--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাচলিৰ দৰে আমেৰিকাত বিক্ৰী হয় বন্দুক। বিগত ৫০ বছৰত আমেৰিকাত বন্দুকধাৰীৰ আক্ৰমণত ১৫ লাখৰ মৃত্যু হৈছে। আমেৰিকাত শেহতীয়াভাৱে বিগত কেইবামাহ ধৰি বন্দুকধাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছে। বন্দুকধাৰীৰ আক্ৰমণত প্ৰায় প্ৰতি সপ্তাহতে একাধিক লোকৰ মৃত্যু হৈছে। ১৭৯১ত আমেৰিকাৰ সংবিধানৰ দ্বিতীয় সংশোধনৰ জৰিয়তে মাৰ্কিন নাগৰিকক অস্ত্ৰ ৰখা আৰু ক্ৰয়ৰ অধিকাৰ প্ৰদান কৰা হৈছিল। এই আইন আজিও আমেৰিকাত একেদৰে বাহাল আছে। আমেৰিকাত এনে অসংখ্য বিপণী তথা ক্ষুদ্ৰ বিপণী আছে যিসমূহত বন্দুক বিক্ৰী কৰা হয়। 

বন্দুক ক্ৰয় কৰাৰ সময়ত ক্ৰেতাই এখন আবেদনপত্ৰত নিজৰ নাম, ঠিকনা, জন্মদিন আৰু নাগৰিকত্বৰ তথ্য উল্লেখ কৰিব লাগে। আইন অনুসৰি আমেৰিকাত ৰাইফল বা তেনে ধৰণৰ ক্ষুদ্ৰ অস্ত্ৰ লগত ৰখাৰ বাবে ১৮ ঊৰ্ধ্ব আৰু হেণ্ডগানৰ দৰে অন্য অস্ত্ৰ ক্ৰয়ৰ বাবে ক্ৰেতাৰ বয়স ন্যূনতম ২১ বছৰ হব লাগে। এছ এ এছৰ প্ৰতিবেদনত উল্লেখ কৰা মতে, বিশ্বত নাগৰিকৰ হাতত মুঠ ৮৫.৭ কোটি বন্দুক আছে আৰু ইয়াৰে ৩৯.৩ কোটি বন্দুক মজুত আছে আমেৰিকাৰ নাগৰিকৰ হাতত।আমেৰিকাৰ ৩৩ কোটি জনসংখ্যাৰ হাতত আছে প্ৰায় ৪০ কোটি বন্দুক। 

ইফালে, আমেৰিকাত বন্দুকৰ জৰিয়তে হোৱা হিংসাত্মক ঘটনাত বিগত ৫০ বছৰত ১৫ লাখৰ অধিক লোকে প্ৰাণ হেৰুৱালে। ১৭৭৬ত আমেৰিকাৰ স্বাধীনতাৰ পাছৰে পৰা বিগত ২৫০ বছৰত দেশখনত যিমান সংখ্যক সৈনিকৰ যুদ্ধত মৃত্যু হল, তাতোকৈ অধিক সংখ্যক লোকে আমেৰিকাত প্ৰাণ হেৰুৱালে বন্দুকৰ হিংসাত্মক ঘটনাত। মূলতঃ বন্দুক অতি সহজলভ্য হোৱাৰ ফলতে আমেৰিকাত বন্দুকধাৰীয়ে হিংসাত্মক ঘটনা সংঘটিত কৰাটো বাস্তৱত অতি সহজ হৈছে। 

উল্লেখ্য যে আমেৰিকাত প্ৰতি সপ্তাহত বন্দুকৰ প্ৰদৰ্শনীও অনুষ্ঠিত হৈ আহিছে। ৱালমাৰ্টৰ দৰে বিখ্যাত প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি প্ৰায় সকলোবোৰ শ্বপিং মলতে বন্দুক সহজে ক্ৰয় কৰিব পাৰি। যিয়ে আমেৰিকাৰ পৰিৱেশ অতি ভয়ংকৰ কৰি তুলিছে। আমেৰিকাৰ এই অস্ত্ৰপ্ৰীতি দেখি স্তম্ভিত হৈ পৰিছে বিশ্বৰ অন্য দেশসমূহ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?