--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা দেওবাৰে প্ৰধানমন্ত্ৰী মোডীৰ ‘মন কি বাত’ কাৰ্যসূচীৰ ১০০ সংখ্যক সংস্কৰণ সম্পূৰ্ণ হ’বলৈ সাজু হৈছে। আৰু তাৰ পূৰ্বেই এইবাৰ চীন আৰু আদানী সন্দৰ্ভত কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোডীক লক্ষ্য কৰি লৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনসংযোগ যন্ত্ৰই তেওঁৰ ‘মন কি বাত’ৰ ১০০ সংখ্যক খণ্ডৰ বাবে অতিৰিক্ত সময় কাম কৰি থকাৰ লগতে আদানী আৰু চীনৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত মৌন হৈ আছে।

উল্লেখযোগ্য যে, অহা দেওবাৰে প্ৰধানমন্ত্ৰী মোডীৰ ‘মন কি বাত’ কাৰ্যসূচীৰ ১০০ সংখ্যক সংস্কৰণ সম্পূৰ্ণ হ’বলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ সমৰ্থনেই এই কাৰ্যসূচী সফল কৰি তুলিলে।

একে সময়তে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে টুইটযোগে প্ৰধানমন্ত্ৰীৰ মন কি বাত কাৰ্যসূচীক লৈ এক বিশেষ মন্তব্য আগবঢ়াইছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ শক্তিশালী জনসংযোগ যন্ত্ৰই অহা ৩০ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ১০০ সংখ্যক ‘মন কি বাত’ৰ বাবে অতিৰিক্ত সময় কাম কৰি আছে। কিন্তু গুৰুত্বপূৰ্ণ বিষয়ত নিমাত। আদানী, চীন আৰু সত্যপাল মালিকৰ সৈতে জড়িত প্ৰকাশৰ দৰে বিষয়ত মৌনতা অৱলম্বন কৰিছে।

প্ৰতি মাহৰ অন্তিম দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কি বাত’ কাৰ্যসূচীত দেশৰ প্ৰায় ২৩ কোটি লোকে যোগদান কৰে। ৬৫ শতাংশ শ্ৰোতাই ইয়াক হিন্দী ভাষাতে শুনিবলৈ পছন্দ কৰে। শেহতীয়াকৈ এক সমীক্ষাত প্ৰকাশ পাইছে যে ১০০ কোটিৰো অধিক লোকে এবাৰ হ’লেও অনুষ্ঠানটো শুনিছে। আনহাতে ৪১ কোটি লোক এই অনুষ্ঠানটিৰ সাময়িক শ্ৰোতা। ইনষ্টিটিউট অৱ মেনেজমেণ্ট ৰোহটকৰ সমীক্ষাত প্ৰকাশ পাইছে এই পৰিসংখ্যা।

এই সমীক্ষাটোত প্ৰকাশ পোৱা আন এক তথ্য অনুসৰি অহা দেওবাৰে সম্প্ৰচাৰ হ’ব মন কি বাতৰ ১০০ সংখ্যক সংস্কৰণ। এই অনুষ্ঠানটি টেলিভিছন চেনেলত বেছিকৈ শুনা যায়। এই ক্ষেত্ৰত মোবাইল ফোন দ্বিতীয় স্থানত আছে। আনহাতে মুঠ দৰ্শকৰ ১৭.৬ শতাংশ ৰেডিঅ’ৰ শ্ৰোতা।

আই আই এম-ৰোহটকৰ পৰিচালক ধীৰাজ পি শৰ্মাই সোমবাৰে কয় যে মুঠ দৰ্শকৰ ৪৪.৭ শতাংশই টেলিভিছন চেটত উক্ত অনুষ্ঠানটি শুনে, আনহাতে ৩৭.৬ শতাংশই মোবাইল ফোনত শুনে। একে সময়তে প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে কয় যে ভাৰতীয় ২২টা ভাষা আৰু ২৯টা উপভাষাৰ উপৰিও ফৰাচী, চীনা, ইণ্ডোনেছিয়ান, তিব্বতী, বাৰ্মিজ, বালুচি, আৰবী, বাৰ্মিজ, বালুচি, আৰবী, আদি ১১টা ভাষাত ‘মন কি বাত’ উপলব্ধ। তেওঁ কয় যে অল ইণ্ডিয়া ৰেডিঅ’ৰ ৫০০ৰো অধিক কেন্দ্ৰই এই অনুষ্ঠান সম্প্ৰচাৰ কৰি আছে।

আই আই এম-ৰোহটকৰ ছাত্ৰ-ছাত্ৰীয়ে কৰা এই সমীক্ষাত উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম চাৰিটা অঞ্চল আৰু বিভিন্ন বয়সৰ ১০,০০৩ জন লোকৰ কাষ চাপিছিল, যাৰ অধিকাংশই স্বনিয়োজিত আৰু অনানুষ্ঠানিক খণ্ডৰ।
 
সমীক্ষাটোত দেখা গৈছে যে ১৮ শতাংশই ইংৰাজীত, চাৰি শতাংশই উৰ্দু ভাষাত আৰু দুশতাংশকৈ ডগৰি আৰু তামিল ভাষাত অনুষ্ঠানটো শুনিবলৈ পছন্দ কৰে। আন আন ভাষা যেনে মিজো, মেথিলি, অসমীয়া, কাশ্মীৰী, তেলেগু, ওদিয়া, গুজৰাটী আৰু বাংলা ভাষাত ৯ শতাংশ শ্ৰোতা আছে। চৰকাৰৰ কাম-কাজ আৰু দেশৰ অগ্ৰগতিৰ প্ৰতি ৭৩ শতাংশই আশাবাদী অনুভৱ কৰাৰ বিপৰীতে ৫৮ শতাংশই তেওঁলোকৰ জীৱন-যাপনৰ অৱস্থা উন্নত হোৱা বুলি কয়। কমেও ৫৯ শতাংশই কয় যে চৰকাৰৰ ওপৰত আস্থা বৃদ্ধি পাইছে।
 
চৰকাৰৰ প্ৰতি সাধাৰণ ধাৰণা এই কথাটোৰ পৰা অনুমান কৰিব পাৰি যে ৬৩ শতাংশই চৰকাৰৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগী ইতিবাচক হৈ পৰিছে বুলি কয় আৰু ৬০ শতাংশই জাতি গঠনৰ বাবে কাম কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। সমীক্ষাটোত দেখা গৈছে যে ‘মন কি বাত’ কাৰ্যসূচীৰ আটাইতকৈ জনপ্ৰিয় বিষয়সমূহ হৈছে ভাৰতৰ বৈজ্ঞানিক কৃতিত্ব, সাধাৰণ নাগৰিকৰ কাহিনী, সশস্ত্ৰ বাহিনীৰ সাহস, যুৱক-যুৱতী, পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সৈতে জড়িত বিষয়সমূহ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ