--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চকু শুকান হোৱাৰ সমস্যাই আজিকালি যুৱক-যুৱতীসকলৰ মাজত বেছিকৈ হোৱা দেখা যায়। ইয়াৰ মূল কাৰণ হ’ল-অত্যধিক স্ক্ৰীণ এক্সপ’জাৰ। যেতিয়া যুৱক-যুৱতীসকল কম্পিউটাৰ, লেপটপ, টিভি, মোবাইল আদি গেজেটত দীৰ্ঘ সময় ধৰি সক্ৰিয় হৈ থকাৰ ফলত এই সমস্যা হোৱা দেখা যায়।

 চকু শুকান হোৱাৰ সমস্যাৰ পৰা আৰম্ভ হয় কম্পিউটাৰ ভিজন চিনড্ৰম। স্ক্ৰীণত কাম কৰাৰ সময়ত চকুৰ পতা কমকৈ টিপটিপোৱাৰ বাবে চকুত এই সমস্যা বেছিকৈ হয় (Less Eye Wink Up)। কাৰণ চকুৰ পতা কমকৈ টিপটিপোৱাৰ বাবে চকুৰ তেলগ্ৰন্থিবোৰে কাম কৰা বন্ধ কৰি দিয়ে। এইবোৰ গ্ৰন্থিয়ে চকুত আৰ্দ্ৰতা ধৰি ৰখাৰ কাম কৰে, কিন্তু চকুৰ পতা কমকৈ টিপটিপিয়ালে এই গ্ৰন্থিবোৰৰ কামৰ প্ৰক্ৰিয়া বিঘ্নিত হৈ চকুত শুকান হ’বলৈ ধৰে।

 ১. কম্পিউটাৰ ভিজন চিনড্ৰম কি?

শুকান হোৱাৰ ফলত চকুত এই ধৰণৰ অনুভূতি নিৰন্তৰ হৈ থাকে। যেনে-চকুত ধূলিৰ কণাৰ ফলত সকলো সময়তে খজুৱতি অনুভৱ হয়। লগতে অত্যধিক শুকান হোৱাৰ বাবে চকুত খজুৱতি হোৱাৰ ফলত দৃষ্টিশক্তিৰো  সমস্যা বৃদ্ধি পাবলৈ ধৰে।

 ২. মহিলাৰ ক্ষেত্ৰত এই সমস্যা আগতীয়াকৈ দেখা দিয়ে-

কম্পিউটাৰ ভিজন চিনড্ৰমৰ সমস্যা মহিলা আৰু পুৰুষ উভয়ৰে দেখা দিয়ে যদিও পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত এই সমস্যা বেছি সোনকালে দেখা দিয়ে। ইয়াৰ কাৰণবোৰ হ’ল-থাইৰয়ড, হৰম’নৰ পৰিৱৰ্তন আৰু কনটেক্ট লেন্সৰ ব্যৱহাৰ।

 ৩. কম্পিউটাৰ ভিজন চিনড্ৰমৰ চিকিৎসা কি?

* চকুত খজুৱতি হ’লে খজোৱাৰ পৰিৱৰ্তে সময়ে সময়ে ঠাণ্ডা পানীৰে চকু ধুব লাগে।

* মাজে মাজে বিৰতি লওক আৰু চকু টিপিয়াবলৈ নাপাহৰিব

* মনত ৰখা দৰকাৰ যে ই একপ্ৰকাৰৰ এলাৰ্জী, যিটো চিকিৎসা হ’লেও নিৰাময়যোগ্য নহয়। গতিকে এই সমস্যাৰ কাৰণবোৰ এৰাই চলিলেই সমাধান কিছু পৰিমাণে কম হ’ব।

* এই সমস্যাৰ নিৰাময়ৰ বাবে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ