--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী দেশৰ ভিতৰতে আটাইতকৈ প্ৰভাৱশালী ব্যক্তি৷চাৰিওপিনে ডাঙৰ গাড়ী, বিশাল বাসগৃহ,সেনাবাহিনীৰ নিঃছিদ্ৰ নিৰাপত্তা আৰু সৰ্বোপৰি এক বিলিয়নতকৈ অধিক মানুহৰ জীৱন গঢ় দিয়াৰ ক্ষমতা। কিন্তু, নাই কোনো ছুটী৷

এটা আৰ টি আইৰ মতে, যোৱা ৯বছৰ ধৰি মোদীয়ে নিজৰ কাৰ্যকালত এদিনো ছুটীও লোৱা নাই।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ কাৰ্যকালৰ ৯বছৰত এদিনো ছুটী লোৱা নাই আৰু তেওঁৰ পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলেও একে কাম কৰিছিল নে নাই সেই তথ্য পিএমঅ’ই নাজানে৷কাৰিকৰীভাৱে ভাৰতৰ প্ৰধানমন্ত্ৰী কেতিয়াও ছুটীত থাকিব নোৱাৰে।চৰকাৰী কৰ্মচাৰীৰ দৰে প্ৰধানমন্ত্ৰীৰ বাবে ছুটীৰ নিয়ম আছে নেকি বুলি সোধাত চৰকাৰে এনে কোনো নিয়ম নাই বুলি উল্লেখ কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰীক সকলো সময়তে কৰ্তব্যত থকা বুলি ক’ব পাৰি বুলি কয় পিএমঅ’ই উল্লেখ কৰে৷

প্ৰাক্তন কেবিনেট সচিব নৰেশ চন্দ্ৰই কয় যে প্ৰধানমন্ত্ৰী বা মন্ত্ৰীসকলক ছুটীত থকাৰ কোনো ব্যৱস্থা নাই। কোনো ছুটীৰ আবেদন কেতিয়াও প্ৰেৰণ কৰা হোৱা নাছিল।কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে ছুটী লোৱা নাই।চন্দ্ৰই স্মৰণ কৰি কয় যে ৰাজীৱ গান্ধীয়ে ১৯৮৬ চনত ৰাজস্থানৰ ৰন্থামবৌৰ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি প্ৰথম ছুটী লৈছিল।অটল বিহাৰী বাজপেয়ীয়েও ডিচেম্বৰ মাহত বাৰ্ষিক ছুটী লৈছিল৷যেতিয়া প্ৰধানমন্ত্ৰী উপস্থিত নাথাকে তাৎক্ষণিক সিদ্ধান্ত ল’বলৈ, তেতিয়া কেবিনেট সচিবৰ ওচৰত কেবিনেট সচিবৰ ওচৰত কেবিনেটৰ এজন জ্যেষ্ঠ মন্ত্ৰীক কেবিনেট বৈঠকৰ সভাপতিত্বৰ বাবে মনোনীত কৰি এখন টোকা এৰি দিয়াটো জৰুৰী।

গতিকে ২০০৯ চনৰ আৰম্ভণিতে যেতিয়া মনমোহন সিঙৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল তেতিয়া তেওঁ প্ৰণৱ মুখাৰ্জীৰ নাম লৈছিল।বৰ্তমান চৰকাৰত যেতিয়া মোদী বহিঃৰাজ্যত থাকে তেতিয়া গৃহমন্ত্ৰী ৰাজনাথ সিঙে কেবিনেট বৈঠকৰ অধ্যক্ষতা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক