--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কৃষি আইনবিৰোধী কৃষকৰ প্ৰতিবাদক লৈ পুনৰ কেন্দ্ৰক সমালোচনা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। শনিবাৰে ৰাহুলে কেন্দ্ৰক সমালোচনা কৰি পুনৰ কয় যে, ভাৰতৰ অন্নদাতাসকলে শান্তিপূৰ্ণভাৱে দেশৰ উন্নততৰ ভৱিষ্যতৰ বাবে সংগ্ৰাম কৰি আছে আৰু বিশ্ব তেওঁলোকৰ সৈতে থিয় হৈছে।

আৰু পঢ়িব পাৰিব : ন্যায় বিচাৰি মহিলাৰ প্ৰতিবাদঃ হত্যাকাৰীৰ গ্ৰেপ্তাৰৰ দাবী

কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয়, ‘মোদী চৰকাৰে সঁচা বা ভাল দিন একোকে দিবলৈ সক্ষম হোৱা নাই। আমাৰ অন্নদাতাসকলে ভাৰতৰ ভাল ভৱিষ্যতৰ বাবে শান্তিপূৰ্ণভাৱে সংগ্ৰাম কৰি আছে আৰু মই তেওঁলোকেৰ সৈতে সদায় আছোঁ আৰু থাকিম।’ ৰাহুল গান্ধীয়ে টুইটযোগে মোদী চৰকাৰৰ অচ্ছে দিনৰ প্ৰতিশ্ৰুতিক এনেদৰে কটাক্ষ কৰে।

আৰু পঢ়িব পাৰিব : চলচ্চিত্ৰ জগতৰ বাবে ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি

ইফালে শুকুৰবাৰে ৰাজস্থানৰ পদমপুৰাত এখন জনসভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয় যে, দেশৰ প্ৰায় ৪০ শতাংশ লোকে কৃষিৰ সৈতে জড়িত ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে আৰু নতুন কৃষি আইনে তেওঁলোকক প্ৰভাৱিত কৰিব। তেওঁ কয় যে, এই ৪০ শতাংশ লোকে দেশৰ সকলো নাগৰিককে অন্ন দান কৰে আৰু এই ব্যৱসায়ৰ অৰ্থমূল্য হৈছে ৪০ লাখ কোটি টকা। এই ৪০ শতাংশ লোকৰ ব্যৱসায় দুজন মানুহৰ হাতত তুলি দিবলৈকে নতুন কৃষি আইন অনা হৈছে বুলিও তেওঁ দাবী কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু