--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : নিৰ্বাচনী প্ৰচাৰৰ পূৰ্বে আজি খানাপাৰাত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত ‘বিজেপি অপ্ৰতিৰোধ্য’- বুলি মন্তব্য কৰে। ‘আমাৰ সন্মুখত কোনো প্ৰতিদ্বন্দী নাই’- বুলিও মন্ত্ৰী শৰ্মাই কয়৷ দিছপুৰ সমষ্টিৰ পৰা বিজেপিৰ টিকট প্ৰদানক লৈ অসন্তুষ্টি প্ৰকাশ কৰা জয়ন্ত দাসক লৈ কয়- ‘জয়ন্ত দাস যোগ্য প্ৰাৰ্থী আছিল। কিন্তু দলীয় টিকট এজনকহে দিবলগীয়া হোৱাত দলে জ্যেষ্ঠ আৰু অভিজ্ঞ হিচাপে অতুল বৰাক দিয়া হৈছে। মোৰ বিশ্বাস জয়ন্ত দাসে নিৰ্দলীয় নেখেলে আৰু দল ত্যাগ নকৰে।’

আৰু পঢ়িব পাৰিব : হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা লম্পট স্বামীৰ

ইয়াৰ উপৰি দিনে-নিশাই অহৰহ নিৰ্বাচনী প্ৰচাৰ কিদৰে কৰিব পাৰি সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ সমিধান দিলে হিমন্তই। তেওঁ কয়, ‘কমকৈ খাব লাগে, নিয়মিত ভিটামিন ল’ব লাগে। ক’ভিডৰ সময়ত লোৱা ভিটামিন এতিয়াও লৈ আছো। অৱশ্যে চিকিৎসকৰ কোনো পৰামৰ্শ লোৱা নাই৷’

আৰু পঢ়িব পাৰিব : বৰ্ণ বৈষম্য : ৰশ্মি সামন্তৰ প্ৰসংগত ৰাজ্যসভাত সৰৱ চৰ্চা

আনহাতে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২০১৬ বৰ্ষতকৈ ৪,৫খন আসনৰ বাবে চেষ্টা চলাই আছে বুলি জানিবলৈ দিয়ে। ডুমডুমা, নাজিৰা, শিৱসাগৰ, তিতাবৰ, গোলাঘাট, মৰিয়নিৰ দৰে সমষ্টি বিজেপিৰ দখললৈ অনাৰ চেষ্টা কৰিছে। ইয়াৰ উপৰি শিৱসাগৰ সমষ্টিত কংগ্ৰেছৰে দুটা ফৈয়দ হৈ আছে বুলি মত প্ৰকাশ কৰে। এটা ফৈদে অখিল গগৈক সমৰ্থন কৰে, আনটোৱে কংগ্ৰেছৰ প্ৰাৰ্থীক সমৰ্থন কৰে, কংগ্ৰেছৰ এই অন্তঃকন্দলৰ মাজত বিজেপি জয়ী হৈ ওলাব বুলি আশা প্ৰকাশ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ