--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অভিযানৰ সময়ত জালনোটৰ বান্দোল সমূহৰ লগতে তিনিটা HP ৰঙীন প্ৰিন্টিং মেচিন আৰু বৃহৎ পৰিমাণৰ নোট ছপা কৰা কাগজৰ বান্দোল জব্দ কৰিছে আৰক্ষীয়ে।

ডিজিটেল ডেস্কঃ কলিয়াবৰৰ উলুৱনী আৰক্ষী থানা এলেকাধীন ১নং বৰঘূলীত নিশা আৰক্ষীয়ে অভিযান চলাই এটা জালনোট ব্যৱসায়ীক আটক কৰে।


জালনোট ব্যৱসায়ী মুজিবুৰ ৰহমানৰ জিম্মাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১কোটি ২০ লাখ টকাৰ জালনোট।


গোপন খবৰৰ ভিত্তিত চুলুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেণ গগৈ আৰু সহকাৰী উপ পৰিদৰ্শক মৃদুল নাথৰ নেতৃত্বত আৰক্ষীৰ এটি দলে নিশা মুজিবুৰ ৰহমানৰ ঘৰত তালাচী চলোৱাত মুজিবুৰৰ শোৱনী কোঠাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২৪০ টা ৫০০ শ টকীয়া জালনোটৰ বান্দোল ।


অভিযানৰ সময়ত জালনোটৰ বান্দোল সমূহৰ লগতে তিনিটা HP ৰঙীন প্ৰিন্টিং মেচিন আৰু বৃহৎ পৰিমাণৰ নোট ছপা কৰা কাগজৰ বান্দোল জব্দ কৰিছে আৰক্ষীয়ে।


বিগত চাৰিদিন ধৰি ১ নং বৰঘূলীৰ মুজিবুৰ ৰহমানৰ ঘৰত বৃহৎ এটি জালনোট চক্ৰই জালনোট সমূহ প্ৰিণ্ট কৰি থকা বুলি আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি দিছে ধৃত মুজিবুৰ ৰহমানে।


ঘটনা সন্দৰ্ভত চুলুং আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু