--°C
Loading...
Listen to Article
2 min read
80%

অমৃতসৰ : ক'ভিড-১৯ৰ দ্ৰুত সংক্ৰমণৰ বাবে দেশত এতিয়া অস্বাভাৱিক জনজীৱন। আক্ৰান্তৰ দিশৰ পৰা নিতৌ ইটোৰ পাছত সিটো অনাকাংক্ষিত অভিলেখ গঢ়িছে দেশে। সংক্ৰমণৰ ক্ষিপ্ৰতা হ্ৰাস কৰিবলৈ মহাৰাষ্ট্ৰ,নতুন দিল্লীসহ একাধিক ৰাজ্যত এতিয়া সম্পূৰ্ণ তথা আংশিক লকডাউন ঘোষণা কৰা হৈছে। এনে পৰিস্থিতিত ক'ভিড বিধি উলংঘা কৰি ৱেব চিৰিজক শ্বুটিংত ব্যস্ত বলীউদ অভিনেতা জিমী শ্বেৰগিল। এই বিষয়ে আৰক্ষীয়ে অৱগত হোৱাৰ লগে লগে শ্বুটিংস্থলীত উপস্থিত হয়।

আৰু পঢ়িব পাৰিব : চৰকাৰৰ কঠোৰ নীতিৰ পাছতো কৰ’নাৰ দ্ৰুত সংক্ৰমণ অব্যাহত

তাৰকা অভিনেতাগৰাকী তথা কলা-কুশলী ৩৫জনক গ্ৰেপ্তাৰ কৰে। ক'ভিড-১৯ নিৰ্মূলৰ বাবে প্ৰশাসনে নৈশ সান্ধ্য আইন বলবৎ কৰিছে কেবাখনো ৰাজ্যত। এনে পৰিস্থিতিত, ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত পৰিচালক ইশ্বৰ নিবাসৰ 'Your honor' ৱেব চিৰিজৰ শ্বুটিং চলিছিল লুধিয়ানত।

এই ৱেব চিৰিজৰ মুখ্য ভূমিকাত অভিনয় কৰিছে প্ৰখ্যাত অভিনেতা জিমী শ্বেৰগিলে। ক'ভিড বিধি ভংগ কৰি লুধিয়ানাৰ আৰ্য নামৰ এখন বিদ্যালয়ত শ্বুটিংৰ কামত ব্যস্ত আছিল সমগ্ৰ টীম। শ্বুটিংস্থলীত নাছিল নিৰ্দিষ্ট ছেনিটাইজেচন পদ্ধতি, টীমটোৰ কোনো সদস্যৰে মুখত নাছিল মাস্ক।

আৰু পঢ়িব পাৰিব : ছয়গাঁৱত চাঞ্চল্য : নিৰুদ্দিষ্ট যুৱকৰ কংকাল উদ্ধাৰ

সামাজিক দূৰত্ব বুলিও একো নীতি নাছিল। এই অপৰাধৰ বাবে ভাৰতীয় দণ্ডবিধি আইন অনুসৰি ১৮৮ আৰু ২৬৯ৰ দুটা ধাৰাত অভিযুক্ত কৰে আৰক্ষীয়ে। শ্বুটিংস্থলীত শতাধিক লোক থকাৰ কথা প্ৰকাশ পাইছে। অৱশ্যে পৰিচালক ইশ্বৰ নিবাসৰ টীমৰ দাবী কৰিছে যে, শ্বুটিঙৰ বাবে প্ৰয়োজনীয় সকলো অনুমতি লোৱা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু