--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ বিশ্বৰ বাবে এক ডাঙৰ ভাবুকি হৈ পৰিছে। ই এক দুৰাৰোগ্য ৰোগ, যাক কেৱল নিয়ন্ত্ৰণ কৰিব পৰা যায়। ডায়েবেটিছ ৰোগটো জিনীয় আৰু ই আমাৰ বেয়া জীৱনশৈলীৰ সৈতেও জড়িত। আজিকালি মানুহৰ খাদ্যাভ্যাস বেয়া আৰু শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱৰ বাবে ডায়েবেটিছৰ ৰোগী ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। 

বিশ্বৰ ভিতৰতে সৰ্বাধিক ডায়েবেটিছ ৰোগীৰ সংখ্যা ভাৰতত। কেৱল বয়োজ্যেষ্ঠই নহয়, যুৱক-যুৱতীসকলো এই ৰোগত আক্ৰান্ত হৈছে। টাইপ ২ ডায়েবেটিছৰ বেছিভাগ ক্ষেত্ৰতে যুৱক-যুৱতীৰ ক্ষেত্ৰত দেখা দিয়ে। আজি আমি আপোনালোকক ক'ম কম বয়সতে ডায়েবেটিছ হোৱাৰ আগতে পোৱা কিছুমান লক্ষণৰ বিষয়ে, যিবোৰ আওকাণ কৰাটো অতি বেয়া হ'ব পাৰে।

১) পিয়াহ লগাঃ বাৰে বাৰে পিয়াহ লাগিলে সজাগ হওক। ডায়েবেটিছ ৰোগীয়ে অধিক পিয়াহ অনুভৱ কৰে। এনে অৱস্থাত এবাৰ ব্লাড চুগাৰ টেষ্ট কৰি ল’ব লাগে। কিন্তু পিয়াহ অনুভৱ কৰাটো কেৱল ডায়েবেটিছৰ লক্ষণ বুলি ক’ব নোৱাৰি, কিন্তু নিশ্চিতভাৱে পৰীক্ষাটো কৰি লওক।

২) ভাগৰ আৰু দুৰ্বলতাঃ যেতিয়া শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন তৈয়াৰ কৰিব নোৱাৰে বা পৰ্যাপ্ত পৰিমাণে ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়া অত্যন্ত ভাগৰ আৰু দুৰ্বলতা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। কৈশোৰ কালত ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰাটো ডায়েবেটিছ বা আন যিকোনো স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ হ’ব পাৰে।

৩) ঘাঁ লাহে-লাহে শুকুৱাঃ ঘাঁ বা আঘাত ভাল হ’বলৈ বেছি সময় লোৱাটোৱে সাধাৰণতে ডায়েবেটিছৰ ইংগিত দিয়ে। যেতিয়া শৰীৰত ছুগাৰৰ মাত্ৰা বৃদ্ধি পায়, তেতিয়া ৰোগ প্ৰতিৰোধ ক্ষমতাই সঠিকভাৱে কাম নকৰে, যাৰ বাবে আঘাত ভাল হ’বলৈ অধিক সময় লাগে।

৪) বেছিকৈ ভোগ লগাঃ ডায়েবেটিছৰ আন এটা লক্ষণ হ’ল অত্যধিক ভোক। কম বয়সতে অধিক ভোক অনুভৱ কৰাটো সাধাৰণ কথা, কিন্তু যদি আপুনি আন লক্ষণৰ সৈতে অধিক ভোক অনুভৱ কৰি আছে, তেন্তে চিকিৎসকৰ ওচৰলৈ যোৱাত একেবাৰেই পলম নকৰিব।

৫) বাৰে বাৰে সংক্ৰমিত হোৱাঃ বাৰে বাৰে সংক্ৰমিত হোৱাটো ডায়েবেটিছৰ আন এক প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। তেজত ছুগাৰৰ মাত্ৰা বৃদ্ধি হোৱাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতাই সঠিকভাৱে কাম কৰিব নোৱাৰে, যাৰ বাবে বাৰে বাৰে সংক্ৰমণ হ’ব পাৰে। কৈশোৰ কালত যদি শৰীৰৰ কোনো অংশত সঘনাই সংক্ৰমণ হয়, তেন্তে বুজিব যে আপোনাৰ ডায়েবেটিছ আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক