--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক্ষুধাৰ ওচৰত যেন হাৰ মানিলে মাতৃৰ মমতাই। দাৰিদ্ৰতাই কোঙা কৰা এগৰাকী মাতৃ বাধ্য হ’ল নিজ সন্তানক বিক্ৰী কৰিবলৈ। মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ শ্বিৰডী চহৰৰ এগৰাকী মহিলাই দৰিদ্ৰতাৰ কৱলত তিনিদিনীয়া নিজ সন্তানক ১.৭৮ লাখ টকাৰ বিনিময়ত মুম্বাইৰ এগৰাকী লোকৰ ওচৰত বিক্ৰী কৰি দিয়ে।

মনপাড়া আৰক্ষী চকীৰ এগৰাকী বিষয়াই জনায় যে, মহিলাগৰাকীয়ে সন্তানটো জন্ম দিয়াৰ পাছত পৰিয়ালৰ দাৰিদ্ৰতাৰ বাবে পৰিচৰ্যা কৰিব পৰা অৱস্থাত নাছিল। উপায়ন্তৰ হৈ তেওঁ সন্তানটো বিক্ৰী কৰিবলৈ গ্ৰাহক বিচাৰিবলৈ লয়। মাতৃগৰাকীৰ এই প্ৰচেষ্টাত অন্য তিনিগৰাকী মহিলাই সহায় কৰা বুলিও জানিব পৰা গৈছে। বিচাৰ-খোচাৰ কৰি মহিলাগৰাকীয়ে মুলুণ্ড নিবাসী এগৰাকী ব্যক্তি ওচৰত সন্তানটো বিক্ৰী কৰিবলৈ চুক্তি কৰে। সন্তানটোৰ মাতৃয়ে অন্য অভিযুক্তসকলৰ সহায়ত কোনো নথি-পত্ৰ অবিহনে মৌখিক ভিত্তিত ১.৭৮ লাখ টকাৰ বিনিময়ত ব্যক্তিগৰাকীৰ ওচৰত বিক্ৰী কৰি দিয়ে।

তথ্যৰ আধাৰত আৰক্ষীয়ে ব্যক্তিগৰাকীৰ ঘৰত অভিযান চলাই নৱজাতকটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে সন্তানটোৰ মাতৃ, সন্তান ক্ৰয় কৰা ব্যক্তি, আন তিনিগৰাকী মহিলা আৰু এগৰাকী অন্য ব্যক্তিক আৰক্ষীয়ে আটক কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে এক গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক