--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঋষভ পণ্টে আঠ বছৰ পূৰ্বে বিশ্ব অভিলেখ গঢ়িছিল। ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ইতিহাসত সৰ্বনিম্ন বলত অৰ্ধশতক অৰ্জন কৰে। সেই অভিলেখ ভংগ হ’ল। চলিত ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বেটছমেন ষ্টিভ ষ্ট’কে মাত্ৰ ১৩টা বলত অৰ্ধশতক অৰ্জন কৰে। তেওঁ গঢ়িলে এক নতুন বিশ্ব অভিলেখ।

স্কটলেণ্ডৰ বিৰুদ্ধে ১৩টা বলত ৫০ ৰান সংগ্ৰহ কৰে ষ্টকে। ২৭০ ৰান খেদি খেদি অ’পেনাৰ ষ্ট’কে আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক বেটিং আৰম্ভ কৰে। তেওঁ স্কটলেণ্ডৰ স্পিনাৰ কাছিম খানক এটা অভাৰত ৫টা ছয় আৰু এটা চাৰিটাৰে আঘাত কৰে। প্ৰথম চাৰিটা বলত ষ্ট’কে চাৰিটা ছয় কৰে। পঞ্চম বলত চাৰিটা আঘাত। শেষৰ বলটো আকৌ ছয়ৰ বাবে মাৰিব। ১৩টা বলত ৫০ ৰান কৰাৰ পাছত ষ্ট’কৰ ৰানৰ হাৰ কিছু হ্ৰাস পায়। শেষত ৩৭টা বলত ৮৬ ৰানৰ ইনিংছ খেলিছিল। ষ্ট’কৰ বেটেৰে দক্ষিণ আফ্ৰিকাৰ ইনিংছে গতি লাভ কৰে। মাত্ৰ ২৭ অভাৰতে ৰান খেদি জয়ী হয়।

ইয়াৰ পূৰ্বে এই বিশ্ব অভিলেখ পন্থৰ হাতত আছিল। ২০১৬ চনত মিৰপুৰত নেপালৰ বিৰুদ্ধে মাত্ৰ ১৮টা বলত পন্তই পঞ্চাশটা অৰ্জন কৰিছিল। তেওঁ ২৪টা বলত ৭৮ ৰানৰ ইনিংছ খেলিছিল। বাওঁহাতৰ বেটছমেনগৰাকীয়ে ৯টা চাৰি আৰু ৫টা ছয় কৰে। সেই অভিলেখ আঠ বছৰ ধৰি অখণ্ড হৈ থাকিল। এইবাৰ ভাঙি গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু