--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘কংগ্ৰেছ অবিহনে দেশে বাছি নাথাকে…।’ বোধোদয় ঘটিছে দেশৰ এগৰাকী বহুচৰ্চিত যুৱ নেতাৰ। দেশৰ মোদী তথা বিজেপিবিৰোধী শিবিৰৰ অন্যতম প্ৰধান হোতা এইগৰাকী যুৱনেতাই এইবাৰ কংগ্ৰেছৰ মাজতে নিজৰ তথা দেশৰ ৰাজনৈতিক ভৱিষ্যৎ দেখা পাইছে।
মঙলবাৰৰ দিনটোত দুটা খবৰ দেশৰ ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰিছিল। তাৰ ভিতৰত এটা আছিল পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰপৰা নৱজ্যোৎ সিং সিদ্ধুৰ আকস্মিক পদত্যাগ আৰু জেএনইউৰ প্ৰাক্তন ছাত্ৰনেতা তথা কমিউনিষ্ট পাৰ্টী অব ইণ্ডিয়াৰ কেন্দ্ৰীয় পৰ্যায়ৰ নেতা কানহায়া কুমাৰৰ কংগ্ৰেছত যোগদান।

সিদ্ধুৰ নাটকীয় পদত্যাগে কানহায়া কুমাৰৰ কংগ্ৰেছ গমনৰ চৰ্চাক ঢাকি ধৰিলে যদিও এয়াও দেশৰ ৰাজনীতিৰ বাবে এক গুৰুত্বপূৰ্ণ সংঘটন বিবেচিত হৈছে। বিগত সময়ছোৱাত মোদী বিৰোধী শিবিৰৰ অতি সক্ৰিয় আৰু সৰৱ নেতা হিচাপে বিবেচিত হৈ আহিছে কানহায়া কুমাৰ। দেশৰ যুৱ প্ৰজন্মৰ একাংশই নেতাগৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আহিছে। কানহায়াৰ কংগ্ৰেছ গমনক লৈ বিগত সময়ছোৱাত বিভিন্ন চৰ্চা চলি আহিছিল আৰু মঙলবাৰে শ্বহীদ ভগত সিঙৰ জন্মদিনৰ দিনটোত তেওঁ কংগ্ৰেছ গমনৰ পৰিকল্পনা সাকাৰ কৰি তুলিলে।

'এই দেশ কংগ্ৰেছ অবিহনে বাছি থাকিব নোৱাৰে।’

কংগ্ৰেছত যোগদানৰ পাছতে কানহায়াই মন্তব্য কৰে যে, ‘মই এইবাবেই কংগ্ৰেছত যোগদান কৰিলোঁ যে, কংগ্ৰেছ এটা দল নহয়, কংগ্ৰেছ হৈছে এটা ধাৰণা। কংগ্ৰেছ হৈছে দেশৰ সবাতোকৈ পুৰণি আৰু আটাইতকৈ গণতান্ত্ৰিক এটা দল। মই সদায় গণতান্ত্ৰিক প্ৰমূল্যৰ ওপৰত জোৰ দি আহিছোঁ। কেৱল ময়েই নহয়, বৰং বহুতেই ভাবে যে, এই দেশ কংগ্ৰেছ অবিহনে বাছি থাকিব নোৱাৰে।’ তেওঁ কংগ্ৰেছক এখন জাহাজৰ লগত তুলনা কৰি কয়, যদিহে এই জাহাজখন ৰক্ষা কৰা যায় তেন্তে বহু লোকৰ আকাংক্ষা, মহাত্মা গান্ধীৰ একতা, ভগত সিঙৰ সাহস আৰু বিআৰ আম্বেদকাৰৰ সমতাৰ ধাৰণাক ৰক্ষা কৰা সম্ভৱ হ’ব। সেইবাবেই মই কংগ্ৰেছত যোগদান কৰিলোঁ।


উল্লেখ্য যে, দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী তথা আন কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ উপস্থিতিত কংগ্ৰেছত চামিল হয় কানহায়া কুমাৰ। নতুন দিল্লীত থকা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত দলটোত যোগদানৰ পাছতে তেওঁ এখন সংবাদমেলত এই মন্তব্য কৰে। মন কৰিবলগীয়া যে, গুজৰাটৰ দলিত নেতা তথা বিধায়ক জিগনেছ মেৱানীয়েও কংগ্ৰেছত যোগদানৰ কথা আছিল যদিও তেওঁ দলটোলৈ সমৰ্থনহে ব্যক্ত কৰে, কংগ্ৰেছত যোগদানৰ পৰা বিৰত থাকে মেৱানী। ৰাহুল-প্ৰিয়ংকাৰ য়ুথ ব্ৰিগেডৰ পৰা ভালেমান শক্তিশালী যুৱ নেতাই আঁতৰি যোৱাৰ পাছত কানহায়া কুমাৰৰ যোগদান দলটোৰ বাবে উল্লেখযোগ্য সংযোজন বিবেচিত হৈছে। অৱশ্যে ‘আজাদী’ৰ নতুন মন্ত্ৰ আওৰোৱা কানহায়া কুমাৰে কংগ্ৰেছৰ চাৰিবেৰ তথা গান্ধী পৰিয়ালৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত থাকি তেওঁ কাংক্ষিত আজাদী লাভ কৰিব নে নাই সেইকথা সময়েহে ক’ব।


উল্লেখ্য যে, বিগত সময়ছোৱাত কানহায়াই ৰাহুল প্ৰিয়ংকাক সাক্ষাৎ কৰাক লৈ তেওঁৰ কংগ্ৰেছ গমনক লৈ চৰ্চা চলিছিল। প্ৰশান্ত ভূষণৰ পৰামৰ্শক্ৰমে কানহায়াৰ দৰে সক্ৰিয় তথা সৰৱ নেতাক দলটোলৈ ৰঙা দলিচা পাৰি দিয়া বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে। চিপিআইত ব্যৰ্থ হোৱাৰ পাছত কানহায়াই কংগ্ৰেছৰ মজিয়াৰ পৰা তেওঁ ৰাজনৈতিক জীৱনক গতি দিয়াৰ লগতে কংগ্ৰেছৰ অথিৰ খোজক থিৰতা দিব পাৰে নে নাই সেয়া লক্ষ্যণীয় হ’ব। জানিব পৰা মতে, যুৱ নেতাজনক গুজৰাট তথা উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পন কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক