--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কোভিড প্ৰতিষেধক গ্ৰহণ কৰা লোকসকলৰ মাজত চলোৱা সমীক্ষাই দিছে আশাৰ বতৰা। এই সমীক্ষাত অংশ লোৱা ৭.৭৫ লাখ লোকৰ ভিতৰত ৯৭শতাংশই টিকাকৰণক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। মঙলবাৰে এই তথ্য সদৰী কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে।

আৰু পঢ়িব পাৰিব : ১০০১ দিনৰ কাৰাৰুদ্ধ জীৱনৰ অন্তত স্বগৃহত এগৰাকী সংগ্ৰামী

১৭ জানুৱাৰীৰ পৰা ‘কো-উইন’ মোবাইল এপৰ জৰিয়তে কেন্দ্ৰই টিকা গ্ৰহণ কৰা লোকসকলৰ পৰা মতামত গ্ৰহণ কৰিছিল। এই প্ৰচেষ্টাত ৭.৭৫ লাখ লোকৰ সঁহাৰি লাভ কৰে। স্বাস্থ্য সচিব ৰাজেশ ভূষণে এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰিছে। উল্লেখ্য যে, ১৬ জানুৱাৰীত দেশত টিকাকৰণ অভিযান আৰম্ভ হৈছিল আৰু প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মীসকলৰ টিকাকৰণৰ ব্যৱস্থা কৰা হৈছিল।

আৰু পঢ়িব পাৰিব : অমানুষিক : গৌৰীপুৰত বিদ্যুতৰ খুটাত বান্ধি যুৱতীক নিৰ্যাতন

ভূষণে প্ৰকাশ কৰে যে, মোবাইল এপৰ জৰিয়তে প্ৰতিষেধক গ্ৰহণ কৰা লোকসকলক চাৰিটা প্ৰশ্ন সোধা হৈছিল আৰু ব্যক্তি বিশেষে এই প্ৰশ্নলানি বেলেগ আছিল। স্বাস্থ্য বিভাগে লাভ কৰা সঁহাৰিসমূহৰ ভিতৰত ৯৭.৩৫শতাংশ লোকে সামগ্ৰিক প্ৰক্ৰিয়াটোক লৈ সন্তুষ্টি ব্যক্ত কৰিছিল। তদুপৰি ৯৭.৩১শতাংশ লোকে প্ৰকাশ কৰিছিল যে, টিকাকৰণ কৰা স্থানত উপযুক্ত সামাজিক দূৰত্বৰ নীতি মানি চলা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ