--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানত দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলটৰ মাজত চলি থকা ৰাজনৈতিক যুদ্ধৰ অন্ত পেলাবলৈ প্ৰস্তুতি চলোৱা হৈছে। দলৰ হাইকমাণ্ডে এতিয়া ৰাষ্ট্ৰীয় নেতৃত্বত পাইলটক সক্ৰিয় কৰাৰ প্ৰস্তুতি চলাইছে। দৈনিক ভাস্কৰত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি মল্লিকাৰ্জুন খৰ্গেই শচীন পাইলটক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে।

শচীন পাইলটক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়াৰ পাছত এখন ডাঙৰ ৰাজ্যৰ প্ৰভাৰী দিয়াৰ সম্ভাৱনা আছে। ৰাজস্থানত পাইলটৰ প্ৰত্যক্ষ ভূমিকা নাথাকিব যদিও পাইলটৰ প্ৰভাৱ থকা আসনত প্ৰচাৰৰ বাবে তেওঁক দলে ব্যৱহাৰ কৰিব পাৰে। 

ৰাহুল গান্ধীকে ধৰি দলটোৰ আন আন নেতাসকলৰ মতে যুঁজৰ মাজতে সেনাপতি সলনি কৰিব নোৱাৰি। এনে পৰিস্থিতিত স্পষ্ট হৈ পৰিছে যে মধ্যপ্ৰদেশত অশোক গেহলটৰ নেতৃত্বত নিৰ্বাচন অনুষ্ঠিত হ’ব। কংগ্ৰেছ পক্ষৰ পৰা নিৰ্বাচনত কোনো মুখ নাথাকিলেও মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত অঘোষিতভাৱে কংগ্ৰেছৰ মুখ হ’ব গেহলট।

উল্লেখযোগ্য যে, ৰাজস্থানৰ নিৰ্বাচনত পাইলটৰ পোনপটীয়াকৈ কোনো দায়িত্ব নাথাকিব, কিন্তু টিকট বিতৰণৰ সময়ত তেওঁৰ মতামতক গুৰুত্ব দিয়া হ’ব। টিকট বিতৰণৰ সময়ত পাইলট সমৰ্থকক সালসলনি কৰা হ’ব।পাইলটৰ প্ৰভাৱ থকা আসনত তেওঁলোকৰ সন্মতি সাপেক্ষেহে টিকট দিয়া হ’ব। মধ্যপ্ৰদেশৰ ৪০ৰ পৰা ৪৫খন আসনত পাইলটৰ প্ৰভাৱ বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ