--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক দুৰ্যোধন আৰু দুঃশাসন আখ্যা দিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। নিৰ্বাচনী ৰাজনীতিয়ে উত্তাল কৰি ৰখা ৰাজ্যখনত শাসকীয় তৃণমূল কংগ্ৰেছ দলক সন্মুখৰ পৰা নেতৃত্ব দি থকা মমতা বেনাৰ্জীয়ে এখন নিৰ্বাচনী সভাত মোদী-শ্বাহক তীব্ৰ সমালোচনা কৰে।

আৰু পঢ়িব পাৰিব :ক’ভিডৰ ভয়াৱহতাৰ বাবে ৰাজহুৱা সমাৱেশৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাৰি

তৃণমূলৰ পৰা গৈ বিজেপিত যোগ দিয়া আৰু নন্দীগ্ৰামত মমতাৰ প্ৰতিদ্বন্দ্বীৰ ৰূপত অৱতীৰ্ণ হোৱা শুভেন্দু অধিকাৰীক ‘মীৰ জাফৰ’ বুলি সম্বোধন কৰি মমতাই কয়, ‘বিজেপিক বিদায় দিয়ক, আমি বিজেপিক নিবিচাৰোঁ। আমি মোদীৰ মুখ চাব নিবিচাৰোঁ। আমি সাম্প্ৰদায়িক সংঘৰ্ষ নিবিচাৰোঁ, লুণ্ঠনকাৰী, দুৰ্যোধন, দুশাসনক নিবিচাৰোঁ…মীৰ জাফৰ।’ পূব মৈদানপুৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মমতাই এই মন্তব্য কৰে।

আৰু পঢ়িব পাৰিব :সেনাৰ সন্ত্ৰাস অব্যাহত, পুনৰ ৮জনক গুলীয়াই হত্যা

তেওঁ লগতে কয়, ২৭ মাৰ্চত খেলা হ’ব আৰু বিজেপিক ‘আউট’ কৰি পেলোৱা হ’ব। ইফালে, বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে মমতাক সমালোচনা কৰি পুৰুলিয়াত তৃণমূলৰ নিৰ্বাচনী শ্লোগান ‘খেলা হবে’ ব্যৱহাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মমতাই মোদীক ‘নকলজীৱী’ আখ্যা দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ