--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হিন্দুধৰ্মত শাৰদীয় নৱৰাত্ৰিৰ গুৰুত্ব অতি বেছি। ইয়াক পৱিত্ৰ উৎসৱৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে নৱৰাত্ৰিৰ সময়ত মাদুৰ্গা মাতৃগৃহলৈ ৯দিনৰ বাবে আহে আৰু এই সময়ছোৱাত মাদেৱীৰ ৯টা ভিন্ন ৰূপ পূজা কৰা হয়। চলিত বৰ্ষতো আহিন মাহৰ শুক্ল পক্ষ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰি। 

উল্লেখ্য যে মাদুৰ্গাৰ ৯টা ভিন্ন ৰূপক ৰীতি-নীতিৰে পূজা কৰাৰ লগতে দেৱী দুৰ্গাক সন্তুষ্ট কৰি নিজৰ ইচ্ছা পূৰণৰ বাবে এই ৯দিন ব্ৰত পালন কৰা হয়। এই সময়তে মাদুৰ্গা সন্তুষ্ট হৈ ভক্তসকলৰ সকলো কষ্ট দূৰ কৰে বুলি বিশ্বাস কৰা হয়। কিন্তু কিয় পালন কৰা হয় নৱৰাত্ৰি? ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ কি? বিতংভাৱে জানো আহক।

হিন্দুধৰ্মত নৱৰাত্ৰি এবাৰ নহয় ৪বাৰকৈ পালন কৰা হয়। বছৰত দুবাৰকৈ গুপ্ত নৱৰাত্ৰি আৰু চ’ত আৰু শৰৎ কালত নৱৰাত্ৰি হিচাপে বছৰত দুবাৰকৈ পালন কৰা হয়। ইয়াৰ ভিতৰত শাৰদীয় নৱৰাত্ৰিৰ গুৰুত্ব অধিক। শাৰদীয় নৱৰাত্ৰিক সত্যৰ জয়ৰ প্ৰতীক বুলি বিশ্বাস কৰা হয়। এই সময়ছোৱাত মাদুৰ্গা ধৰাক নিজৰ মাতৃ বুলি গণ্য কৰি পৃথিৱীলৈ আহে। সেয়েহে এই দিনকেইটাক অতি আড়ম্বৰে পালন কৰা হয়।

শাৰদীয় নৱৰাত্ৰি উদযাপনৰ পৌৰাণিক কাহিনী-
শাৰদীয় নৱৰাত্ৰি উদযাপনৰ আঁৰত এটা নহয় দুটা পৌৰাণিক কাহিনী আছে। প্ৰথম কাহিনীত মহিষাসুৰ নামৰ এজন অসুৰে ভগৱান ব্ৰহ্মাক পূজা কৰি সন্তুষ্ট কৰিছিল, য'ত তেওঁ ভগৱান ব্ৰহ্মাৰ ওচৰত এনে এক বৰ বিচাৰিছিল যে পৃথিৱীৰ কোনো দেৱতা, অসুৰ বা মানুহে তেওঁক হত্যা কৰিব নোৱাৰে। ইয়াৰ পিছত তেওঁ ত্ৰিজগতত ত্ৰাস সৃষ্টি কৰিবলৈ ধৰিলে। এই সময়ছোৱাত মাদুৰ্গা আৰু অসুৰ মহিষাসুৰৰ মাজত ৯দিন ধৰি যুদ্ধ চলি আছিল আৰু অৱশেষত দশম দিনা মাদুৰ্গাই অসুৰক বধ কৰিছিল।

আন এক কাহিনী অনুসৰি শাৰদীয় নৱৰাত্ৰি পালন কৰা হয় কাৰণ ভগৱান ৰামে মা সীতাক বচাবলৈ লংকা আক্ৰমণ কৰিছিল। ইয়াৰ আগতে তেওঁ মাভগৱতীক পূজা কৰিছিল। ভগৱান ৰামে ৯দিন ৰামেশ্বৰত দেৱীক পূজা কৰিছিল, তাৰ পাছত মাতৃয়ে সন্তুষ্ট হৈ তেওঁক বিজয়ৰ বাবে আশীৰ্বাদ দিছিল। তাৰ পাছত দশম দিনা ৰামে ৰাৱণক বধ কৰি জয়লাভ কৰে। তেতিয়াৰ পৰাই বিজয়াদশমী উৎসৱ পালন কৰিবলৈ আৰম্ভ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ