--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত শেষ হৈ গ’ল এটা সুখী পৰিয়াল। লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱে’ত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত পিতৃ আৰু দুটি শিশু সন্তানে চিৰদিনলৈ চকু মুদিলে আৰু মাতৃ সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। একে সময়তে ট্ৰেভেলাৰখনত থকা ২৫ জন যাত্ৰী আহত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে। উন্নাও জিলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।

তথ্য অনুসৰি ৩৫ বছৰীয়া ৰাঘবেন্দ্ৰ সিং, পত্নী নন্দিনী, ৩ বছৰীয়া পুত্ৰ আৰু ১ বছৰীয়া কন্যাৰ সৈতে এই পৰিয়ালটো এক বিবাহ অনুষ্ঠানৰ পৰা উভতি ঘৰলৈ আহি আছিল। তাৰপাছত পুৱা প্ৰায় ৫.৩০ বজাত উন্নাওৰ বাংগাৰমৌ থানা এলেকাত লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱে’ত পৰিয়ালটোৰ গাড়ীখনৰ এখন ট্ৰেভেলাৰৰ  সৈতে সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত ৰাঘবেন্দ্ৰ সিং আৰু দুই সন্তানৰ থিতাতে মৃত্যু হোৱাৰ লগতে নন্দিনীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ট্ৰেভেলাৰত যাত্ৰা কৰা লোকসকল প্ৰয়াগৰাজ মহাকুম্ভৰ পৰা উভতি আহিছিল। এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে ট্ৰেভেলাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে, যাৰ ফলত ট্ৰেভেলাৰখনত থকা ২৫জন লোক আহত হয়। আৰক্ষীয়ে তথ্য লাভ কৰি মৃতদেহকেইটা নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু আহতসকলক হাস্পতালত ভৰ্তি কৰায়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ