--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ বিশ্বৰ বাবে এক ডাঙৰ ভাবুকি হৈ পৰিছে। ই এক দুৰাৰোগ্য ৰোগ, যাক কেৱল নিয়ন্ত্ৰণ কৰিব পৰা যায়। ডায়েবেটিছ ৰোগটো জিনীয় আৰু ই আমাৰ বেয়া জীৱনশৈলীৰ সৈতেও জড়িত। আজিকালি মানুহৰ খাদ্যাভ্যাস বেয়া আৰু শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱৰ বাবে ডায়েবেটিছৰ ৰোগী ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। 

বিশ্বৰ ভিতৰতে সৰ্বাধিক ডায়েবেটিছ ৰোগীৰ সংখ্যা ভাৰতত। কেৱল বয়োজ্যেষ্ঠই নহয়, যুৱক-যুৱতীসকলো এই ৰোগত আক্ৰান্ত হৈছে। টাইপ ২ ডায়েবেটিছৰ বেছিভাগ ক্ষেত্ৰতে যুৱক-যুৱতীৰ ক্ষেত্ৰত দেখা দিয়ে। আজি আমি আপোনালোকক ক'ম কম বয়সতে ডায়েবেটিছ হোৱাৰ আগতে পোৱা কিছুমান লক্ষণৰ বিষয়ে, যিবোৰ আওকাণ কৰাটো অতি বেয়া হ'ব পাৰে।

১) পিয়াহ লগাঃ বাৰে বাৰে পিয়াহ লাগিলে সজাগ হওক। ডায়েবেটিছ ৰোগীয়ে অধিক পিয়াহ অনুভৱ কৰে। এনে অৱস্থাত এবাৰ ব্লাড চুগাৰ টেষ্ট কৰি ল’ব লাগে। কিন্তু পিয়াহ অনুভৱ কৰাটো কেৱল ডায়েবেটিছৰ লক্ষণ বুলি ক’ব নোৱাৰি, কিন্তু নিশ্চিতভাৱে পৰীক্ষাটো কৰি লওক।

২) ভাগৰ আৰু দুৰ্বলতাঃ যেতিয়া শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন তৈয়াৰ কৰিব নোৱাৰে বা পৰ্যাপ্ত পৰিমাণে ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়া অত্যন্ত ভাগৰ আৰু দুৰ্বলতা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। কৈশোৰ কালত ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰাটো ডায়েবেটিছ বা আন যিকোনো স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ হ’ব পাৰে।

৩) ঘাঁ লাহে-লাহে শুকুৱাঃ ঘাঁ বা আঘাত ভাল হ’বলৈ বেছি সময় লোৱাটোৱে সাধাৰণতে ডায়েবেটিছৰ ইংগিত দিয়ে। যেতিয়া শৰীৰত ছুগাৰৰ মাত্ৰা বৃদ্ধি পায়, তেতিয়া ৰোগ প্ৰতিৰোধ ক্ষমতাই সঠিকভাৱে কাম নকৰে, যাৰ বাবে আঘাত ভাল হ’বলৈ অধিক সময় লাগে।

৪) বেছিকৈ ভোগ লগাঃ ডায়েবেটিছৰ আন এটা লক্ষণ হ’ল অত্যধিক ভোক। কম বয়সতে অধিক ভোক অনুভৱ কৰাটো সাধাৰণ কথা, কিন্তু যদি আপুনি আন লক্ষণৰ সৈতে অধিক ভোক অনুভৱ কৰি আছে, তেন্তে চিকিৎসকৰ ওচৰলৈ যোৱাত একেবাৰেই পলম নকৰিব।

৫) বাৰে বাৰে সংক্ৰমিত হোৱাঃ বাৰে বাৰে সংক্ৰমিত হোৱাটো ডায়েবেটিছৰ আন এক প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। তেজত ছুগাৰৰ মাত্ৰা বৃদ্ধি হোৱাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতাই সঠিকভাৱে কাম কৰিব নোৱাৰে, যাৰ বাবে বাৰে বাৰে সংক্ৰমণ হ’ব পাৰে। কৈশোৰ কালত যদি শৰীৰৰ কোনো অংশত সঘনাই সংক্ৰমণ হয়, তেন্তে বুজিব যে আপোনাৰ ডায়েবেটিছ আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু