--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনী প্ৰতিশ্ৰুতি মতে কথা ৰাখিলে কংগ্ৰেছে৷কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই কয় যে নিৰ্বাচনৰ সময়ত আৰু পূৰ্বে কংগ্ৰেছে দিয়া পাঁচটা প্ৰতিশ্ৰুতি (৫টা নিশ্চয়তা) এই বিত্তীয় বৰ্ষত কাৰ্যকৰী হ’ব। তেওঁ কয়, ‘আজি আমাৰ কেবিনেট বৈঠক হৈছিল। ৫ টা প্ৰতিশ্ৰুতিৰ সকলোবোৰৰ ওপৰত গভীৰভাৱে আলোচনা কৰিলোঁ। আমি সিদ্ধান্ত লৈছো যে চলিত বিত্তীয় বৰ্ষত পাঁচোটা নিশ্চয়তা কাৰ্যকৰী কৰা হ’ব।'

মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই কয় যে, ‘আমাৰ সভাপতি ডি কে শিৱকুমাৰ আৰু মই নিশ্চয়তা কাৰ্ডত স্বাক্ষৰ কৰি প্ৰতিশ্ৰুতি দিলোঁ যে আমি সকলো প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰি ৰাইজৰ মাজলৈ যোৱাটো নিশ্চিত কৰিম। আমি গেৰাণ্টী কাৰ্ডো বিতৰণ কৰিলোঁ।'

মুখ্যমন্ত্ৰীয়ে কয় যে, "১ জুলাইৰ পৰা (প্ৰায় ২০০ ইউনিট বিনামূলীয়া বিদ্যুতৰ নিশ্চয়তা) ৰূপায়ণ আৰম্ভ হ'ব। ২০০ ইউনিট বিদ্যুৎ বিনামূলীয়া হ’ব। যিসকল গ্ৰাহকে জুলাই মাহলৈকে বিল পৰিশোধ কৰা নাই, তেওঁলোকে ধন দিব লাগিব।"

ছিদ্দাৰামায়াই কয় যে, "অন্ন ভাগ্য যোজনাৰ অধীনত ১ জুলাইৰ পৰা সকলো বিপিএল পৰিয়াল, অন্ত্যোদয় কাৰ্ডধাৰীক ১০ কেজি খাদ্য শস্য বিনামূলীয়াকৈ দিয়া হ'ব।"অহা ১৫ আগষ্টৰ পৰা সাহায্য আৰম্ভ হ'ব কোনো জাতি বা ধৰ্মৰ বৈষম্য নোহোৱাকৈ পাঁচটা নিশ্চয়তা ফলপ্ৰসূ কৰিব৷

কংগ্ৰেছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই পাঁচটা প্ৰতিশ্ৰুতি দিছিল-
১/প্ৰতিঘৰলৈ ২০০ ইউনিট বিনামূলীয়া বিদ্যুৎ (গৃহ জ্যোতি যোজনা)
২/প্ৰতিটো পৰিয়ালৰ মহিলা মুৰব্বীলৈ দুহাজাৰ টকাৰ মাহিলী সাহায্য (গৃহ লক্ষ্মী যোজনা)
৩/দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালৰ প্ৰতিজন সদস্যলৈ প্ৰতিমাহে ১০ কেজি বিনামূলীয়া চাউল (অন্ন ভাগ্য যোজনা)
৪/নিবনুৱা স্নাতকক প্ৰতিমাহে ৩০০০ টকা আৰু ডিপ্লমাধাৰী (যুৱ নিধি যোজনা)ক দুবছৰৰ বাবে ১৫০০ টকা।
৫/ৰাজহুৱা বাছত মহিলাসকলৰ বাবে বিনামূলীয়া ভ্ৰমণৰ সুবিধা (শক্তি যোজনা) উল্লেখ আছে।















FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু