--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কণী বহুতৰে প্ৰিয় খাদ্য।  কণীৰ পুষ্টিগত মূঅনেক। ওজন নিয়ন্ত্ৰণৰ পৰা শৰীৰত প্ৰয়োজনীয় প্ৰ'টিন যোগান ধৰালৈকে - কণীয়ে সকলো প্ৰয়োজনীয় অভাৱ পূৰ কৰে। প্ৰ'টিনৰ উপৰি কণীত ভিটামিন ৬, ভিটামিন ১২, ফলিক এচিড, পটাছিয়াম, মেগনেছিয়াম, ছডিয়াম, থিয়ামিন, লো, জিংক, ভিটামিন ডি আৰু আন বহুতো অত্যাৱশ্যকীয় উপাদান থাকে। 

যিবোৰ উপাদানে শৰীৰৰ বিভিন্ন  জটিলতা দূৰ কৰাত সহায় কৰিব পাৰে।
কণী নিশ্চিতভাৱে স্বাস্থ্যকৰ। কিন্তু বহুত বেছি  কণী সঁচাকৈয়ে এদিনত খাব পাৰিনে? দিনত কিমানটা কণী খোৱাৰ ফলত শৰীৰৰ কোনো ক্ষতি নহ'ব? এই প্ৰশ্নবোৰৰ কিছুমানৰ উত্তৰ পুষ্টিবিদসকলে উল্লেখ কৰি আহিছে।

পুষ্টিবিদসকলৰ মতে সপ্তাহত তিনি বা চাৰিটাতকৈ অধিক কণী নোখোৱাই ভাল। ইয়াৰ কাৰণ হৈছে কণীত থকা  'এভিডিন' নামৰ গ্লাইকোপ্ৰ'টিনে শৰীৰৰ ভিতৰত বায়োটিন শোষণ কৰাত বাধা দিয়ে। বায়োটিন হৈছে শৰীৰৰ এটা অতি প্ৰয়োজনীয় উপাদান। ই চুলি ভালে ৰখাত আৰু ছাল-নখ গঠন কৰাত সহায় কৰে। যদি বায়োটিনৰ অভাৱ অত্যাধিক হয় ই মস্তিষ্কৰ কাৰ্যক্ষমতাও প্ৰভাৱাম্বিত কৰিব পাৰে।


 বায়োটিন হৈছে এক পানীত দ্ৰৱণীয় ভিটামিন আৰু সহজে শৰীৰৰ পৰা ওলাই আহিব পাৰে। কিন্তু যিহেতু কণীৰ বগা অংশই এই বায়োটিন শোষণ প্ৰতিহত কৰে সেয়ে  কণী খোৱা নিয়ন্ত্ৰণ কৰা ভাল।
যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে তেওঁলোকৰ বাবে আটাইতকৈ প্ৰিয় আহাৰ হ’ব পাৰে  'সিজোৱা কণী'। পুষ্টিবিদসকলৰ মতে  যিসকলে প্ৰতিদিনে যথেষ্ট শাৰীৰিক ব্যায়াম বা শাৰীৰিক কাম নকৰে তেওঁলোকেও একেলগে বহু বেছি  কণী খোৱাটো উচিত নহয়।


স্বাস্থ্যৱান লোকসকলে দিনত সৰ্বাধিক এটাতকৈ অধিক কণী  খাব নালাগে। পাৰিলে সপ্তাহত চাৰিটা কণী খোৱাটো ভাল। কণীৰ লগতে আমিষ আহাৰ খোৱাসকলে মাছ-মাংস আৰু পাচলিৰ পৰাও  প্ৰ'টিনৰ যোগান বৃদ্ধি কৰিব লাগে। নিৰামিষভোজীসকলে গাখীৰ, চয়াবিন, পনীৰ আদিৰ পৰাও প্ৰ’টিন পাব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ