--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ এখন অস্পষ্ট গাঁৱৰ পৰা বিদেশত ভৰি থৈছিল বশিষ্ঠানৰায়ণ সিঙে। গণিতত তেওঁৰ অসাধাৰণ প্ৰতিভা। সৰুৰে পৰাই তেওঁ নিজৰ প্ৰতিভাৰে সকলোকে আচৰিত কৰি তুলিছিল। সাধাৰণ পৰিয়ালৰ বশিষ্ঠ অসাধাৰণ হৈ পৰিছিল।

বশিষ্ঠৰ প্ৰতিভাই স্কুল-কলেজৰ সীমা অতিক্ৰম কৰি বিদেশ চুইছিল। তেওঁৰ গাণিতিক দক্ষতাই সকলোকে আচৰিত কৰি তুলিছিল। কিন্তু মানসিক ৰোগৰ বাবে গণিতৰ জগতখনৰ পৰা হঠাৎ নোহোৱা হৈ গ’ল এই প্ৰতিভা।

১৯৪৬ চনৰ ২ এপ্ৰিলত বিহাৰৰ ভোজপুৰ জিলাত জন্মগ্ৰহণ কৰিছিল বশিষ্ঠই। তেওঁৰ পিতৃ লাল বাহাদুৰ আছিল এজন আৰক্ষী কনিষ্টবল। মাৰ নাম লাসো দেৱী। পাঁচজন ভাই-ভনীৰ ভিতৰত বশিষ্ঠ আছিল জ্যেষ্ঠ।

নেতাৰহাট স্কুলৰ পৰা প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সমাপ্ত কৰি বশিষ্ঠই স্নাতক হিচাপে পাটনা বিজ্ঞান মহাবিদ্যালয়ত নামভৰ্তি কৰে। কোৱা হয় যে স্কুলত তেওঁ সদায় প্ৰথম আছিল। অৱশ্যে বিশ্ববিদ্যালয়ৰ পঢ়াৰ সময়তে তেওঁৰ মেধা প্ৰথম পোহৰলৈ আহিছিল।

বশিষ্ঠৰ প্ৰতিভা দেখি পাটনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁক স্নাতক পঢ়াৰ সময়ছোৱাত স্নাতকোত্তৰ পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অনুমতি দিলে। ফলত তেওঁ মাত্ৰ দুবছৰতে মুঠ ৫ বছৰীয়া স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিলে।

ইয়াৰ পিছত বশিষ্ঠ উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যায়। তেওঁ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি লাভ কৰে। ৱাশ্বিংটন বিশ্ববিদ্যালয়তো কেইবাদিনো শিক্ষকতা কৰিছিল।

বশিষ্ঠ নাছাৰ লগতো জড়িত আছিল। ১৯৬৯ চনত তেওঁ নাছাৰ চন্দ্ৰলৈ মানুহ পঠোৱাৰ অভিযানত যোগদান কৰে। কোৱা হয় যে তেওঁ সেই অভিযানৰ জটিল গাণিতিক সমস্যাবোৰ সমাধান কৰিছিল।

কোৱা হয় যে বশিষ্ঠই আইনষ্টাইনৰ তত্ত্বকো প্ৰত্যাহ্বান জনাইছিল। সেই তত্ত্বৰ ত্ৰুটিটো তেওঁ বিচাৰি পাইছিল। কিন্তু এই তথ্যৰ সমৰ্থনত কোনো প্ৰমাণ পোৱা নগ’ল।

১৯৭১ চনত বশিষ্ঠ ভাৰতলৈ উভতি আহে। আই আই টি খড়গপুৰত পাঠদান আৰম্ভ কৰিছিল। কলকাতাৰ ইণ্ডিয়ান ষ্টেটিষ্টিক্যাল ইনষ্টিটিউট আৰু মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চতো কাম কৰি আহিছে। কিন্তু বেছি দিন টিকি থাকিব নোৱাৰিলে।

১৯৭৩ চনত বশিষ্ঠৰ বিবাহ হয়। দুবছৰমান সহবাসৰ অন্তত তেওঁৰ পত্নী বন্দনাৰনী সিংহই বশিষ্ঠক ত্যাগ কৰে। ১৯৭৬ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।

এই সময়ৰ পৰাই মানসিক ৰোগে ক্ৰমান্বয়ে বশিষ্ঠৰ শৰীৰত বাহ সাজিছিল। স্কিজ’ফ্ৰেনিয়াই তেওঁৰ মগজুত শিপাই যাবলৈ ধৰিলে। বশিষ্ঠ ক্ৰমান্বয়ে নিজকে হেৰুৱাই পেলালে।

এই স্কিজ’ফ্ৰেনিয়াই ক্ৰমান্বয়ে অংক আৰু বশিষ্ঠৰ মাজৰ বেৰখন আঁতৰাই পেলায়। জীৱনৰ পৰৱৰ্তী ৪০ বছৰত তেওঁ বিশেষজ্ঞ মহলত পুৰণি জনপ্ৰিয়তা ঘূৰাই নাপালে।

মানসিক ৰোগৰ চিকিৎসাৰ বাবে বশিষ্ঠক কেইবাখনো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয়ত বহু বছৰ পাৰ হৈ গ’ল তেওঁৰ। কিছু সুস্থ হৈ ১৯৮৭ চনত বিহাৰৰ বসন্তপুৰস্থিত গাঁৱৰ ঘৰলৈ উভতি আহে।

১৯৮৯ চনত পুনেলৈ যোৱা ৰেলত উঠিছিল, কিন্তু মাজ বাটতে নামি দিছিল। ইয়াৰ পিছত ৪ দীঘলীয়া বছৰ ধৰি তেওঁক বিচাৰি পোৱা নগ’ল।

৪ বছৰৰ পাছত হঠাৎ বিহাৰৰ এখন অচিনাকি গাঁৱৰ পৰা উদ্ধাৰ কৰা হয় বশিষ্ঠক। বশিষ্ঠক দাড়ি, দীঘল চুলি আৰু ছিন্নভিন্ন কাপোৰেৰে দেখা পোৱা গৈছিল। দৰিদ্ৰতাত ভোগা গণিতজ্ঞজনক উদ্ধাৰ কৰি চিকিৎসা কৰা হয়।

বশিষ্ঠক বেংগালুৰু আৰু দিল্লীৰ সুনামধন্য চিকিৎসালয়ত চিকিৎসা কৰা হৈছিল। সুস্থ হৈ পুনৰ কামত লাগিল। ২০১৪ চনত বশিষ্ঠই বিহাৰৰ এখন বিশ্ববিদ্যালয়ত পাঠদানৰ বাবে যোগদান কৰে। কিন্তু প্ৰতিভাৰ আশ্চৰ্য্য ঘূৰি নাহিল।

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ২০১৯ চনৰ ১৪ নৱেম্বৰত পাটনা মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বশিষ্ঠই। ২০২০ চনত ভাৰত চৰকাৰে তেওঁক ‘পদ্মশ্ৰী’ বঁটা প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু