--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : ৰাজ্যত পূৰ্ণগতিত চলি আছে ভোটগণনা৷ তাৰ মাজতেই বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে বহু প্ৰাৰ্থীয়ে৷ কোনে ক'ত মাৰিলে শেষ হাঁহি? বৰ্তমানলৈ প্ৰকাশ পোৱা তথ্য অনুসৰি, বৃহৎ ভোটৰ ব্যৱধানত জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ। চতিয়া সমষ্টিত বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকাই জয়লাভ কৰিছে। ডিব্ৰুগড় সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ জয়লাভ৷

আৰু পঢ়িব পাৰিব :   সংক্ৰমণৰ মাজতে দেশত ক’ভিডত আৰোগ্যৰ হাৰৰ এক নতুন ৰেঙনি

৮৯নং কলিয়াবৰ সমষ্টিত ২৭ হাজাৰ ভোটৰ ব্যৱধানত অগপ প্ৰাৰ্থী কেশৱ মহন্তৰ জয়। মৰিয়নিত শেষ হাঁহি কংগ্ৰেছৰ ৰূপজ্যেতি কুৰ্মীৰ।৩,৩৩৬ টা ভোটত জয়লাভ ৰূপজ্যোতিৰ৷ গোলাঘাটৰ বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ জয়লাভ। ৯,০৩৬টা ভোটত জয়ী অজন্তা৷ বোকাজান সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডাঃ নোমল মমিনৰ জয়লাভ।

আৰু পঢ়িব পাৰিব :   পৰাজয়ৰ গ্ৰাসত কোন কোন হেভীৱেট প্ৰাৰ্থী?

৩৮নং গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিত কংগ্ৰেছৰ আলহাজ আব্দুৰ ৰছিদ মণ্ডল বিজয়ী। বোকাখাটত বিজয়ী অগপ সভাপতি অতুল বৰা। বিহালীত বিজেপি প্ৰাৰ্থী ৰঞ্জিৎ দত্ত বিজয়ী। ২৯৪৮১টা ভোটত জয়লাভ৷ দক্ষিণ শালমৰাত জয়ী কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীৰ।তেজপুৰৰ অগপ প্ৰাৰ্থী তথা কলাগুৰুৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাৰ জয়।৩০ হাজাৰো অধিক ভোটৰ ব্যৱধানত ২০নং বৈঠালাংছ' বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপছিং টেৰনৰ জয়ী। ৩৯নং জলেশ্বৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ আফতাবুদ্দিনমোল্লা বিজয়ী। ৩৮নং গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিত কংগ্ৰেছ আলহাজ আব্দুৰ ৰছিদ মণ্ডল বিজয়ী।

৩৫০০০ ভোটত ৰমাকান্ত দেউৰীৰ জয়লাভ। ৫৫নং হাজো সমষ্টিত সুমন হৰিপ্ৰিয়াৰ বিজয়।৪৮নং বকো সমষ্টিত নন্দিতা দাসৰ বিজয়।৪৯নং ছয়গাঁও সমষ্টিত ৰেকিবুদ্দিন আহমেদৰ বিজয়।৫০নং পলাশবাৰী সমষ্টিত হেমাংগ ঠাকুৰীয়াৰ বিজয়। মাৰ্ঘেৰিটাত বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ বৃহৎ জয়৷ ৫৯৭২২টা ভোটৰ ব্যৱধানত জয়ী হৈছে ভাস্কৰ শৰ্মা।

আৰু পঢ়িব পাৰিব : অসমেহে বচালে বিজেপিৰ মান, পশ্চিমবংগত ‘দিদি’ৰ চমৎকাৰ

১২০নং নাহৰকটীয়া সমষ্টিত বৃহৎ ভোটৰ ব্যৱধানত পৰাজয় বৰণ ‘অসম জাতীয় পৰিষদ’ৰ সভাপতি লুৰিণজ্যোতি গগৈৰ৷ তাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ জয়লাভ। তৰংগ গগৈয়ে লাভ কৰে ৪৭৯৩৪টা ভোট৷ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰণতি ফুকনে লাভ কৰে ৩২৮৭৫টা ভোট। আনহাতে লুৰিণে লাভ কৰে ২৭১৮১টা ভোট৷ ২০ নং বৈঠালাংছ' বিধানসভা সমষ্টিত প্ৰায় ৫০হাজাৰ ভোটৰ ব্যৱধানত বিজেপি দলৰ প্ৰাৰ্থী ৰূপছিং টেৰনৰ জয়লাভ |দৰঙৰ দলগাওঁ সমষ্টিত AIUDF প্ৰাৰ্থী মজিবুৰ ৰহমানৰ জয় লাভ৷ ৯৪নং সৰুপথাৰ সমষ্টিত বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ জয়লাভ। ৩৯০৬৫টা ভোটৰ ব্যৱধানত পৰাস্ত কংগ্ৰেছ ৰ’জলীনা তিৰ্কী।শিৱসাগৰত ৰাইজৰ দলৰ কাৰাৰূদ্ধ সভাপ্ৰতি অখিল গগৈৰ বৃহৎ জয়৷ প্ৰায় ৯০০০ ভোটৰ ব্যৱধানত জয়লাভ কৰে তেওঁ৷

চৰাইদেউ সমষ্টিৰ ১০৫নং মাহমৰা বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী যোগেন মহনৰ জয়। প্ৰায় ১৩হাজাৰ ভোটত পৰাভূত কৰিলে কংগ্ৰেছ প্ৰাৰ্থী সুৰুয দিহিঙীয়াক।

সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছৰ জাকিৰ হুছেইন শিকদাৰৰ জয়লাভ।

মঙলদৈ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী বসন্ত দাসৰ জয়লাভ৷
বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাসক ১২হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰে বসন্ত দাসে৷
আনহাতে ছিপাঝাৰ সমষ্টিত জয়লাভ কৰে বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীয়ে।

আমগুৰি সমষ্টিত প্ৰদীপ হাজৰিকাৰ জয়লাভ।
৬০২৩টা ভোটত জয়লাভ তেওঁৰ।

পাণেৰী সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ জয়লাভ৷ তেওঁ লাভ কৰে ৭১,৯৬৫টা ভোট আৰু তেওঁৰ নিকটতম প্ৰাৰ্থী বিপিএফ দলৰ কৰুণাকান্ত স্বৰ্গীয়াৰীয়ে লাভ কৰে ৩৬,৭১৭ টা ভোট৷

২৯৮৯৫ টা ভোটৰ ব্যৱধানত পীযূষ হাজৰিকাৰ জয়লাভ।বিজেপিয়ে লাভ কৰে ১০৫৮২৩টা ভোট। কংগ্ৰেছে লাভ কৰে ৭৫৯২৮টা ভোট। এজেপি-এ লাভ কৰে ১২৪৩৫টা ভোট।নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰে ৮৪৪টা ভোট।

মৰাণ সমষ্টিৰ বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈ ২৫হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ

৬৪৮৮টা ভোটত জয়লাভ বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ

উত্তৰ কৰিমগঞ্জ সমষ্টিৰ কংগ্রেছ প্ৰাৰ্থী কমলাক্ষ দে’ পুৰকায়স্থ জয়ী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?