--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ৰ চতুৰ্থখন টেষ্ট মেচ ভাৰতৰ বাবে হতাশাজনক আছিল। ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই ৰোমাঞ্চকৰ খেলখন পাঁচ দিন ধৰি চলিছিল, য’ত ভাৰতে অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। মেলবৰ্ণ টেষ্টৰ কাহিনী দুয়োটা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আছিল যদিও শেষত অষ্ট্ৰেলিয়াই জয়লাভ কৰে। এই পৰাজয়ৰ পিছত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই নিজৰ অনুভৱ ব্যক্ত কৰে।

কি ক’লে ৰোহিত শৰ্মাই?

খেলৰ অন্তত ৰোহিত শৰ্মাই কয়, ‘এই পৰাজয় অতি হতাশাজনক। এনে নাছিল যে আমি খেলপথাৰত যুঁজ দিয়াৰ ইচ্ছা হেৰুৱাই পেলাইছিলো। আমি শেষলৈকে যৎপৰোনাস্তি চেষ্টা কৰিলোঁ, কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি সফল হ’ব নোৱাৰিলোঁ। টেষ্ট মেচৰ সময়ত আমাৰ বহু সুযোগ আছিল, কিন্তু আমি সেইবোৰ সুবিধা লোৱাত ব্যৰ্থ হ’লোঁ।”

অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘আমি তেওঁলোকক ৯০/৬ত সীমাবদ্ধ কৰি ৰাখিছিলো, কিন্তু তেওঁলোকৰ নিম্ন ক্ৰমৰ অংশীদাৰিত্বই আমাক আঘাত দিছিল। আমি জানো যে টেষ্ট ক্ৰিকেটত পৰিস্থিতি কঠিন হ’ব পাৰে, কিন্তু এই পৰিস্থিতিত আমি ভাল প্ৰদৰ্শন কৰিব লাগিব।

খেলুৱৈৰ ওপৰত ৰোহিতৰ আস্থা

যুৱ বেটছমেন নীতিশ কুমাৰ ৰেড্ডীক প্ৰশংসা কৰি ৰোহিত শৰ্মাই কয়, ‘তেওঁ প্ৰথমবাৰৰ বাবে ইমান কঠিন পৰিস্থিতিত খেলিছিল আৰু ডাঙৰ কৌশল আৰু চৰিত্ৰ দেখুৱাইছিল। ভৱিষ্যতে তেওঁ আৰু ভাল কাম কৰিব বুলি মোৰ বিশ্বাস। দলটো তেওঁৰ লগত থিয় হৈ আছে।”

ইয়াৰ উপৰিও যশপ্ৰীত বুমৰাহক প্ৰশংসা কৰি তেওঁ কয়, “বুমৰাহে সদায়ৰ দৰেই উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল। তেওঁ পৰিসংখ্যাৰ প্ৰতি গুৰুত্ব নিদিয়ে, মাথোঁ দেশৰ হৈ খেলিব বিচাৰে আৰু দলৰ হৈ ভাল প্ৰদৰ্শন কৰিব বিচাৰে। কিন্তু, দুৰ্ভাগ্যজনকভাৱে তেওঁ সিটো মূৰৰ পৰা বিশেষ সমৰ্থন লাভ কৰিব নোৱাৰিলে।”

এই খেলখনত অষ্ট্ৰেলিয়াই ২-১ত অগ্ৰগতি লাভ কৰিছে। শেষৰ খেলত ভাৰতে ১১২/৩ ত আৰম্ভ কৰিছিল যদিও ডাঙৰ শ্বট খেলিবলৈ চেষ্টা কৰা ঋষভ পন্তৰ আউট হোৱাটো খেলৰ টাৰ্নিং পইণ্ট বুলি প্ৰমাণিত হয়। ইয়াৰ পিছত ভাৰতীয় বেটছমেনসকলে ইজনৰ পিছত সিজনকৈ আউট হোৱাৰ লগতে সমগ্ৰ দলটোৱে মাত্ৰ ৩৪ ৰানত শেষৰ ৭টা উইকেট হেৰুৱাই পেলায়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু