--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণ অধিক বৃদ্ধি হ’ল। একপ্ৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ হাতৰ পুতলাত পৰিণত হ’ল দিল্লীৰ নিৰ্বাচিত চৰকাৰ। এখন সংশোধিত বিতৰ্কিত আইনৰ জৰিয়তে দিল্লীৰ চৰকাৰক একপ্ৰকাৰ লেকাম লগোৱাৰ ব্যৱস্থা কৰিলে কেন্দ্ৰই। কোভিড সংক্ৰমণৰ ভয়াৱহতাৰ সৈতে যুঁজ কৰি থকা দিল্লীত নতুন লেফটেনেণ্ট গৱৰ্নৰ অৰ্থাৎ উপৰাজ্যপাল নিযুক্তি দিয়াৰ পাছতে কেজৰিৱাল চৰকাৰৰ ক্ষমতা সংকুচিত হৈ পৰিল।

আৰু পঢ়িব পাৰিব : মহাৰাষ্ট্ৰৰ হাস্পতালত জুই, চাৰিজন ৰোগী নিহত

এই সংশোধিত আইন অনুসৰি ‘দিল্লী চৰকাৰ’ বুলিলে এতিয়াৰ পৰা ‘দিল্লীৰ উপৰাজ্যপাল’ক বুজাব। উপৰাজ্যপালগৰাকী হৈছে কেন্দ্ৰৰ প্ৰতিনিধি। কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ে জাৰি কৰা অধিসূচনা অনুসৰি ২৭ এপ্ৰিলৰ পৰা দিল্লীত এই নতুন নীতি জাৰি হৈছে। এতিয়াৰে পৰা দিল্লী চৰকাৰে কোনো ‘এগজিকিউটিভ একচন’ গ্ৰহণৰ পূৰ্বে উপ-ৰাজ্যপালৰ অনুমোদন ল’ব লাগিব। উল্লেখ্য যে, দুয়োখন সদনতে বিৰোধীৰ প্ৰবল প্ৰতিবাদৰ মাজতে এই বিতৰ্কিত আইনৰ সংশোধন ঘটোৱা হৈছিল।

আৰু পঢ়িব পাৰিব : ভূমিকম্প : মুখ্যমন্ত্ৰীলৈ ফোন উদ্বিগ্ন প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই আইনৰ সংশোধনী গৃহীত হোৱাৰ দিনটোক ‘ভাৰতৰ গণতন্ত্ৰৰ বাবে দুখৰ দিন’ আখ্যা দিছিল। তেওঁ এই আইন বলৱৎ কৰাটো দিল্লীৰ জনগণৰ বাবে অপমান বুলিও অভিহিত কৰিছিল। উল্লেখ্য যে, দিল্লীৰ উপ-ৰাজ্যপালৰ পদত এতিয়া নিযুক্ত হৈছে লেফটেণ্ট জেনেৰেল অনিল বাইজাল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ