--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি মহা কুম্ভমেলাৰ সামৰণি। ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল মহা কুম্ভমেলা। প্ৰচণ্ড শীতকো নেওচি ঠাণ্ডাত কঁপি কঁপি পৱিত্ৰ কুম্ভস্নান কৰিলে কোটি কোটি ভক্তই। প্ৰথমদিনাই কুম্ভমেলাত স্নান কৰিছিল ৫০ লাখ ভক্তই। ৪৫ দিনীয়া এই কুম্ভমেলাৰ সময়ত প্ৰায় ৬৫ কোটি ভক্ত প্ৰয়াগৰাজত সমবেত হয়। দেশী ভক্তৰ লগতে বৃহৎ পৰিমাণে বিদেশী ভক্তৰো আগমন ঘটিল মহা কুম্ভমেলাত।

১৩ জানুৱাৰীত পুহৰ পূৰ্ণিমা তিথিত প্ৰথম স্নানেৰে আৰম্ভ হয় মহাকুম্ভ মেলাৰ৷ আনহাতে, ২৬ ফেব্ৰুৱাৰী মহা শিৱৰাত্ৰিত ইয়াৰ সামৰণি পৰে। ছয়টা শ্বাহী স্নানৰ অন্তত এই মেলাৰ অন্ত পৰে৷ সেইকেইটা হৈছে-

পুহৰ পূৰ্ণিমা – ১৩ জানুৱাৰী।
মকৰ সংক্ৰান্তি – ১৪ জানুৱাৰী।
মৌনি অমাৱস্যা – ২৯ জানুৱাৰী।
বসন্ত পঞ্চমী – ৩ ফেব্ৰুৱাৰী।
মাঘী পূৰ্ণিমা – ১২ ফেব্ৰুৱাৰী।
মহা শিৱৰাত্ৰি – ২৬ ফেব্ৰুৱাৰী।

উত্তৰ প্ৰদেশৰ প্রয়াগৰাজত চলি থকা মহাকুম্ভমেলাৰ আজিৰ আনুষ্ঠানিকভাৱে সামৰণি পৰিব। প্রশাসনে ভক্তসকলৰ সুৰক্ষা আৰু সুবিধাৰ বাবে সকলো ব্যৱস্থা গ্রহণ কৰিছে। প্রয়াগৰাজৰ জিলা দণ্ডাধীশে জনোৱা অনুসৰি মেলাস্থলীত শৃংখলিত ব্যৱস্থা গঢ়ি তুলিবলৈ সকলো যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হৈছে। প্রশাসনে ভক্তসকলৰ যাতায়াতাৰ সুবিধাৰ দিশটোৰ প্রতি বিশেষ দৃষ্টি ৰাখিছে। মঙলবাৰে বিয়লি ৪ বজাৰ পৰা মহাকুম্ভমেলা অঞ্চলত যান-বাহন নিষিদ্ধ এলেকা স্থল ৰূপে ৰূপায়ণ কৰা হয়। 

সন্ধিয়া ৬ বজাৰ পৰা সমগ্র প্রয়াগৰাজ নগৰতো যান-বাহন নিষিদ্ধ এলেকা ৰূপে ঘোষণা কৰা হৈছে। ২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্রি উপলক্ষে অন্তিম বিশেষ স্নানৰ বাবে বহু ভক্তৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্রহণ কৰা হয়। 

অৱশ্যে, অত্যাৱশ্যকীয় সামগ্রী কঢ়িওৱা বাহনসমূহক এই নির্দেশনাৰ পৰা ৰেহাই দিয়া হৈছে। মঙলবাৰে সন্ধিয়া ৬ বজা পর্যন্ত মহাকুম্ভত ১.১১ কোটিতকৈও অধিক ভক্তই স্নান কৰে। আজিৰ দিনটোত প্ৰায় ৬ কোটি লোকে স্নান কৰাৰ সম্ভাৱনা।

ইমান দিনে উখল-মাখল হৈ থকা প্ৰয়াগৰাজ কাইলৈৰ পৰা নিজম পৰিব। তাকে লৈ মন সেমেকিছে প্ৰয়াগৰাজবাসীৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ