--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে, সিমানে আকৰ্ষণীয় হৈ পৰিছে কৰ্ণাটকৰ ৰাজনৈতিক প্ৰেক্ষাপট৷ বিজেপিক প্ৰতিহত কৰিবলৈ কংগ্ৰেছক চিপিআই-এ সমৰ্থন আগবঢ়াইছে৷ 

কংগ্ৰেছৰে নিৰ্বাচনী মিত্ৰতাত আবদ্ধ হৈছে চিপিআই৷ কংগ্ৰেছ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে (চিপিআই) দেওবাৰে ১০ মে’ত অনুষ্ঠিত হ’বলগীয়া কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে দল দুটাৰ মিত্ৰতা ঘোষণা কৰে। দুয়োটা দলৰ মাজত হোৱা বুজাবুজি অনুসৰি, চিপিআই কেডাৰে ৰাজ্যখনৰ ২২৪টা সমষ্টিৰ ২১৫টাত কংগ্ৰেছ প্ৰাৰ্থীসকলক সমৰ্থন কৰিব। 

যদিও মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ আছিল ২০ এপ্ৰিল, মনোনয়ন পত্ৰসমূহ ২১ এপ্ৰিলত পৰীক্ষা কৰা হৈছিল, আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ২৪ এপ্ৰিল।

কংগ্ৰেছ দলৰ কৰ্ণাটকৰ ভাৰপ্ৰাপ্ত তত্বাৱধায়ক ৰণদীপ সুৰজেৱালাৰ মতে, সাতটা সমষ্টিত দুয়োটা মিত্ৰদলৰ মাজত ‘বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা’ হ’ব, কিয়নো চিপিআইয়ে ইতিমধ্যে সেই সমষ্টিসমূহত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। সূৰজেৱালাই কয়, চিপিআইয়ে ৭গৰাকী প্ৰাৰ্থীক নিৰ্বাচনী যুঁজৰ বাবে আগবঢ়াই দিছে আৰু তেওঁলোকে অধিক প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ গৈ আছিল। 

কিন্তু মই আৰু আমাৰ দলৰ নেতৃত্বই চিপিআইৰ ৰাজ্যিক নেতৃত্ব আৰু ৰাষ্ট্ৰীয় নেতৃত্বৰ ওচৰলৈ গৈছিলোঁ আৰু তেওঁলোকে সন্মত হৈছে যে ৭খন আসনত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হ’ব কিন্তু বাকী থকা ২১৫খন আসনত সমগ্ৰ চিপিআই কেডাৰে বিজেপিৰ বিৰুদ্ধে এই যুঁজত কংগ্ৰেছ প্ৰাৰ্থীসকলক সম্পূৰ্ণ হৃদয়েৰে সমৰ্থন কৰিব৷ 

ইফালে, কৰ্ণাটক বিধানসভা নিৰ্বাচনত শাসকীয় বিজেপিৰ বিৰুদ্ধে যুঁজত কংগ্ৰেছক সমৰ্থন জনাই চিপিআইয়ে কয় যে সাতখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ উপৰি দলটোৱে বাগেপল্লী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা চিপিআই(এম) প্ৰাৰ্থী আৰু মেলকোট সমষ্টিৰ সৰ্বোদয় কৰ্ণাটক পাৰ্টিৰ প্ৰাৰ্থীক সমৰ্থন আগবঢ়াইছে। কৰ্ণাটক বিধানসভা নিৰ্বাচন ১০ মে’ত অনুষ্ঠিত হ’ব আৰু ফলাফল ১৩ মে’ত ঘোষণা কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ