--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুনৰ সজীৱ হৈ উঠিল দেশবাসীৰ অন্তৰত লগা এটুকুৰা দগমগীয়া ঘাঁ। ৮ ডিচেম্বৰৰ এক আকস্মিক খবৰে শোকাহত কৰি তুলিছিল দেশবাসীক। দেশৰ তিনিওটা সেনাবাহিনীৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱটে আৰোহন কৰা হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল তামিলনাডুৰ কুন্নুৰৰ নীলগিৰি পাহাৰত। এই খবৰ বিয়পি পৰাৰ লগে লগে দেশজুৰি সৃষ্টি হৈছিল গভীৰ উৎকণ্ঠাৰ। জেনেৰেল ৰাৱট সোশৰীৰে উভতি অহাৰ প্ৰাৰ্থনা কৰিছিল প্ৰতিজন দেশবাসীয়ে।

কিন্তু সেয়া হৈ নুঠিল জেনেৰেল ৰাৱট, তেওঁৰ পত্নী মধুলিকা ৰাৱট আৰু আন ১১জন সেনাৰ বিষয়া-জোৱানে প্ৰাণ হেৰুৱালে দুৰ্ঘটনাত। দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ খণ্ড-বিখণ্ড ৰূপ আৰু অগ্নদগ্ধ অৱস্থা দেখি শিহৰিত হৈ উঠিছিল প্ৰতিজন লোক। কিন্তু এই ধ্বংসস্তুপৰ মাজতো এগৰাকী সেনা বিষয়াৰ প্ৰাণৰক্ষা পৰাৰ বাতৰিয়ে সকলোকে সকাহো দিছিল। অতি চমৎকাৰ ঘটনাৰ দৰে প্ৰাণ ৰক্ষা পৰিছিল গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ। তেওঁৰ আৰোগ্য কামনাৰে বিভিন্নজনে প্ৰাৰ্থনা কৰি গৈছিল যদিও তেওঁ পুনৰ সকলোকে শোক সাগৰলৈ নিক্ষেপ কৰিলে। চিকিৎসকৰ সকলো চেষ্টা, দেশবাসীৰ প্ৰাৰ্থনাক নেওচা দি আঁতৰি গ’ল গ্ৰুপ কেপ্টেইন বৰুণ সিং।

৮ ডিচেম্বৰত সংঘটিত হোৱা সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ বুধবাৰে চিকিৎসালয়ত মৃত্যু ঘটাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। তামিলনাডুৰ ৱেলিংটনৰ পৰা তেওঁক পাছত বেংগালুৰুৰ মিলিটেৰী হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে আজি তেওঁৰ মৃত্যু ঘটে। তেওঁক লাইফ ছাপ’ৰ্ট ব্যৱস্থাৰ অধীনত ৰখা হৈছিল। ভাৰতীয় বায়ু সেনা কৰ্তৃপক্ষই এই সম্পৰ্কত প্ৰকাশ কৰি টুইটাৰত লিখিছে, ‘৮ ডিচেম্বৰত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত আহত হোৱা সাহসী গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ মৃত্যুত আমি মৰ্মাহত হৈছোঁ। সৈনিকগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ পৰিয়াললৈ গভীৰ সমবেদনা জনাইছোঁ।’

https://twitter.com/narendramodi/status/1471017108947587077?s=20

ইফালে, সিঙৰ মৃত্যুৰ পাছতে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টুইটযোগে মোদীয়ে সদৰি কৰে যে, ‘গ্ৰুপ কেপ্টেইন বৰুণ সিঙে গৰ্ব, বীৰত্ব আৰু অসামান্য পেচাদাৰিত্বৰে দেশক সেৱা কৰিছিল। তেওঁৰ মৃত্যুৰ বাতৰিয়ে মোক মৰ্মাহত কৰিছে। দেশৰ প্ৰতি তেওঁ আগবঢ়োৱা অসাধাৰণ অৱদান দেশে কেতিয়াও নাপাহৰে। তেওঁৰ পৰিয়াল আৰু আত্মীয়লৈ গভীৰ সমবেদনা জনাইছোঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন