--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনী প্ৰতিশ্ৰুতি মতে কথা ৰাখিলে কংগ্ৰেছে৷কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই কয় যে নিৰ্বাচনৰ সময়ত আৰু পূৰ্বে কংগ্ৰেছে দিয়া পাঁচটা প্ৰতিশ্ৰুতি (৫টা নিশ্চয়তা) এই বিত্তীয় বৰ্ষত কাৰ্যকৰী হ’ব। তেওঁ কয়, ‘আজি আমাৰ কেবিনেট বৈঠক হৈছিল। ৫ টা প্ৰতিশ্ৰুতিৰ সকলোবোৰৰ ওপৰত গভীৰভাৱে আলোচনা কৰিলোঁ। আমি সিদ্ধান্ত লৈছো যে চলিত বিত্তীয় বৰ্ষত পাঁচোটা নিশ্চয়তা কাৰ্যকৰী কৰা হ’ব।'

মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই কয় যে, ‘আমাৰ সভাপতি ডি কে শিৱকুমাৰ আৰু মই নিশ্চয়তা কাৰ্ডত স্বাক্ষৰ কৰি প্ৰতিশ্ৰুতি দিলোঁ যে আমি সকলো প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰি ৰাইজৰ মাজলৈ যোৱাটো নিশ্চিত কৰিম। আমি গেৰাণ্টী কাৰ্ডো বিতৰণ কৰিলোঁ।'

মুখ্যমন্ত্ৰীয়ে কয় যে, "১ জুলাইৰ পৰা (প্ৰায় ২০০ ইউনিট বিনামূলীয়া বিদ্যুতৰ নিশ্চয়তা) ৰূপায়ণ আৰম্ভ হ'ব। ২০০ ইউনিট বিদ্যুৎ বিনামূলীয়া হ’ব। যিসকল গ্ৰাহকে জুলাই মাহলৈকে বিল পৰিশোধ কৰা নাই, তেওঁলোকে ধন দিব লাগিব।"

ছিদ্দাৰামায়াই কয় যে, "অন্ন ভাগ্য যোজনাৰ অধীনত ১ জুলাইৰ পৰা সকলো বিপিএল পৰিয়াল, অন্ত্যোদয় কাৰ্ডধাৰীক ১০ কেজি খাদ্য শস্য বিনামূলীয়াকৈ দিয়া হ'ব।"অহা ১৫ আগষ্টৰ পৰা সাহায্য আৰম্ভ হ'ব কোনো জাতি বা ধৰ্মৰ বৈষম্য নোহোৱাকৈ পাঁচটা নিশ্চয়তা ফলপ্ৰসূ কৰিব৷

কংগ্ৰেছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই পাঁচটা প্ৰতিশ্ৰুতি দিছিল-
১/প্ৰতিঘৰলৈ ২০০ ইউনিট বিনামূলীয়া বিদ্যুৎ (গৃহ জ্যোতি যোজনা)
২/প্ৰতিটো পৰিয়ালৰ মহিলা মুৰব্বীলৈ দুহাজাৰ টকাৰ মাহিলী সাহায্য (গৃহ লক্ষ্মী যোজনা)
৩/দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালৰ প্ৰতিজন সদস্যলৈ প্ৰতিমাহে ১০ কেজি বিনামূলীয়া চাউল (অন্ন ভাগ্য যোজনা)
৪/নিবনুৱা স্নাতকক প্ৰতিমাহে ৩০০০ টকা আৰু ডিপ্লমাধাৰী (যুৱ নিধি যোজনা)ক দুবছৰৰ বাবে ১৫০০ টকা।
৫/ৰাজহুৱা বাছত মহিলাসকলৰ বাবে বিনামূলীয়া ভ্ৰমণৰ সুবিধা (শক্তি যোজনা) উল্লেখ আছে।















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে