--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ যোগ গুৰু বাবা ৰামদেৱে হিন্দু ধৰ্ম আৰু হিন্দুত্বৰ ওপৰত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী ৰ বক্তব্যক প্ৰত্যুত্তৰ দিছে। কংগ্ৰেছ সাংসদজনে আজি কিছু দিনৰ আগতে হিন্দু আৰু হিন্দুত্ব দুয়োটা একে বিষয়বস্তু বুলি মন্তব্য কৰিছিল৷ বাবা ৰামদেৱে ক’য় যে, ব্যক্তি আৰু ব্যক্তিত্ব একে হ’ব পাৰে কিন্তু হিন্দু আৰু হিন্দুত্ব কাহানিও একে হ’ব নোৱাৰে। কংগ্ৰেছ নেতাজনে ইমানখিনি অন্তঃত জানিব লাগে৷

তেওঁ কয় যে হিন্দু ধৰ্ম হৈছে এক সংস্কৃতি আৰু সংস্কৃতিৰ অনুভূতি হৈছে হিন্দুত্ব। ৰামদেৱে ৰাহুল গান্ধীক উদ্দেশ্যি কোৱা কথাখিনি অমন চোপ্ৰা নামৰ এজন লোকে তেওঁৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছিল। ভিডিঅ’টো সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে-লগে বহুতো লোকে ৰামদেৱৰ এই মন্তব্যক সহাৰি জনাইছে।

অনামিকা দুবে নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছিল যে ৰাহুল গান্ধীৰ বাবে ৰামদেৱৰ এই মন্তব্য সঠিক আছিল।কৈলাশ নাথ যাদৱে টুইটাৰ হেণ্ডেলত লিখিছে: স্বামীজী বাব ৰামদেৱে কোৱা মতে, ব্যক্তি আৰু ব্যক্তিত্বৰ মাজত সচাকৈয়ে এক ডাঙৰ পাৰ্থক্য আছে।

অনুজ নামৰ টুইটাৰ ব্যৱহাৰকাৰীসকলে লিখিছে যে তেওঁ ধৰ্মৰ এজন পণ্ডিত, তেওঁ কোৱা কথাখিনি যুক্তিপূৰ্ণ, ব্যক্তি আৰু ব্যক্তিত্ব পৃথক। ৰাম আৰু ৰাৱণ দুয়োজনেই ব্যক্তি কিন্তু দুয়োজনৰ ব্যক্তিত্বৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন