--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্তানে কিবা এটা সুধি আছে আৰু আপুনি ফোনটোলৈ চাই আছে। বন্ধুসকলে আপোনাৰ লগত কথা পাতি আছে, আপোনাৰ মনোযোগ ফোনত। পত্নীয়ে কিবা এটা কৈছে আৰু আপুনি ফোনত মগ্ন হৈ আছে। আলহীয়ে আপোনাক কিবা এটা সুধি আছে আৰু আপুনি ও,আ কৰি ফোন টিপি আছে। যদি আপুনি সঁচাকৈয়ে এনে কৰি আছে তেন্তে এক অতি ভুল কাম কৰি আছে। 

এই পৰিস্থিতিক ফোন ফবিং বোলা হয়। ফোন ফবিং মানে ফোনটোৰ সন্মুখত আপোনজনক আওকাণ কৰা। ই বৰ বিপজ্জনক। ইয়াৰ বাবেই মানুহ আপোনাৰ পৰা আঁতৰি গৈ থাকে আৰু আপুনি গমো নাপায়। ফোন ফবিঙে মানুহক অৱহেলিত আৰু অপমানিত বোধ কৰোৱায়।
Attention lovebirds! Phubbing might ruin your relationship with partner |  Relationships News – India TV
অষ্ট্ৰেলিয়াৰ চাৰ্লছ ষ্টুয়াৰ্ট বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ইয়াছলিম আল ছাগাফে ফবিঙৰ ওপৰত গৱেষণা কৰিছে। আন ১৭০টা গৱেষণা অধ্যয়ন কৰি তেওঁ ‘Psychology of Phubbing’ নামৰ গ্ৰন্থখন ৰচনা কৰে। তেওঁ কিতাপখনত কৈছে যে ফবিং হৈছে আপোনাৰ চৌপাশৰ মানুহক আওকাণ কৰাৰ এক বিকাৰ। শিশুৰ ওপৰত ইয়াৰ আটাইতকৈ বিপজ্জনক প্ৰভাৱ পৰে। তেওঁলোকে বঞ্চিত আৰু অৱহেলিত অনুভৱ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে তেওঁলোক হতাশাতো যাব পাৰে।
It's time to put that phone away. Here's how phubbing is ruining your  relationship - Hindustan Times
আপুনিও যদি ফোন ফবিঙত ভুগিছে তেন্তে আজিয়েই সেই অভ্যাস ত্যাগ কৰক, কাৰণ কোনোবাই কথা কৈ থাকোতে মোবাইল ফোন টিপি থাকিলে দেখাতো দৃষ্টিকটু লাগে। এনেকুৱা হলে মানুহে আপোনাৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ বাধ্য হব, ফলত আপুনি লাহে-লাহে আপোন মানুহ কিছুমানক হেৰুৱাব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা