--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক’ভিড প্ৰতিষেধকৰ নাটনিক লৈ অভিযোগ উত্থাপন কৰি তীক্ষ্ণ প্ৰত্যুত্তৰৰ সন্মুখীন হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ক’ভিড প্ৰতিষেধকৰ নাটনি সম্পৰ্কে ৰাহুল গান্ধীয়ে কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে।

ৰাহুলে প্ৰতিষেধকৰ নাটনি হোৱাৰ অভিযোগ উত্থাপন কৰাৰ পাছত টুইটযোগে কংগ্ৰেছ নেতাগৰাকীক প্ৰত্যুত্তৰ দিছে ডাঃ হৰ্ষ বৰ্ধনে। ৰাহুল গান্ধীয়ে একো খা-খবৰ নাৰাখে নেকি? তেওঁৰ সমস্যা কি? বুলি প্ৰশ্ন কৰে ডাঃ হৰ্ষ বৰ্ধনে। ৰাহুলক আক্ৰমণ কৰি ডাঃ হৰ্ষ বৰ্ধনে টুইটাৰত লিখিছে, ‘কালি মাত্ৰ মই জুলাই মাহটোত দেশত প্ৰতিষেধকৰ যোগান সম্পৰ্কীয় তথ্য প্ৰকাশ কৰিছিলোঁ। ৰাহুল গান্ধীৰ সমস্যা কি? তেওঁ একো পঢ়া নাই নেকি? তেওঁ একো বুজি নাপায় নেকি? অহংকাৰ আৰু অৱহেলাৰ ভাইৰাছৰ কোনো প্ৰতিষেধক নাই। কংগ্ৰেছে এগৰাকী বিকল্প নেতাৰ কথা বিতংভাৱে ভবা উচিত।’ উল্লেখ্য যে, ৰাহুল গান্ধীয়ে দেশত প্ৰতিষেধকৰ নাটনিৰ প্ৰসংগ উত্থাপনেৰে মন্তব্য কৰিছিল যে, ‘জুলাই আহিল, কিন্তু প্ৰতিষেধক আহি নাপালে।’ ৰাহুল গান্ধীয়ে ক’ভিড ব্যৱস্থাপনা তথা ভেকচিনৰ নাটনিৰ প্ৰসংগৰে কেন্দ্ৰক তীব্ৰ সমালোচনা কৰি আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ