--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ এখন অস্পষ্ট গাঁৱৰ পৰা বিদেশত ভৰি থৈছিল বশিষ্ঠানৰায়ণ সিঙে। গণিতত তেওঁৰ অসাধাৰণ প্ৰতিভা। সৰুৰে পৰাই তেওঁ নিজৰ প্ৰতিভাৰে সকলোকে আচৰিত কৰি তুলিছিল। সাধাৰণ পৰিয়ালৰ বশিষ্ঠ অসাধাৰণ হৈ পৰিছিল।

বশিষ্ঠৰ প্ৰতিভাই স্কুল-কলেজৰ সীমা অতিক্ৰম কৰি বিদেশ চুইছিল। তেওঁৰ গাণিতিক দক্ষতাই সকলোকে আচৰিত কৰি তুলিছিল। কিন্তু মানসিক ৰোগৰ বাবে গণিতৰ জগতখনৰ পৰা হঠাৎ নোহোৱা হৈ গ’ল এই প্ৰতিভা।

১৯৪৬ চনৰ ২ এপ্ৰিলত বিহাৰৰ ভোজপুৰ জিলাত জন্মগ্ৰহণ কৰিছিল বশিষ্ঠই। তেওঁৰ পিতৃ লাল বাহাদুৰ আছিল এজন আৰক্ষী কনিষ্টবল। মাৰ নাম লাসো দেৱী। পাঁচজন ভাই-ভনীৰ ভিতৰত বশিষ্ঠ আছিল জ্যেষ্ঠ।

নেতাৰহাট স্কুলৰ পৰা প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সমাপ্ত কৰি বশিষ্ঠই স্নাতক হিচাপে পাটনা বিজ্ঞান মহাবিদ্যালয়ত নামভৰ্তি কৰে। কোৱা হয় যে স্কুলত তেওঁ সদায় প্ৰথম আছিল। অৱশ্যে বিশ্ববিদ্যালয়ৰ পঢ়াৰ সময়তে তেওঁৰ মেধা প্ৰথম পোহৰলৈ আহিছিল।

বশিষ্ঠৰ প্ৰতিভা দেখি পাটনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁক স্নাতক পঢ়াৰ সময়ছোৱাত স্নাতকোত্তৰ পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অনুমতি দিলে। ফলত তেওঁ মাত্ৰ দুবছৰতে মুঠ ৫ বছৰীয়া স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিলে।

ইয়াৰ পিছত বশিষ্ঠ উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যায়। তেওঁ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি লাভ কৰে। ৱাশ্বিংটন বিশ্ববিদ্যালয়তো কেইবাদিনো শিক্ষকতা কৰিছিল।

বশিষ্ঠ নাছাৰ লগতো জড়িত আছিল। ১৯৬৯ চনত তেওঁ নাছাৰ চন্দ্ৰলৈ মানুহ পঠোৱাৰ অভিযানত যোগদান কৰে। কোৱা হয় যে তেওঁ সেই অভিযানৰ জটিল গাণিতিক সমস্যাবোৰ সমাধান কৰিছিল।

কোৱা হয় যে বশিষ্ঠই আইনষ্টাইনৰ তত্ত্বকো প্ৰত্যাহ্বান জনাইছিল। সেই তত্ত্বৰ ত্ৰুটিটো তেওঁ বিচাৰি পাইছিল। কিন্তু এই তথ্যৰ সমৰ্থনত কোনো প্ৰমাণ পোৱা নগ’ল।

১৯৭১ চনত বশিষ্ঠ ভাৰতলৈ উভতি আহে। আই আই টি খড়গপুৰত পাঠদান আৰম্ভ কৰিছিল। কলকাতাৰ ইণ্ডিয়ান ষ্টেটিষ্টিক্যাল ইনষ্টিটিউট আৰু মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চতো কাম কৰি আহিছে। কিন্তু বেছি দিন টিকি থাকিব নোৱাৰিলে।

১৯৭৩ চনত বশিষ্ঠৰ বিবাহ হয়। দুবছৰমান সহবাসৰ অন্তত তেওঁৰ পত্নী বন্দনাৰনী সিংহই বশিষ্ঠক ত্যাগ কৰে। ১৯৭৬ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।

এই সময়ৰ পৰাই মানসিক ৰোগে ক্ৰমান্বয়ে বশিষ্ঠৰ শৰীৰত বাহ সাজিছিল। স্কিজ’ফ্ৰেনিয়াই তেওঁৰ মগজুত শিপাই যাবলৈ ধৰিলে। বশিষ্ঠ ক্ৰমান্বয়ে নিজকে হেৰুৱাই পেলালে।

এই স্কিজ’ফ্ৰেনিয়াই ক্ৰমান্বয়ে অংক আৰু বশিষ্ঠৰ মাজৰ বেৰখন আঁতৰাই পেলায়। জীৱনৰ পৰৱৰ্তী ৪০ বছৰত তেওঁ বিশেষজ্ঞ মহলত পুৰণি জনপ্ৰিয়তা ঘূৰাই নাপালে।

মানসিক ৰোগৰ চিকিৎসাৰ বাবে বশিষ্ঠক কেইবাখনো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয়ত বহু বছৰ পাৰ হৈ গ’ল তেওঁৰ। কিছু সুস্থ হৈ ১৯৮৭ চনত বিহাৰৰ বসন্তপুৰস্থিত গাঁৱৰ ঘৰলৈ উভতি আহে।

১৯৮৯ চনত পুনেলৈ যোৱা ৰেলত উঠিছিল, কিন্তু মাজ বাটতে নামি দিছিল। ইয়াৰ পিছত ৪ দীঘলীয়া বছৰ ধৰি তেওঁক বিচাৰি পোৱা নগ’ল।

৪ বছৰৰ পাছত হঠাৎ বিহাৰৰ এখন অচিনাকি গাঁৱৰ পৰা উদ্ধাৰ কৰা হয় বশিষ্ঠক। বশিষ্ঠক দাড়ি, দীঘল চুলি আৰু ছিন্নভিন্ন কাপোৰেৰে দেখা পোৱা গৈছিল। দৰিদ্ৰতাত ভোগা গণিতজ্ঞজনক উদ্ধাৰ কৰি চিকিৎসা কৰা হয়।

বশিষ্ঠক বেংগালুৰু আৰু দিল্লীৰ সুনামধন্য চিকিৎসালয়ত চিকিৎসা কৰা হৈছিল। সুস্থ হৈ পুনৰ কামত লাগিল। ২০১৪ চনত বশিষ্ঠই বিহাৰৰ এখন বিশ্ববিদ্যালয়ত পাঠদানৰ বাবে যোগদান কৰে। কিন্তু প্ৰতিভাৰ আশ্চৰ্য্য ঘূৰি নাহিল।

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ২০১৯ চনৰ ১৪ নৱেম্বৰত পাটনা মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বশিষ্ঠই। ২০২০ চনত ভাৰত চৰকাৰে তেওঁক ‘পদ্মশ্ৰী’ বঁটা প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই