--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেমিকে ১৮ বাৰ ছুৰিকাঘাত কৰা বাবে জীৱন মৃত্যুৰে যুঁজিছে এগৰাকী যুৱতীয়ে। যুৱতীগৰাকীয়ে বিয়াত বহিবলৈ অমান্তি হোৱাৰ বাবেই প্ৰেমিকে এই নৃশংস ঘটনা সংঘটিত কৰে। এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদত। যুৱতীগৰাকীৰ নাম শীৰ্ষা আৰু যুৱকজনৰ নাম বাসৱৰাজ বুলি জানিব পৰা গৈছে।

হায়দৰাবাদৰ ৰাচাকোণ্ডা কমিছনাৰেটৰ এলবি নগৰ আৰক্ষী থানাৰ সীমাৰ অধীনত হস্তিনাপুৰমত শীৰ্ষাই এক ভাড়াঘৰত বাস কৰে। শীৰ্ষাৰ ভাড়াঘৰৰ কোঠাতে বাসৱাৰজে এই ভয়ানক ঘটনা সংঘটিত কৰে। খবৰ অনুসৰি দুমাহ পূৰ্বে শীৰ্ষাৰ শ্ৰীধৰ নামৰ অন্য এজন যুৱকৰ সৈতে বাগদান সম্পন্ন হৈছিল। এই কথাতে ক্ষুণ্ণ হৈ আক্ৰমণাত্মক ৰূপত প্ৰেমিকাক ছুৰিকাঘাত কৰি এই অপৰাধ সংঘটিত কৰে বাসবৰাজে।

আৰু পঢ়কঃ বিৰাট কন্যাক ধৰ্ষণৰ ভাবুকি দিয়া অভিযন্তাক গ্ৰেপ্তাৰ

শীৰ্ষা আৰু বাসৱৰাজ বিকাৰাবাদ জিলাৰ দৌলতাবাদৰ বাসিন্দা আৰু তেওঁলোকৰ মাজত দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল বুলি জানিব পৰা গৈছে। কিন্তু ভিন্ন কাৰণত শীৰ্ষাই বাসৱৰাজৰ পৰা দূৰত্ব বজাই চলিবলৈ ধৰে আৰু অন্য এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লয়। ভুক্তভোগী শীৰ্ষা বৰ্তমান চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। অভিযুক্ত বাসবৰাজক কৰায়ত্ত কৰি হায়দৰাবাদ আৰক্ষীয়ে নিজ জিম্মাত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক