--°C
Loading...
Listen to Article
2 min read
80%

অমৃতসৰ : ক'ভিড-১৯ৰ দ্ৰুত সংক্ৰমণৰ বাবে দেশত এতিয়া অস্বাভাৱিক জনজীৱন। আক্ৰান্তৰ দিশৰ পৰা নিতৌ ইটোৰ পাছত সিটো অনাকাংক্ষিত অভিলেখ গঢ়িছে দেশে। সংক্ৰমণৰ ক্ষিপ্ৰতা হ্ৰাস কৰিবলৈ মহাৰাষ্ট্ৰ,নতুন দিল্লীসহ একাধিক ৰাজ্যত এতিয়া সম্পূৰ্ণ তথা আংশিক লকডাউন ঘোষণা কৰা হৈছে। এনে পৰিস্থিতিত ক'ভিড বিধি উলংঘা কৰি ৱেব চিৰিজক শ্বুটিংত ব্যস্ত বলীউদ অভিনেতা জিমী শ্বেৰগিল। এই বিষয়ে আৰক্ষীয়ে অৱগত হোৱাৰ লগে লগে শ্বুটিংস্থলীত উপস্থিত হয়।

আৰু পঢ়িব পাৰিব : চৰকাৰৰ কঠোৰ নীতিৰ পাছতো কৰ’নাৰ দ্ৰুত সংক্ৰমণ অব্যাহত

তাৰকা অভিনেতাগৰাকী তথা কলা-কুশলী ৩৫জনক গ্ৰেপ্তাৰ কৰে। ক'ভিড-১৯ নিৰ্মূলৰ বাবে প্ৰশাসনে নৈশ সান্ধ্য আইন বলবৎ কৰিছে কেবাখনো ৰাজ্যত। এনে পৰিস্থিতিত, ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত পৰিচালক ইশ্বৰ নিবাসৰ 'Your honor' ৱেব চিৰিজৰ শ্বুটিং চলিছিল লুধিয়ানত।

এই ৱেব চিৰিজৰ মুখ্য ভূমিকাত অভিনয় কৰিছে প্ৰখ্যাত অভিনেতা জিমী শ্বেৰগিলে। ক'ভিড বিধি ভংগ কৰি লুধিয়ানাৰ আৰ্য নামৰ এখন বিদ্যালয়ত শ্বুটিংৰ কামত ব্যস্ত আছিল সমগ্ৰ টীম। শ্বুটিংস্থলীত নাছিল নিৰ্দিষ্ট ছেনিটাইজেচন পদ্ধতি, টীমটোৰ কোনো সদস্যৰে মুখত নাছিল মাস্ক।

আৰু পঢ়িব পাৰিব : ছয়গাঁৱত চাঞ্চল্য : নিৰুদ্দিষ্ট যুৱকৰ কংকাল উদ্ধাৰ

সামাজিক দূৰত্ব বুলিও একো নীতি নাছিল। এই অপৰাধৰ বাবে ভাৰতীয় দণ্ডবিধি আইন অনুসৰি ১৮৮ আৰু ২৬৯ৰ দুটা ধাৰাত অভিযুক্ত কৰে আৰক্ষীয়ে। শ্বুটিংস্থলীত শতাধিক লোক থকাৰ কথা প্ৰকাশ পাইছে। অৱশ্যে পৰিচালক ইশ্বৰ নিবাসৰ টীমৰ দাবী কৰিছে যে, শ্বুটিঙৰ বাবে প্ৰয়োজনীয় সকলো অনুমতি লোৱা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ