--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যত পুনৰ অনুষ্ঠিত হ’বলৈ গৈ আছে উপ-নিৰ্বাচন৷ ২০২১ত মাজুলী বিধানসভা সমষ্টিৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হৈছিল তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ পৰৱৰ্তী সময়ত অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে সৰ্বানন্দ সোণোৱালক ৰাজ্যসভাৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰে৷ তাৰ পাছত সোণোৱালে বিধায়ক পদৰ পৰা পদত্যাগ কৰাত বিগত পাঁচমাহে বিধায়কশূন্য হৈ আছিল মাজুলী সমষ্টি৷ পাঁচমাহৰ অন্তত ৭ মাৰ্চত সমষ্টিটোত হ’বলৈ গৈ আছে উপ-নিৰ্বাচন৷ উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যে টঙালি বান্ধিছে শাসক-বিৰোধীয়ে৷ বিজেপিয়ে সমষ্টিটোত প্ৰক্ষেপ কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা ভুবন গামক৷ একেদৰে, সমষ্টিটোৰ উপ-নিৰ্বাচনত এইবেলি ৰাজ্যৰ বিৰোধী শক্তি একত্ৰিত হৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে৷ অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে বিৰোধী ঐক্য গঠন কৰি উমৈহতীয়া প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে অসম জাতীয় পৰিষদৰ নেতা চিত্তৰঞ্জন বসুমতাৰীক৷ বিজেপিৰ ভুবন গাম আৰু অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীৰ মাজতেই হ’ব মূল প্ৰতিদ্বন্দ্বিতা৷ ইতিমধ্যে, দুয়োগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰি নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে৷ পৰহি ভুবন গামে মনোনয়ন-পত্ৰ দাখিল কৰাৰ পাছত কালি অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে মনোনয়ন-পত্ৰ দাখিল কৰে৷ চিত্তৰঞ্জন বসুমতাৰীৰ মনোনয়ন-পৰ্বত সংগ দিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ ভাস্ক’ ডি শইকীয়াই৷ আটাইকেইগৰাকী নেতাই এইবাৰ মাজুলীত শক্তিশালী নিৰ্বাচনী যুঁজ হ’ব বুলি মন্তব্য কৰিছে৷ বিজেপিৰ প্ৰাৰ্থী হিচাপে ভুবন গামৰ নাম প্ৰকাশ পোৱাৰ পাছতে স্থানীয় সংবাদ মাধ্যমত ভুবন গামৰ বিৰুদ্ধে সম্প্ৰচাৰ হৈছে বিভিন্ন দুৰ্নীতিৰ বাতৰি৷ সোণাপুৰত মাটি বেদখলৰ বাতৰিৰে এসময়ত সংবাদ শিৰোনাম দখল কৰা গামৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম জাতীয় পৰিষদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ৷ মাজুলীৰ পৰা গণেশগুৰিলৈ বিশাল ব্যৱসায়িক সাম্ৰাজ্যৰ অধিকাৰী ভুবন গামৰ বিপৰীতে চিত্তৰঞ্জন বসুমতাৰীৰ সম্বল জাতীয়তাবাদী আদৰ্শ আৰু স্বাভিমানী মন৷ বিজেপিৰ ধনবল, বাহুবল আৰু প্ৰলোভন ৰাজনীতিৰ বিপৰীতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী ন্যায়ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হোৱা বুলি মন্তব্যৰ দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই৷ দশক দশকজুৰি প্ৰতাৰিত প্ৰবঞ্চিত হৈ থকা মাজুলীবাসীৰ সমুখত সেয়ে এইবাৰ এক সুযোগ অহা বুলি ৰাজ্যৰ ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে৷ কিয়নো, এসময়ত ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা সমষ্টিটো আজিও সমস্যাৰে ভাৰাক্ৰান্ত৷ গৰাখহনীয়াই সংকুচিত কৰি আনিছে বিশ্বৰ বৃহত্তম নদীদ্বীপটোৰ মাটিকালি৷ গৰাখহনীয়াৰ উপৰি যোগাযোগ ব্যৱস্থা, স্বাস্থ্য আদি দিশতো পিছপৰি ৰৈছে সমষ্টিটোৰ উন্নয়ন৷ বিগত বৰ্ষত বৰলুইতৰ বুকুত সংঘটিত নাও দুৰ্ঘটনাৰ ভয়াৱহ স্মৃতি কোনো অসমীয়াই পাহৰিব নোৱাৰে৷ যোৰহাট-মাজুলী সংযোগী এখন দলঙৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে মাজুলীবাসীয়ে৷ এখন দলঙৰ বাবে তিনিবাৰকৈ আধাৰশিলা স্থাপন, ভূমিপূজন কৰিও মাজুলীৰ দলঙৰ অগ্ৰগতি পৰিলক্ষিত নহ’ল৷ একমাত্ৰ দলংখনক কেন্দ্ৰ কৰিয়েই মাজুলীবাসীৰ জনজীৱনক কৌশলগতভাৱে পৰিসীমিত কৰি পেলোৱা হৈছে৷ দলঙৰ বাহিৰেও সামগ্ৰিকভাৱে মাজুলীবাসীৰ পৰিচয়ক বিশ্বৰ সমুখত তুলি ধৰিবলৈ শাসকীয় পক্ষই কোনো ব্যৱস্থা আজিকোপতি গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল৷ আধ্যাত্মিক সংস্কৃতিৰ পীঠস্বৰূপ মাজুলীৰ সত্ৰ অথবা বৰণীয়া সংস্কৃতিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালে৷ একেদৰে, জিলাখনৰ জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰা নহ’ল৷ কেৱল ভোটৰ স্বাৰ্থতেই ব্যৱহাৰ কৰি থকা হ’ল মাজুলীবাসীক৷ সেয়ে এইবাৰ চৰ্চিত হৈছে ভুবন বনাম চিত্তৰঞ্জনৰ নিৰ্বাচনী যুঁজ৷ এফালে ধনবল, বাহুবল আৰু দুৰ্নীতিৰ বিশাল অধ্যায় আৰু আনফালে সুস্থ গণতন্ত্ৰৰ পক্ষত স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠাৰ যুঁজ৷ বিগত বিধানসভা নিৰ্বাচনত ধেমাজি সমষ্টিত পৰাজিত হোৱা জাতীয়তাবাদী নেতা চিত্তৰঞ্জন বসুমতাৰীক মাজুলীৰ ভোটাৰে কিধৰণে আদৰি লয়, সেয়া লক্ষ্যণীয় হ’ব৷ একেদৰে মাজুলীবাসীৰ জনাদেশে অসমৰ পৰৱৰ্তী ৰাজনৈতিক প্ৰেক্ষাপটলৈ কি বাৰ্তা কঢ়িয়াই, তাৰ বাবে বাট চাইছে অসমবাসীয়ে৷ কিয়নো, ৰাজনীতি নিকা কৰিবলৈ হ’লে দক্ষ, সৎ আৰু যোগ্য জনপ্ৰতিনিধি নিৰ্বাচিত কৰি পঠিওৱাৰ বিকল্প নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ