--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : এগৰাকী বিল্ডাৰৰ দুই যমজ সন্তানক অপহৰণ কৰি গ্ৰেপ্তাৰ হ’ল মুম্বাইৰ এজন গাড়ীচালক। বিল্ডাৰজনৰ অধীনতে কাম কৰা গাড়ীচালকজনে পৰিকল্পিতভাৱে ঘটনাটোক অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ চকুত ধূলি দিব নোৱাৰিলে। মুম্বাইৰ সমীপৱৰ্তী আন্ধেৰীৰ পৰা বুধবাৰে গাড়ীচালকজনক এই দুষ্কাৰ্যৰ সৈতে জড়িত তেওঁৰ আত্মীয়ৰ সৈতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এই কথা প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব : ক’ভিড সংক্ৰমণে হ্ৰাস কৰিব পাৰে আৰু পুৰুষৰ প্ৰজনন ক্ষমতা!

বিল্ডাৰজনৰ দুই সন্তানক অপহৰণ কৰি লোকজনে ১কোটি টকা মুক্তিপণ দাবী কৰিছিল। আৰক্ষীৰ জেৰাত গাড়ীচালকজনে প্ৰকাশ কৰিছে যে, নিজ কন্যাৰ বিয়াৰ বাবে ধন আহৰণৰ বাবে তেওঁ এই দুষ্কাৰ্য সংঘটিত কৰিছিল আৰু ইয়াক অন্য এটা ৰূপ নিজকে ৰক্ষা কৰাৰ চেষ্টা কৰিছিল। গাড়ীচালকজনে তেওঁক প্ৰহাৰ কৰি বিল্ডাৰজনৰ দুই সন্তানক অপহৰণ কৰি নিয়া বুলি প্ৰকাশ কৰিছিল। ভুক্তভুগী পৰিয়ালটোৱেও প্ৰথমে সেই কথা উল্লেখ কৰিয়েই আৰক্ষীক অভিযোগ দাখিল কৰে।

আৰু পঢ়িব পাৰিব : শিশু কন্যাৰ যৌন উৎপীড়নৰ গোচৰত বিভ্ৰান্তিকৰ ৰায় ব’ম্বে উচ্চ ন্যায়ালয়ৰ

গাড়ীচালকজনে প্ৰকাশ কৰিছিল যে, মুম্বাইৰ জুহু এলেকাৰ পৰা গাড়ীচালকজনক প্ৰহাৰ কৰি, ভয় ভাবুকি দি অপহৰণকাৰীয়ে দুই শিশুসহ গাড়ীখন কাঢ়ি লৈ যায়। কিন্তু গাড়ীচালকজনকৰ ভাষ্যক লৈ আৰক্ষীৰ সন্দেহ ওপজাত আৰক্ষীয়ে তেওঁক জেৰা আৰম্ভ কৰে আৰু প্ৰায় ১৮ ঘণ্টা জেৰাৰ পাছত তেওঁ আত্মীয়ৰ সৈতে মিলি এই দুষ্কাৰ্য সংঘটিত কৰা বুলি স্বীকাৰ কৰে। গাড়ীচালকজনৰ দিল্লীত থকা এজন আত্মীয়ও এই ষড়যন্ত্ৰৰ অংশীদাৰ আছিল আৰু দাবী কৰা ধনৰ আধা অংশ তেওঁক দিয়াৰ কথা আছিল। আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ