--°C
Loading...
Listen to Article
2 min read
80%

জেনেভা : আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞক ক’ৰ’না ভাইৰাছৰ মূল উৎসৰ বিষয়ে অনুসন্ধানত বাধা জন্মাইছে চীনে। দেশখনৰ উহান প্ৰদেশৰ পৰাই ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ সমগ্ৰ বিশ্বজুৰি বিয়পি পৰা বুলি ধাৰণা কৰা হয়। এই উৎসৰ বিষয়ে অনুসন্ধানৰ বাবে দেশখনলৈ যাব বিচৰা বিশেষজ্ঞৰ দলক এতিয়াও চীনত প্ৰৱেশৰ অনুমতি দিয়া নাই দেশখনে। ইয়াৰে লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ আডানম ঘেব্ৰিয়াছাছে।

আৰু পঢ়িব পাৰিব : নাকচ জামিন : কাৰাগাৰতে থাকিব লাগিব অখিল গগৈ!

চীনৰ এই বাধাক ‘অতি নিৰাশাজনক’ আখ্যা দিয়ে সংস্থাৰ মুৰব্বীজনে। জানুৱাৰীৰ প্ৰথম ভাগতে ক’ৰ’নাৰ প্ৰথম পৰ্যায়ৰ সংক্ৰমণৰ বিষয়ে অনুসন্ধান কৰাৰ বাবে বিশেষজ্ঞৰ দলে সাজু হৈছিল যদিও চীনৰ অসহযোগৰ বাবে এই কাম সম্ভৱ হোৱা নাই। চীনৰ উহান প্ৰদেশতে যিহেতু প্ৰথম ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছিল সেয়েহে ইয়াৰ উৎপত্তিৰ বাবে জানিবলৈ দেশখনত অনুসন্ধান চলোৱাটো জৰুৰী বুলি বিবেচনা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

আৰু পঢ়িব পাৰিব : স্কুলীয়া ছাত্ৰীক ৰাজপথতে আক্ৰমণ মাতাল যুৱকৰ

কিন্তু চীনৰ অসহযোগিতাৰ বিষয়ে প্ৰকাশ কৰি ‘হু’ৰ মুৰব্বীগৰাকীয়ে কয় যে, ‘আজি আমি অৱগত হৈছোঁ যে, চীনৰ প্ৰশাসনে বিশেষজ্ঞৰ দলক দেশখনত প্ৰৱেশৰ বাবে প্ৰয়োজন হোৱা অনুমতি এতিয়ালৈ প্ৰদান কৰা নাই। জেনেভাত এখন অনলাইন সংবাদমেল সম্বোধন কৰি তেওঁ লগতে কয় যে, ‘আমি এই বিষয়ে চীনৰ শীৰ্ষ পৰ্যায়ৰ প্ৰশাসনীয় প্ৰতিনিধিৰ সৈতে কথা পাতিছোঁ আৰু এই কথা পুনৰ স্পষ্ট কৰি দিব বিচাৰিছোঁ যে, এই অভিযান ‘হু’ৰ বাবে অগ্ৰাধিকাৰৰ এক বিষয়।’ উল্লেখ্য যে, এই অভিযানক ‘হু’ৰ শীৰ্ষ বিশেষজ্ঞ পীটাৰ এমবাৰেকে নেতৃত্ব দিয়াৰ কথা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ