--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাৰ্থত অনুষ্ঠিত প্ৰথমখন টেষ্টত জাতীয় দলৰ হৈ টেষ্ট অভিষেক ঘটোৱা নীতিশ কুমাৰ ৰেড্ডীয়ে চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ক্ৰিকেট বিশ্বৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল৷ মেলবৰ্ণত আজি অনুষ্ঠিত হৈ যোৱা অষ্ট্ৰেলীয়াৰ বিৰুদ্ধে মেচত শতাশ হৈ পৰা ক্ৰিকেটপ্ৰেমীৰ লগতে দলটোক দুৰ্দান্ত প্ৰদৰ্শনৰে নতুন উৎসাহ যোগালে যুৱ অলৰাউণ্ডাৰগৰাকীয়ে। 

ক্ৰিকটাৰ গৰাকীয়ে অৰ্ধশতক অৰ্জন কৰাৰ পাছত আল্লু অৰ্জুনৰ পুষ্পাৰ দৰে অৰ্ধ শতক অৰ্জন কৰি সেই মুহূৰ্তটো উদযাপন কৰে আৰু শতক সম্পূৰ্ণ কৰাৰ পাছত আন এগৰাকী তামিল ছবিৰ নায়ক প্ৰভাসৰ বাহুবলীৰ শৈলীত নীতিশৰ উদযাপনে ভাৰতীয় ক্ৰিকেটপ্ৰেমীসকলৰ উল্লাস দুগুণ কৰি তুলে। নীতিশৰ উদযাপনৰ এই দুটা মুহূৰ্তৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

আৰু মেলবৰ্ণত চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থ টেষ্টত নীতিশ কুমাৰ ৰেড্ডীৰ ঐতিহাসিক শতকেৰে ভাৰতীয় দলে প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হয়। যদিও ক্ৰিকেটাৰ গৰাকীয়ে এই শৃংখলাৰ প্ৰথমখন টেষ্টত অভিষেক ঘটোৱাৰ পিছত প্ৰতিখন মেচতে উন্নত প্ৰদৰ্শনেৰে সকলোকে মুগ্ধ কৰিবলৈ সক্ষম হৈছিল। দীঘলীয়া ইনিংছ খেলিবলৈ পৰ্যাপ্ত সুযোগ লাভ কৰা নাছিল। মেলবৰ্ণৰ মেচত এই সুযোগ লাভ কৰি আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমটো শতকৰ সংগ্ৰহ কৰে উজলি উঠে নীতিশ কুমাৰে। 

উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ মাটিত শেষৰ ফালে বেটিং কৰি শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে খেলুৱৈগৰাকী। আৰু বক্সিং ডে’ টেষ্টত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয়  খেলুৱৈ হিচাপে পৰিগণিত হৈছে নীতিশ কুমাৰ ৰেড্ডী। আয়াৰ পূৰ্বে কাৰ্ল হুপাৰে বক্সিং ডে’ত শতক অৰ্জন কৰি এই ক্ষেত্ৰত শীৰ্ষত আছে

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ