--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘কংগ্ৰেছ অবিহনে দেশে বাছি নাথাকে…।’ বোধোদয় ঘটিছে দেশৰ এগৰাকী বহুচৰ্চিত যুৱ নেতাৰ। দেশৰ মোদী তথা বিজেপিবিৰোধী শিবিৰৰ অন্যতম প্ৰধান হোতা এইগৰাকী যুৱনেতাই এইবাৰ কংগ্ৰেছৰ মাজতে নিজৰ তথা দেশৰ ৰাজনৈতিক ভৱিষ্যৎ দেখা পাইছে।
মঙলবাৰৰ দিনটোত দুটা খবৰ দেশৰ ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰিছিল। তাৰ ভিতৰত এটা আছিল পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰপৰা নৱজ্যোৎ সিং সিদ্ধুৰ আকস্মিক পদত্যাগ আৰু জেএনইউৰ প্ৰাক্তন ছাত্ৰনেতা তথা কমিউনিষ্ট পাৰ্টী অব ইণ্ডিয়াৰ কেন্দ্ৰীয় পৰ্যায়ৰ নেতা কানহায়া কুমাৰৰ কংগ্ৰেছত যোগদান।

সিদ্ধুৰ নাটকীয় পদত্যাগে কানহায়া কুমাৰৰ কংগ্ৰেছ গমনৰ চৰ্চাক ঢাকি ধৰিলে যদিও এয়াও দেশৰ ৰাজনীতিৰ বাবে এক গুৰুত্বপূৰ্ণ সংঘটন বিবেচিত হৈছে। বিগত সময়ছোৱাত মোদী বিৰোধী শিবিৰৰ অতি সক্ৰিয় আৰু সৰৱ নেতা হিচাপে বিবেচিত হৈ আহিছে কানহায়া কুমাৰ। দেশৰ যুৱ প্ৰজন্মৰ একাংশই নেতাগৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আহিছে। কানহায়াৰ কংগ্ৰেছ গমনক লৈ বিগত সময়ছোৱাত বিভিন্ন চৰ্চা চলি আহিছিল আৰু মঙলবাৰে শ্বহীদ ভগত সিঙৰ জন্মদিনৰ দিনটোত তেওঁ কংগ্ৰেছ গমনৰ পৰিকল্পনা সাকাৰ কৰি তুলিলে।

'এই দেশ কংগ্ৰেছ অবিহনে বাছি থাকিব নোৱাৰে।’

কংগ্ৰেছত যোগদানৰ পাছতে কানহায়াই মন্তব্য কৰে যে, ‘মই এইবাবেই কংগ্ৰেছত যোগদান কৰিলোঁ যে, কংগ্ৰেছ এটা দল নহয়, কংগ্ৰেছ হৈছে এটা ধাৰণা। কংগ্ৰেছ হৈছে দেশৰ সবাতোকৈ পুৰণি আৰু আটাইতকৈ গণতান্ত্ৰিক এটা দল। মই সদায় গণতান্ত্ৰিক প্ৰমূল্যৰ ওপৰত জোৰ দি আহিছোঁ। কেৱল ময়েই নহয়, বৰং বহুতেই ভাবে যে, এই দেশ কংগ্ৰেছ অবিহনে বাছি থাকিব নোৱাৰে।’ তেওঁ কংগ্ৰেছক এখন জাহাজৰ লগত তুলনা কৰি কয়, যদিহে এই জাহাজখন ৰক্ষা কৰা যায় তেন্তে বহু লোকৰ আকাংক্ষা, মহাত্মা গান্ধীৰ একতা, ভগত সিঙৰ সাহস আৰু বিআৰ আম্বেদকাৰৰ সমতাৰ ধাৰণাক ৰক্ষা কৰা সম্ভৱ হ’ব। সেইবাবেই মই কংগ্ৰেছত যোগদান কৰিলোঁ।


উল্লেখ্য যে, দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী তথা আন কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ উপস্থিতিত কংগ্ৰেছত চামিল হয় কানহায়া কুমাৰ। নতুন দিল্লীত থকা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত দলটোত যোগদানৰ পাছতে তেওঁ এখন সংবাদমেলত এই মন্তব্য কৰে। মন কৰিবলগীয়া যে, গুজৰাটৰ দলিত নেতা তথা বিধায়ক জিগনেছ মেৱানীয়েও কংগ্ৰেছত যোগদানৰ কথা আছিল যদিও তেওঁ দলটোলৈ সমৰ্থনহে ব্যক্ত কৰে, কংগ্ৰেছত যোগদানৰ পৰা বিৰত থাকে মেৱানী। ৰাহুল-প্ৰিয়ংকাৰ য়ুথ ব্ৰিগেডৰ পৰা ভালেমান শক্তিশালী যুৱ নেতাই আঁতৰি যোৱাৰ পাছত কানহায়া কুমাৰৰ যোগদান দলটোৰ বাবে উল্লেখযোগ্য সংযোজন বিবেচিত হৈছে। অৱশ্যে ‘আজাদী’ৰ নতুন মন্ত্ৰ আওৰোৱা কানহায়া কুমাৰে কংগ্ৰেছৰ চাৰিবেৰ তথা গান্ধী পৰিয়ালৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত থাকি তেওঁ কাংক্ষিত আজাদী লাভ কৰিব নে নাই সেইকথা সময়েহে ক’ব।


উল্লেখ্য যে, বিগত সময়ছোৱাত কানহায়াই ৰাহুল প্ৰিয়ংকাক সাক্ষাৎ কৰাক লৈ তেওঁৰ কংগ্ৰেছ গমনক লৈ চৰ্চা চলিছিল। প্ৰশান্ত ভূষণৰ পৰামৰ্শক্ৰমে কানহায়াৰ দৰে সক্ৰিয় তথা সৰৱ নেতাক দলটোলৈ ৰঙা দলিচা পাৰি দিয়া বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে। চিপিআইত ব্যৰ্থ হোৱাৰ পাছত কানহায়াই কংগ্ৰেছৰ মজিয়াৰ পৰা তেওঁ ৰাজনৈতিক জীৱনক গতি দিয়াৰ লগতে কংগ্ৰেছৰ অথিৰ খোজক থিৰতা দিব পাৰে নে নাই সেয়া লক্ষ্যণীয় হ’ব। জানিব পৰা মতে, যুৱ নেতাজনক গুজৰাট তথা উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পন কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক