিছত তেওঁলোকে লক্ষ্ণৌলৈ খেলিবলৈ আহিছিল। সেই মেচখনত মই ৯ বা ১০ নম্বৰত বেটিং কৰিবলৈ গৈছিলো। সেইবাৰো আমি সংকীৰ্ণ ব্যৱধানত পৰাস্ত হৈছিলো।’’

ইয়াৰ পিছত তেওঁ ক'লে, "হাৰি যোৱাৰ পিছত আমাক কটাক্ষ কৰা হ’ব বুলি ভবা নাছিলো। কিন্তু সেয়াই হ’ল৷ বেংগালুৰুৰ এজন ক্ৰিকেটাৰৰ কটুক্তি শুনি মইও মুখ মেলিলোঁ। সেই উত্তেজনা বাঢ়ি আহিল। কটুক্তি চলিয়েই থাকিছিল। খেলৰ অন্তত দুয়োটা দলৰ ক্ৰিকেটাৰে হাত মিলাই দিয়াৰ সময়তো বহুতে উত্তেজিত হৈ পৰিছিল। দুজনে মূলতঃ মোক ঠাট্টা কৰিছিল। এজন হৈছে কোহলী। আৰু দ্বিতীয়জন হৈছে মহম্মদ ছিৰাজ।

কিন্তু কিয় এই ঘটনাৰ লগত জড়িত আছিল গম্ভীৰ? নবিনে ক'লে, "ইছ্যুটো বহুদিন ধৰি চলি আছিল। মই বিৰক্ত হৈ গম্ভীৰক এই বিষয়ে অৱগত কৰিলোঁ। প্ৰথমখন মেচত বেংগালুৰু ক্ৰিকেটাৰৰ আচৰণত তেওঁও অলপ বিৰক্ত হৈছিল। প্ৰথম মেচত আমাক শেষৰ বলৰ পৰা ১ ৰানৰ প্ৰয়োজন হৈছিল। সেই সময়ত তেওঁলোকৰ বলাৰজনে নন ষ্ট্ৰাইকাৰ এণ্ডত আমাৰ বেটছমেনক ৰান আউট কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু সেই বলাৰজনে উইকেটত বল মাৰিব নোৱাৰিলে। খেলখনৰ অন্তিম সময়টো ভাল নাপালে গম্ভীৰ। কিন্তু তেওঁ একো কোৱা নাছিল।’’

আৰু ক'লে, "আমাৰ বাবে সেইটো ন্যায্য যেন নালাগিল। কাৰণ সেই মেচখনে বহু উচ্চতাত উপনীত হৈছিল। খেলখন তেনেকৈ ৰান আউটত শেষ হ’লে ভাল আদৰ্শ দাঙি ধৰিব নোৱাৰিলেহেঁতেন। গেলেৰী দৰ্শনাৰ্থীসকলো যথেষ্ট উৎসাহিত হৈ পৰিছিল। পৰিস্থিতি চম্ভালিবলৈ গম্ভীৰে মুখত আঙুলি থৈ দৰ্শকক মনে মনে থাকিবলৈ কয়। গম্ভীৰ আৰু কোহলী দুয়োজনেই ক্ৰিকেটৰ প্ৰতি অতি আকৰ্ষিত। হয়তো সেইবাবেই ই আন এটা স্তৰলৈ গ’ল।’’

নবীনে ক’ব বিচাৰিছিল যে গম্ভীৰ বা কোহলী কোনোৱেই ব্যক্তিগতভাৱে কাৰো বিৰোধী নহয়। দিল্লী ক্ৰিকেটাৰ দুজনৰ মাজত ক্ৰিকেট আদৰ্শ বা আৱেগৰ সংঘৰ্ষৰ সৃষ্টি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ