--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঋষভ পণ্টে আঠ বছৰ পূৰ্বে বিশ্ব অভিলেখ গঢ়িছিল। ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ইতিহাসত সৰ্বনিম্ন বলত অৰ্ধশতক অৰ্জন কৰে। সেই অভিলেখ ভংগ হ’ল। চলিত ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বেটছমেন ষ্টিভ ষ্ট’কে মাত্ৰ ১৩টা বলত অৰ্ধশতক অৰ্জন কৰে। তেওঁ গঢ়িলে এক নতুন বিশ্ব অভিলেখ।

স্কটলেণ্ডৰ বিৰুদ্ধে ১৩টা বলত ৫০ ৰান সংগ্ৰহ কৰে ষ্টকে। ২৭০ ৰান খেদি খেদি অ’পেনাৰ ষ্ট’কে আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক বেটিং আৰম্ভ কৰে। তেওঁ স্কটলেণ্ডৰ স্পিনাৰ কাছিম খানক এটা অভাৰত ৫টা ছয় আৰু এটা চাৰিটাৰে আঘাত কৰে। প্ৰথম চাৰিটা বলত ষ্ট’কে চাৰিটা ছয় কৰে। পঞ্চম বলত চাৰিটা আঘাত। শেষৰ বলটো আকৌ ছয়ৰ বাবে মাৰিব। ১৩টা বলত ৫০ ৰান কৰাৰ পাছত ষ্ট’কৰ ৰানৰ হাৰ কিছু হ্ৰাস পায়। শেষত ৩৭টা বলত ৮৬ ৰানৰ ইনিংছ খেলিছিল। ষ্ট’কৰ বেটেৰে দক্ষিণ আফ্ৰিকাৰ ইনিংছে গতি লাভ কৰে। মাত্ৰ ২৭ অভাৰতে ৰান খেদি জয়ী হয়।

ইয়াৰ পূৰ্বে এই বিশ্ব অভিলেখ পন্থৰ হাতত আছিল। ২০১৬ চনত মিৰপুৰত নেপালৰ বিৰুদ্ধে মাত্ৰ ১৮টা বলত পন্তই পঞ্চাশটা অৰ্জন কৰিছিল। তেওঁ ২৪টা বলত ৭৮ ৰানৰ ইনিংছ খেলিছিল। বাওঁহাতৰ বেটছমেনগৰাকীয়ে ৯টা চাৰি আৰু ৫টা ছয় কৰে। সেই অভিলেখ আঠ বছৰ ধৰি অখণ্ড হৈ থাকিল। এইবাৰ ভাঙি গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক