--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : পশ্চিমবংগত ২০০খন আসন লাভৰ লক্ষ্যৰে সৰ্বশক্তিৰে অৱতীৰ্ণ হৈছিল বিজেপি। কিন্তু আজি চলি থকা ভোট গণনাত দেখা গৈছে তাৰ ওলোটা প্ৰতিচ্ছবি। বিজেপিৰ প্ৰবল প্ৰত্যাহ্বান তথা মোদী-শ্বাহ যুটীৰ আগ্ৰাসন নেওচি পুনৰ বংগৰ শাসনৰ গাদীত বহাটো নিশ্চিত কৰিলে মমতা বেনাৰ্জীয়ে। বিয়লিপৰ্যন্ত তৃণমূলে ২১০খন আসন লাভৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। ২১০খন আসনত অগ্ৰগতিৰে তৃণমূলে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ১৪৭খন আসনৰ সীমাৰেখা অতিক্ৰমী বহুদূৰ আগুৱাই গৈছে। আনহাতে বিজেপি থমকি ৰৈছে ৮০খন আসনতে।

আৰু পঢ়িব পাৰিব পৰাজয়ৰ গ্ৰাসত কোন কোন হেভীৱেট প্ৰাৰ্থী?

তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যখনত বাওঁ শিবিৰ একপ্ৰকাৰ উৎখাত হোৱাটো স্পষ্ট হৈ পৰিছে আৰু মাত্ৰ ১খন আসনতেহ বাওঁ দলে অগ্ৰগতি লাভ কৰিছে। মমতা বেনাৰ্জীয়ে তেওঁৰেই প্ৰাক্তন সতীৰ্থ শুভেন্দু অধিকাৰীৰ সৈতে প্ৰথম পৰ্যায়ত নন্দীগ্ৰাম সমষ্টিত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও পিছত তেওঁ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়। মমতাৰ নেতৃত্বতে বংগই আৰু পাঁচ বছৰ অগ্ৰসৰ হোৱাটো এতিয়া নিশ্চিত হৈ পৰিল। আনহাতে বংগত পৰাজয়ৰ বিপৰীতে অসমত প্ৰত্যাশিতভাৱেই বিজয় সাব্যস্ত কৰিলে বিজেপিয়ে। অসমত বিজেপি মিত্ৰজোঁটে এই পৰ্যন্ত ৭৬খন আসনত অগ্ৰগতি লাভ কৰিছে। ইয়াৰ ভিতৰত ভালেকেইখন আসনত বিজয় নিশ্চিত কৰিছে। শেষপৰ্যন্ত ফলাফলত সামান্য সালসলনি হ’লেও ফলাফল এতিয়া প্ৰায় নিশ্চিত হৈ পৰিছে আৰু বিজেপি মিত্ৰজোঁটেই ৰাজ্যৰ শাসনলৈ ঘূৰি অহাটো স্পষ্ট হৈ পৰিছে।

আৰু পঢ়িব পাৰিব কোন সমষ্টিত কোনে মাৰিলে বিজয়ৰ হাঁহি? ‘প্ৰাগ নিউজ’ৰ নিৰ্বাচনী আপডেট

কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ দৰে নেতাৰ পৰাজয় বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। অত্যধিক আত্মবিশ্বাস আৰু ৰণকৌশলগত দুৰ্বলতা তথা নেতৃত্বহীনতাই যে কংগ্ৰেছৰ ব্যৰ্থতাৰ মূল কাৰণ তাক একে আষাৰে ক’ব পাৰি। সি যি কি নহওক অসমত আশাপ্ৰদ বিজয় বিজেপি চৰকাৰৰ বাবে এক ডাঙৰ সকাহ হিচাপে চিহ্নিত হৈছে। কিয়নো আন ৰাজ্যকেইখনত বিজেপিৰ প্ৰভাৱশালী নহয়। তুলনামূলকভাৱে কম গুৰুত্বপূৰ্ণ পুডুচেৰীত বিজেপি মিত্ৰজোঁটে শাসনলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে। কেৰালাত ৯৩খন আসনত এইপৰ্যন্ত অগ্ৰগতিৰে এলডিএফে আৰু তামিলনাডুত ১৪০খন আসনত অগ্ৰগতিৰে ডিএমকে মিত্ৰজোঁটে চৰকাৰ গঠন কৰাটো স্পষ্ট হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ