--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হিন্দুধৰ্মত শাৰদীয় নৱৰাত্ৰিৰ গুৰুত্ব অতি বেছি। ইয়াক পৱিত্ৰ উৎসৱৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে নৱৰাত্ৰিৰ সময়ত মাদুৰ্গা মাতৃগৃহলৈ ৯দিনৰ বাবে আহে আৰু এই সময়ছোৱাত মাদেৱীৰ ৯টা ভিন্ন ৰূপ পূজা কৰা হয়। চলিত বৰ্ষতো আহিন মাহৰ শুক্ল পক্ষ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰি। 

উল্লেখ্য যে মাদুৰ্গাৰ ৯টা ভিন্ন ৰূপক ৰীতি-নীতিৰে পূজা কৰাৰ লগতে দেৱী দুৰ্গাক সন্তুষ্ট কৰি নিজৰ ইচ্ছা পূৰণৰ বাবে এই ৯দিন ব্ৰত পালন কৰা হয়। এই সময়তে মাদুৰ্গা সন্তুষ্ট হৈ ভক্তসকলৰ সকলো কষ্ট দূৰ কৰে বুলি বিশ্বাস কৰা হয়। কিন্তু কিয় পালন কৰা হয় নৱৰাত্ৰি? ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ কি? বিতংভাৱে জানো আহক।

হিন্দুধৰ্মত নৱৰাত্ৰি এবাৰ নহয় ৪বাৰকৈ পালন কৰা হয়। বছৰত দুবাৰকৈ গুপ্ত নৱৰাত্ৰি আৰু চ’ত আৰু শৰৎ কালত নৱৰাত্ৰি হিচাপে বছৰত দুবাৰকৈ পালন কৰা হয়। ইয়াৰ ভিতৰত শাৰদীয় নৱৰাত্ৰিৰ গুৰুত্ব অধিক। শাৰদীয় নৱৰাত্ৰিক সত্যৰ জয়ৰ প্ৰতীক বুলি বিশ্বাস কৰা হয়। এই সময়ছোৱাত মাদুৰ্গা ধৰাক নিজৰ মাতৃ বুলি গণ্য কৰি পৃথিৱীলৈ আহে। সেয়েহে এই দিনকেইটাক অতি আড়ম্বৰে পালন কৰা হয়।

শাৰদীয় নৱৰাত্ৰি উদযাপনৰ পৌৰাণিক কাহিনী-
শাৰদীয় নৱৰাত্ৰি উদযাপনৰ আঁৰত এটা নহয় দুটা পৌৰাণিক কাহিনী আছে। প্ৰথম কাহিনীত মহিষাসুৰ নামৰ এজন অসুৰে ভগৱান ব্ৰহ্মাক পূজা কৰি সন্তুষ্ট কৰিছিল, য'ত তেওঁ ভগৱান ব্ৰহ্মাৰ ওচৰত এনে এক বৰ বিচাৰিছিল যে পৃথিৱীৰ কোনো দেৱতা, অসুৰ বা মানুহে তেওঁক হত্যা কৰিব নোৱাৰে। ইয়াৰ পিছত তেওঁ ত্ৰিজগতত ত্ৰাস সৃষ্টি কৰিবলৈ ধৰিলে। এই সময়ছোৱাত মাদুৰ্গা আৰু অসুৰ মহিষাসুৰৰ মাজত ৯দিন ধৰি যুদ্ধ চলি আছিল আৰু অৱশেষত দশম দিনা মাদুৰ্গাই অসুৰক বধ কৰিছিল।

আন এক কাহিনী অনুসৰি শাৰদীয় নৱৰাত্ৰি পালন কৰা হয় কাৰণ ভগৱান ৰামে মা সীতাক বচাবলৈ লংকা আক্ৰমণ কৰিছিল। ইয়াৰ আগতে তেওঁ মাভগৱতীক পূজা কৰিছিল। ভগৱান ৰামে ৯দিন ৰামেশ্বৰত দেৱীক পূজা কৰিছিল, তাৰ পাছত মাতৃয়ে সন্তুষ্ট হৈ তেওঁক বিজয়ৰ বাবে আশীৰ্বাদ দিছিল। তাৰ পাছত দশম দিনা ৰামে ৰাৱণক বধ কৰি জয়লাভ কৰে। তেতিয়াৰ পৰাই বিজয়াদশমী উৎসৱ পালন কৰিবলৈ আৰম্ভ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল