--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : এগৰাকী বিল্ডাৰৰ দুই যমজ সন্তানক অপহৰণ কৰি গ্ৰেপ্তাৰ হ’ল মুম্বাইৰ এজন গাড়ীচালক। বিল্ডাৰজনৰ অধীনতে কাম কৰা গাড়ীচালকজনে পৰিকল্পিতভাৱে ঘটনাটোক অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ চকুত ধূলি দিব নোৱাৰিলে। মুম্বাইৰ সমীপৱৰ্তী আন্ধেৰীৰ পৰা বুধবাৰে গাড়ীচালকজনক এই দুষ্কাৰ্যৰ সৈতে জড়িত তেওঁৰ আত্মীয়ৰ সৈতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এই কথা প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব : ক’ভিড সংক্ৰমণে হ্ৰাস কৰিব পাৰে আৰু পুৰুষৰ প্ৰজনন ক্ষমতা!

বিল্ডাৰজনৰ দুই সন্তানক অপহৰণ কৰি লোকজনে ১কোটি টকা মুক্তিপণ দাবী কৰিছিল। আৰক্ষীৰ জেৰাত গাড়ীচালকজনে প্ৰকাশ কৰিছে যে, নিজ কন্যাৰ বিয়াৰ বাবে ধন আহৰণৰ বাবে তেওঁ এই দুষ্কাৰ্য সংঘটিত কৰিছিল আৰু ইয়াক অন্য এটা ৰূপ নিজকে ৰক্ষা কৰাৰ চেষ্টা কৰিছিল। গাড়ীচালকজনে তেওঁক প্ৰহাৰ কৰি বিল্ডাৰজনৰ দুই সন্তানক অপহৰণ কৰি নিয়া বুলি প্ৰকাশ কৰিছিল। ভুক্তভুগী পৰিয়ালটোৱেও প্ৰথমে সেই কথা উল্লেখ কৰিয়েই আৰক্ষীক অভিযোগ দাখিল কৰে।

আৰু পঢ়িব পাৰিব : শিশু কন্যাৰ যৌন উৎপীড়নৰ গোচৰত বিভ্ৰান্তিকৰ ৰায় ব’ম্বে উচ্চ ন্যায়ালয়ৰ

গাড়ীচালকজনে প্ৰকাশ কৰিছিল যে, মুম্বাইৰ জুহু এলেকাৰ পৰা গাড়ীচালকজনক প্ৰহাৰ কৰি, ভয় ভাবুকি দি অপহৰণকাৰীয়ে দুই শিশুসহ গাড়ীখন কাঢ়ি লৈ যায়। কিন্তু গাড়ীচালকজনকৰ ভাষ্যক লৈ আৰক্ষীৰ সন্দেহ ওপজাত আৰক্ষীয়ে তেওঁক জেৰা আৰম্ভ কৰে আৰু প্ৰায় ১৮ ঘণ্টা জেৰাৰ পাছত তেওঁ আত্মীয়ৰ সৈতে মিলি এই দুষ্কাৰ্য সংঘটিত কৰা বুলি স্বীকাৰ কৰে। গাড়ীচালকজনৰ দিল্লীত থকা এজন আত্মীয়ও এই ষড়যন্ত্ৰৰ অংশীদাৰ আছিল আৰু দাবী কৰা ধনৰ আধা অংশ তেওঁক দিয়াৰ কথা আছিল। আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু