--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ যোগ গুৰু বাবা ৰামদেৱে হিন্দু ধৰ্ম আৰু হিন্দুত্বৰ ওপৰত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী ৰ বক্তব্যক প্ৰত্যুত্তৰ দিছে। কংগ্ৰেছ সাংসদজনে আজি কিছু দিনৰ আগতে হিন্দু আৰু হিন্দুত্ব দুয়োটা একে বিষয়বস্তু বুলি মন্তব্য কৰিছিল৷ বাবা ৰামদেৱে ক’য় যে, ব্যক্তি আৰু ব্যক্তিত্ব একে হ’ব পাৰে কিন্তু হিন্দু আৰু হিন্দুত্ব কাহানিও একে হ’ব নোৱাৰে। কংগ্ৰেছ নেতাজনে ইমানখিনি অন্তঃত জানিব লাগে৷

তেওঁ কয় যে হিন্দু ধৰ্ম হৈছে এক সংস্কৃতি আৰু সংস্কৃতিৰ অনুভূতি হৈছে হিন্দুত্ব। ৰামদেৱে ৰাহুল গান্ধীক উদ্দেশ্যি কোৱা কথাখিনি অমন চোপ্ৰা নামৰ এজন লোকে তেওঁৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছিল। ভিডিঅ’টো সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে-লগে বহুতো লোকে ৰামদেৱৰ এই মন্তব্যক সহাৰি জনাইছে।

অনামিকা দুবে নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছিল যে ৰাহুল গান্ধীৰ বাবে ৰামদেৱৰ এই মন্তব্য সঠিক আছিল।কৈলাশ নাথ যাদৱে টুইটাৰ হেণ্ডেলত লিখিছে: স্বামীজী বাব ৰামদেৱে কোৱা মতে, ব্যক্তি আৰু ব্যক্তিত্বৰ মাজত সচাকৈয়ে এক ডাঙৰ পাৰ্থক্য আছে।

অনুজ নামৰ টুইটাৰ ব্যৱহাৰকাৰীসকলে লিখিছে যে তেওঁ ধৰ্মৰ এজন পণ্ডিত, তেওঁ কোৱা কথাখিনি যুক্তিপূৰ্ণ, ব্যক্তি আৰু ব্যক্তিত্ব পৃথক। ৰাম আৰু ৰাৱণ দুয়োজনেই ব্যক্তি কিন্তু দুয়োজনৰ ব্যক্তিত্বৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত