--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাচলিৰ দৰে আমেৰিকাত বিক্ৰী হয় বন্দুক। বিগত ৫০ বছৰত আমেৰিকাত বন্দুকধাৰীৰ আক্ৰমণত ১৫ লাখৰ মৃত্যু হৈছে। আমেৰিকাত শেহতীয়াভাৱে বিগত কেইবামাহ ধৰি বন্দুকধাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছে। বন্দুকধাৰীৰ আক্ৰমণত প্ৰায় প্ৰতি সপ্তাহতে একাধিক লোকৰ মৃত্যু হৈছে। ১৭৯১ত আমেৰিকাৰ সংবিধানৰ দ্বিতীয় সংশোধনৰ জৰিয়তে মাৰ্কিন নাগৰিকক অস্ত্ৰ ৰখা আৰু ক্ৰয়ৰ অধিকাৰ প্ৰদান কৰা হৈছিল। এই আইন আজিও আমেৰিকাত একেদৰে বাহাল আছে। আমেৰিকাত এনে অসংখ্য বিপণী তথা ক্ষুদ্ৰ বিপণী আছে যিসমূহত বন্দুক বিক্ৰী কৰা হয়। 

বন্দুক ক্ৰয় কৰাৰ সময়ত ক্ৰেতাই এখন আবেদনপত্ৰত নিজৰ নাম, ঠিকনা, জন্মদিন আৰু নাগৰিকত্বৰ তথ্য উল্লেখ কৰিব লাগে। আইন অনুসৰি আমেৰিকাত ৰাইফল বা তেনে ধৰণৰ ক্ষুদ্ৰ অস্ত্ৰ লগত ৰখাৰ বাবে ১৮ ঊৰ্ধ্ব আৰু হেণ্ডগানৰ দৰে অন্য অস্ত্ৰ ক্ৰয়ৰ বাবে ক্ৰেতাৰ বয়স ন্যূনতম ২১ বছৰ হব লাগে। এছ এ এছৰ প্ৰতিবেদনত উল্লেখ কৰা মতে, বিশ্বত নাগৰিকৰ হাতত মুঠ ৮৫.৭ কোটি বন্দুক আছে আৰু ইয়াৰে ৩৯.৩ কোটি বন্দুক মজুত আছে আমেৰিকাৰ নাগৰিকৰ হাতত।আমেৰিকাৰ ৩৩ কোটি জনসংখ্যাৰ হাতত আছে প্ৰায় ৪০ কোটি বন্দুক। 

ইফালে, আমেৰিকাত বন্দুকৰ জৰিয়তে হোৱা হিংসাত্মক ঘটনাত বিগত ৫০ বছৰত ১৫ লাখৰ অধিক লোকে প্ৰাণ হেৰুৱালে। ১৭৭৬ত আমেৰিকাৰ স্বাধীনতাৰ পাছৰে পৰা বিগত ২৫০ বছৰত দেশখনত যিমান সংখ্যক সৈনিকৰ যুদ্ধত মৃত্যু হল, তাতোকৈ অধিক সংখ্যক লোকে আমেৰিকাত প্ৰাণ হেৰুৱালে বন্দুকৰ হিংসাত্মক ঘটনাত। মূলতঃ বন্দুক অতি সহজলভ্য হোৱাৰ ফলতে আমেৰিকাত বন্দুকধাৰীয়ে হিংসাত্মক ঘটনা সংঘটিত কৰাটো বাস্তৱত অতি সহজ হৈছে। 

উল্লেখ্য যে আমেৰিকাত প্ৰতি সপ্তাহত বন্দুকৰ প্ৰদৰ্শনীও অনুষ্ঠিত হৈ আহিছে। ৱালমাৰ্টৰ দৰে বিখ্যাত প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি প্ৰায় সকলোবোৰ শ্বপিং মলতে বন্দুক সহজে ক্ৰয় কৰিব পাৰি। যিয়ে আমেৰিকাৰ পৰিৱেশ অতি ভয়ংকৰ কৰি তুলিছে। আমেৰিকাৰ এই অস্ত্ৰপ্ৰীতি দেখি স্তম্ভিত হৈ পৰিছে বিশ্বৰ অন্য দেশসমূহ। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি