--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক্ষুধাৰ ওচৰত যেন হাৰ মানিলে মাতৃৰ মমতাই। দাৰিদ্ৰতাই কোঙা কৰা এগৰাকী মাতৃ বাধ্য হ’ল নিজ সন্তানক বিক্ৰী কৰিবলৈ। মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ শ্বিৰডী চহৰৰ এগৰাকী মহিলাই দৰিদ্ৰতাৰ কৱলত তিনিদিনীয়া নিজ সন্তানক ১.৭৮ লাখ টকাৰ বিনিময়ত মুম্বাইৰ এগৰাকী লোকৰ ওচৰত বিক্ৰী কৰি দিয়ে।

মনপাড়া আৰক্ষী চকীৰ এগৰাকী বিষয়াই জনায় যে, মহিলাগৰাকীয়ে সন্তানটো জন্ম দিয়াৰ পাছত পৰিয়ালৰ দাৰিদ্ৰতাৰ বাবে পৰিচৰ্যা কৰিব পৰা অৱস্থাত নাছিল। উপায়ন্তৰ হৈ তেওঁ সন্তানটো বিক্ৰী কৰিবলৈ গ্ৰাহক বিচাৰিবলৈ লয়। মাতৃগৰাকীৰ এই প্ৰচেষ্টাত অন্য তিনিগৰাকী মহিলাই সহায় কৰা বুলিও জানিব পৰা গৈছে। বিচাৰ-খোচাৰ কৰি মহিলাগৰাকীয়ে মুলুণ্ড নিবাসী এগৰাকী ব্যক্তি ওচৰত সন্তানটো বিক্ৰী কৰিবলৈ চুক্তি কৰে। সন্তানটোৰ মাতৃয়ে অন্য অভিযুক্তসকলৰ সহায়ত কোনো নথি-পত্ৰ অবিহনে মৌখিক ভিত্তিত ১.৭৮ লাখ টকাৰ বিনিময়ত ব্যক্তিগৰাকীৰ ওচৰত বিক্ৰী কৰি দিয়ে।

তথ্যৰ আধাৰত আৰক্ষীয়ে ব্যক্তিগৰাকীৰ ঘৰত অভিযান চলাই নৱজাতকটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে সন্তানটোৰ মাতৃ, সন্তান ক্ৰয় কৰা ব্যক্তি, আন তিনিগৰাকী মহিলা আৰু এগৰাকী অন্য ব্যক্তিক আৰক্ষীয়ে আটক কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে এক গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক