--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে ২০২৪ বৰ্ষটো আছিল অতি বিশেষ। ভাৰতীয় দলৰ বাবেও ই বিশেষ আছিল, কাৰণ ভাৰতে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছিল, যাৰ চূড়ান্ত মেচখন ৯ জুনত অনুষ্ঠিত হৈছিল। 

এতিয়া বছৰৰ শেষৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে প্ৰকাশ কৰিছে এক বিশেষ তালিকা, য’ত আছে পাকিস্তানৰ বাবৰ আজম, অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেড, জিম্বাবুৱেৰ চিকন্দৰ ৰাজা আৰু ভাৰতৰ আৰ্ছদীপ সিং। আই চি চিৰ পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ অৱ দ্য ইয়েৰৰ খিতাপৰ দৌৰত এই চাৰিগৰাকী খেলুৱৈৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ভোটদান ইতিমধ্য চলি আছে।

বাবৰ আজম (পাকিস্তান)

২০২৪ চনত পাকিস্তানৰ অধিনায়ক বাবৰ আজমে ৭৩৮ ৰান সংগ্ৰহ কৰি দলটোৰ আটাইতকৈ নিৰ্ভৰযোগ্য বেটছমেন হিচাপে পৰিগণিত হয়। ২৪খন মেচত ৬টা অৰ্ধশতক অৰ্জন কৰে। আয়াৰলেণ্ড ভ্ৰমণত তেওঁৰ ৭৫ ৰানৰ ইনিংছ, য’ত তেওঁ ১৭৮.৫৭ ষ্ট্ৰাইক ৰেটত স্ক’ৰ কৰিছিল, এই বছৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ ভিতৰত অন্যতম।

ট্ৰেভিছ হেড (অষ্ট্ৰেলিয়া)

অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেডে ২০২৪ চনত টি-২০ ক্ৰিকেটত নিজৰ বেটিং দক্ষতা প্ৰদৰ্শন কৰিছিল। ১৫খন মেচত ১৭৮.৪৭ ষ্ট্ৰাইক ৰেটত ৫৩৯ ৰান সংগ্ৰহ কৰে। য’ত চাৰিটা অৰ্ধশতিকা অন্তৰ্ভুক্ত। ইংলেণ্ডৰ বিৰুদ্ধে তেওঁৰ ৫৯ ৰানৰ ইনিংছ চলিত বৰ্ষৰ অন্যতম আগ্ৰাসী ইনিংছ আছিল।

ছিকন্দাৰ ৰাজা (জিম্বাবুৱে)

জিম্বাবুৱেৰ অল-ৰাউণ্ডাৰ ছিকন্দাৰ ৰাজাই নিজৰ দলটোক বহু স্মৰণীয় জয়ৰ দিশত আগুৱাই লৈ যায়। ২০২৪ চনত তেওঁ ১৪৬.৫৪ ষ্ট্ৰাইক ৰেটত ৫৭৩ ৰান সংগ্ৰহ কৰাৰ লগতে ২২.২৫ বলিং গড়ত ২৪টা উইকেট দখল কৰিছিল। ৩/২৫ বলিং আৰু ভাৰতৰ বিৰুদ্ধে অধিনায়কত্বৰ বাবে দলটোৱে ১৩ ৰানত আচৰিত ধৰণৰ জয় লাভ কৰে। ৩৯ বছৰ বয়সতো ৰাজাৰ প্ৰদৰ্শনে তেওঁৰ অভিজ্ঞতা আৰু খেলৰ প্ৰতি সমৰ্পিততাৰ পৰিচয় দিয়ে।

আৰ্শদীপ সিং (ভাৰত)

ভাৰতৰ যুৱ বেগী বলাৰ আৰ্শদীপ সিঙে ২০২৪ চনত তেওঁৰ উজ্জ্বল বলিঙৰ জৰিয়তে ক্ৰিকেটপ্ৰেমীক আপ্লুত কৰিছিল। ২০২৪ চনত তেওঁ ১৮খন মেচত গড়ে ১৩.৫ ৰানত ৩৬টা উইকেট দখল কৰিছিল। বিশেষকৈ টি-২০ বিশ্বকাপ ২০২৪ৰ ফাইনেলত তেওঁৰ মাৰাত্মক বলিঙে ভাৰতে দ্বিতীয়বাৰৰ বাবে খিতাপ দখল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ আটাইতকৈ স্মৰণীয় ইনিংছটো ১৯ নং অভাৰত দেখা গৈছিল, যেতিয়া তেওঁ মাত্ৰ চাৰিটা ৰান দি বিপক্ষ দলটোক হেঁচা প্ৰয়োগ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ