--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ঘিলামৰা বিহু সন্মিলনৰ বিষয়ববীয়াই আজি সাক্ষ্যদান কৰাৰ অন্তত তেওঁলোকে কয় যে সিদ্ধার্থই ১২ লাখ টকা নগদ দাবী কৰাৰ লগে লগেই গোটেইখিনি টকা জুবিনে নাপাব বুলি সন্দেহ কৰিছিল।

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গে বিভিন্ন অনুষ্ঠানৰ বাবত লাভ কৰা মাননি সিদ্ধার্থ এণ্ড কোম্পানীয়ে লুটি-পুতি খোৱাৰ বিষয়টোৱে ৰাজ্য তোলপাৰ লগাই থকাৰ সময়তে এছ আই টিৰ তদন্তত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য আৰু সিদ্ধাৰ্থৰ শিয়াল চৰিত্ৰ। আজি এছ আই টিয়ে জুবিন গার্গে অনুষ্ঠান পৰিৱেশন কৰা ৪খনকৈ বিহু সমিতিৰ বিষয়ববীয়াক সোধা-পোছা কৰাৰ পাছতেই পোহৰলৈ আহিছে যে লুণ্ঠনকাৰী সিদ্ধার্থই চে'ক বা একাউণ্টত ধন গ্রহণ কৰাৰ সলনি নগদ টকাহে লৈছিল বহু বিহু সম্মিলনীৰ পৰা আৰু এই টকা জুবিনক দিয়াৰ পৰিৱৰ্তে নিজৰ পকেট গৰম কৰিছিল সিদ্ধার্থই।


কেৱল ইমানেই নহয়, সিদ্ধার্থই কোনো নিৰিখ নোহোৱাকৈ এক বৃহৎ পৰিমাণৰ ধন দাবী কৰিছিল বিষয়ববীয়াসকলৰ পৰা। ঘিলামৰা বিহু সন্মিলনৰ বিষয়ববীয়াই আজি সাক্ষ্যদান কৰাৰ অন্তত তেওঁলোকে কয় যে সিদ্ধার্থই ১২ লাখ টকা নগদ দাবী কৰাৰ লগে লগেই গোটেইখিনি টকা জুবিনে নাপাব বুলি সন্দেহ কৰিছিল।


আনহাতে, জুবিনে তিনি বছৰ নিয়মীয়াভাৱে অনুষ্ঠান কৰা মঙলদৈ বিহু সম্মিলনৰ বিষয়ববীয়াই কয় যে জুবিনে অনুষ্ঠান পৰিৱেশন কৰাৰ পূৰ্বে বেকষ্টেজত সিদ্ধার্থক নগদ ১১ লাখ টকা দিছিল। কোনোধৰণৰ নিৰিখ নথকাকৈ মাননি বিচাৰি দৰ-দাম কৰা সিদ্ধার্থই আকৌ আজাৰা বিহু সম্মিলনৰ পৰা লৈছিল নগদ ৮.৫০ লাখ টকা। আনহাতে, বেলতলা বিহু সম্মিলনীৰ পৰা জুবিনে টকা লোৱা নাছিল আৰু তেওঁলোকে মাননি হিচাপে যি দিছিল সেয়াই গ্রহণ কৰিছিল। সিদ্ধাৰ্থৰ হাতত দিয়া এই মাননিও জুবিনে লাভ কৰিছিল নে নাই সেই লৈও এতিয়া প্রশ্নৰ সৃষ্টি হৈছে। 'জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত দ্রুতগতিত আগবাঢ়িছে। আশা কৰিছোঁ নির্দিষ্ট সময়ৰ ভিতৰত তদন্ত প্রক্রিয়া সম্পূৰ্ণ হ'ব। তদন্তৰ বাবে সোধা-পোছাৰ প্ৰয়োজন বুলি ভবা যিকোনো লোককেই তলৱ কৰা হ'ব।'


জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ অগ্ৰগতিৰ সম্পৰ্কত জানিবলৈ দি এইদৰেই কয় এছ আই টিৰ মুৰব্বী মুন্না প্রসাদ গুপ্তাই। তেওঁ কয় যে এতিয়ালৈকে ৯০ গৰাকীতকৈও অধিক ব্যক্তিক এছ আই টিয়ে সোধা-পোছাৰ বাবে মাতিছে আৰু আজি একাংশ বিহু সমিতিৰ বিষয়ববীয়াৰো সাক্ষ্য গ্রহণ কৰা হয়। উল্লেখযোগ্য যে জুবিন গার্গে অনুষ্ঠান পৰিৱেশন কৰা একাংশ বিহু সম্মিলনীৰ বিষয়ববীয়াৰ আজি চি আই ডিৰ কাৰ্যালয়ত এছ আই টিয়ে ভাষ্য গ্রহণ কৰে। ইয়াৰ পৰা এটা কথাই স্পষ্ট হৈ পৰিছে যে সিদ্ধার্থ শৰ্মাকে ধৰি কেইটামান লুণ্ঠনকাৰীয়ে জুবিনৰ ওপৰত অৰ্থনৈতিক শোষণ চলাই নিজে যি সম্পত্তিৰ পাহাৰ গঢ়িছিল সেই সম্পৰ্কে এছ আই টিৰ তদন্তই যথেষ্ট অগ্রগতি লাভ কৰিছে যদিও জুবিনৰ ৰহস্যজনক মৃত্যুৰ লগত কোন জড়িত আছিল সেই সম্পর্কে তদন্তই কি তথ্য পাইছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। জানিব পৰা মতে, এটা এটা বিহুৰ ছিজনত জুবিনে বহু কোটি টকা উপাৰ্জন কৰিছিল যদিও অসমৰ হিয়াৰ আমঠুজন তীব্র আর্থিক সংকটত ভুগিছিল। বিশেষকৈ ধনৰ নাটনিৰ বাবেই তেওঁৰ সপোনৰ প্ৰকল্প খাৰঘুলিৰ ঘৰটো সম্পূৰ্ণ কৰিব নোৱৰাৰ কথাটোৱে জুবিনক যথেষ্ট মনোকষ্ট দিছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?