--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : পশ্চিমবংগত ২০০খন আসন লাভৰ লক্ষ্যৰে সৰ্বশক্তিৰে অৱতীৰ্ণ হৈছিল বিজেপি। কিন্তু আজি চলি থকা ভোট গণনাত দেখা গৈছে তাৰ ওলোটা প্ৰতিচ্ছবি। বিজেপিৰ প্ৰবল প্ৰত্যাহ্বান তথা মোদী-শ্বাহ যুটীৰ আগ্ৰাসন নেওচি পুনৰ বংগৰ শাসনৰ গাদীত বহাটো নিশ্চিত কৰিলে মমতা বেনাৰ্জীয়ে। বিয়লিপৰ্যন্ত তৃণমূলে ২১০খন আসন লাভৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। ২১০খন আসনত অগ্ৰগতিৰে তৃণমূলে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ১৪৭খন আসনৰ সীমাৰেখা অতিক্ৰমী বহুদূৰ আগুৱাই গৈছে। আনহাতে বিজেপি থমকি ৰৈছে ৮০খন আসনতে।

আৰু পঢ়িব পাৰিব :  পৰাজয়ৰ গ্ৰাসত কোন কোন হেভীৱেট প্ৰাৰ্থী?

তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যখনত বাওঁ শিবিৰ একপ্ৰকাৰ উৎখাত হোৱাটো স্পষ্ট হৈ পৰিছে আৰু মাত্ৰ ১খন আসনতেহ বাওঁ দলে অগ্ৰগতি লাভ কৰিছে। মমতা বেনাৰ্জীয়ে তেওঁৰেই প্ৰাক্তন সতীৰ্থ শুভেন্দু অধিকাৰীৰ সৈতে প্ৰথম পৰ্যায়ত নন্দীগ্ৰাম সমষ্টিত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও পিছত তেওঁ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়। মমতাৰ নেতৃত্বতে বংগই আৰু পাঁচ বছৰ অগ্ৰসৰ হোৱাটো এতিয়া নিশ্চিত হৈ পৰিল। আনহাতে বংগত পৰাজয়ৰ বিপৰীতে অসমত প্ৰত্যাশিতভাৱেই বিজয় সাব্যস্ত কৰিলে বিজেপিয়ে। অসমত বিজেপি মিত্ৰজোঁটে এই পৰ্যন্ত ৭৬খন আসনত অগ্ৰগতি লাভ কৰিছে। ইয়াৰ ভিতৰত ভালেকেইখন আসনত বিজয় নিশ্চিত কৰিছে। শেষপৰ্যন্ত ফলাফলত সামান্য সালসলনি হ’লেও ফলাফল এতিয়া প্ৰায় নিশ্চিত হৈ পৰিছে আৰু বিজেপি মিত্ৰজোঁটেই ৰাজ্যৰ শাসনলৈ ঘূৰি অহাটো স্পষ্ট হৈ পৰিছে।

আৰু পঢ়িব পাৰিব : কোন সমষ্টিত কোনে মাৰিলে বিজয়ৰ হাঁহি? ‘প্ৰাগ নিউজ’ৰ নিৰ্বাচনী আপডেট

কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ দৰে নেতাৰ পৰাজয় বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। অত্যধিক আত্মবিশ্বাস আৰু ৰণকৌশলগত দুৰ্বলতা তথা নেতৃত্বহীনতাই যে কংগ্ৰেছৰ ব্যৰ্থতাৰ মূল কাৰণ তাক একে আষাৰে ক’ব পাৰি। সি যি কি নহওক অসমত আশাপ্ৰদ বিজয় বিজেপি চৰকাৰৰ বাবে এক ডাঙৰ সকাহ হিচাপে চিহ্নিত হৈছে। কিয়নো আন ৰাজ্যকেইখনত বিজেপিৰ প্ৰভাৱশালী নহয়। তুলনামূলকভাৱে কম গুৰুত্বপূৰ্ণ পুডুচেৰীত বিজেপি মিত্ৰজোঁটে শাসনলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে। কেৰালাত ৯৩খন আসনত এইপৰ্যন্ত অগ্ৰগতিৰে এলডিএফে আৰু তামিলনাডুত ১৪০খন আসনত অগ্ৰগতিৰে ডিএমকে মিত্ৰজোঁটে চৰকাৰ গঠন কৰাটো স্পষ্ট হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু