--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানত দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলটৰ মাজত চলি থকা ৰাজনৈতিক যুদ্ধৰ অন্ত পেলাবলৈ প্ৰস্তুতি চলোৱা হৈছে। দলৰ হাইকমাণ্ডে এতিয়া ৰাষ্ট্ৰীয় নেতৃত্বত পাইলটক সক্ৰিয় কৰাৰ প্ৰস্তুতি চলাইছে। দৈনিক ভাস্কৰত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি মল্লিকাৰ্জুন খৰ্গেই শচীন পাইলটক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে।

শচীন পাইলটক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়াৰ পাছত এখন ডাঙৰ ৰাজ্যৰ প্ৰভাৰী দিয়াৰ সম্ভাৱনা আছে। ৰাজস্থানত পাইলটৰ প্ৰত্যক্ষ ভূমিকা নাথাকিব যদিও পাইলটৰ প্ৰভাৱ থকা আসনত প্ৰচাৰৰ বাবে তেওঁক দলে ব্যৱহাৰ কৰিব পাৰে। 

ৰাহুল গান্ধীকে ধৰি দলটোৰ আন আন নেতাসকলৰ মতে যুঁজৰ মাজতে সেনাপতি সলনি কৰিব নোৱাৰি। এনে পৰিস্থিতিত স্পষ্ট হৈ পৰিছে যে মধ্যপ্ৰদেশত অশোক গেহলটৰ নেতৃত্বত নিৰ্বাচন অনুষ্ঠিত হ’ব। কংগ্ৰেছ পক্ষৰ পৰা নিৰ্বাচনত কোনো মুখ নাথাকিলেও মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত অঘোষিতভাৱে কংগ্ৰেছৰ মুখ হ’ব গেহলট।

উল্লেখযোগ্য যে, ৰাজস্থানৰ নিৰ্বাচনত পাইলটৰ পোনপটীয়াকৈ কোনো দায়িত্ব নাথাকিব, কিন্তু টিকট বিতৰণৰ সময়ত তেওঁৰ মতামতক গুৰুত্ব দিয়া হ’ব। টিকট বিতৰণৰ সময়ত পাইলট সমৰ্থকক সালসলনি কৰা হ’ব।পাইলটৰ প্ৰভাৱ থকা আসনত তেওঁলোকৰ সন্মতি সাপেক্ষেহে টিকট দিয়া হ’ব। মধ্যপ্ৰদেশৰ ৪০ৰ পৰা ৪৫খন আসনত পাইলটৰ প্ৰভাৱ বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু