--°C
Loading...
Listen to Article
2 min read
80%
আমাৰ জীৱন মধুৰ কৰি ৰখাত আমাৰ সম্পৰ্কীয় ভাতৃ-ভগ্নীৰ অৱদান অপৰিসীম। শৈশৱ কালৰে পৰা সম্পৰ্কীয় ভাতৃ-ভগ্নীৰ সৈতে আমাৰ গঢ়ি উঠে নিবিড় তথা আত্মিক সম্পৰ্ক। বৰদেউতা-খুড়া, মামা, মাহী, জেঠাই, পেহীৰ ল'ৰা-ছোৱালীয়ে আমাৰ জীৱনত কিমান যে ৰং সিঁচি যায় সেয়া ভাষাৰে বৰ্ণনা কৰা অসম্ভৱ। আমাৰ সম্পৰ্কীয় ভাতৃ-ভগ্নীক এটা শব্দত ক'বলৈ হ'লে এটাই শব্দ আছে, সেয়া হৈছে 'কাজিন'। কাজিন যদিও এটা ইংৰাজী শব্দ ই কিন্তু অসমীয়া শব্দৰ দৰেই শিপাই আছে সমাজত। 

বন্ধৰ দিনত বা সুবিধা পালেই আমি যে গোট খাওঁ মামা, খুড়া, পেহীহঁতৰ ঘৰত আৰু আমি ল'ৰা-ছোৱালীবোৰে মিলি যে গোটেই দিনটো গল্প-গুজৱ কৰি, খেলা-ধূলা কৰি, খাদ্য উপভোগ কৰি, ৰং-ৰহইচ কৰি, দুষ্টালি কৰি অমূল্য সময়বোৰ পাৰ কৰোঁ, সেই দিনবোৰ বাৰু আপুনি মিছ কৰেনে! আমি কাজিনৰ ঘৰলৈ যাওঁ বা কাজিন আমাৰ ঘৰলৈ আহে। উভতিবৰ সময়ত আমাৰ যে দুচকুৰ কোণ সেমেকি উঠে, বুকুত যেন কিবা এটা শূন্যতাৰ সৃষ্টি হয়, সেই অনুভৱবোৰে আপোনাক এতিয়াও আমনি কৰেনে। 

সময়ৰ সোঁতত আমি হয়তো বহু ব্যস্ত হৈ পৰিলো। আমাৰ কাজিনো সময়ৰ পাকচক্ৰত ভীষণ ব্যস্ত। ব্যস্ততাৰ বাবে বৰ্তমান আমাৰ পৰা বহু দূৰত বাস কৰা আমাৰ আপোন ভাই-ভনীসকলক মনত পেলাবলৈ আমাৰ বাৰু সময় হয়নে... কিন্তু যেতিয়া আমি আমাৰ শৈশৱৰ দিনবোৰলৈ উভতি চাওঁ, তেতিয়া সম্পৰ্কীয় বাই-ভনী, ককাই-ভাইৰ সৈতে কটোৱা সোণোৱালী সময়বোৰে আমাৰ দুচকুত অগাডেৱা কৰে। কাজিন সহোদৰতকৈ কোনো গুণে কম নহয়। বহু বিপদৰ পৰা আমাক উদ্ধাৰ কৰি আনে কাজিনে। বহু সময়ত সাহসৰ ছাঁ হৈ থিয় হয় আমাৰ কাষত। ঘৰৰ যিকোনো অনুষ্ঠান, পূজা-পাৰ্বণ আদিত সম্পৰ্কীয় ভাতৃ-ভগ্নীয়ে ইমান সুন্দৰকৈ আগভাগ লয় যে সমগ্ৰ অনুষ্ঠানটো সুন্দৰকৈ সম্পন্ন হোৱাত বহু সহায়ক হয়।

কাজিনক যদিও আমি কেতিয়াও নাপাহৰো তথাপিও কাজিনক বিশেষভাৱে মনত পেলাবৰ বাবেও এটা নিৰ্দিষ্ট দিন আছে। আজি ২৪ জুলাই। আজিৰ দিনটোত সমগ্ৰ দেশজুৰি উদযাপন কৰা হয় 'নেশ্যনেল কাজিন ডে'(National Cousins Day)। কাজিনৰ মাজত থকা মৰম আৰু বন্ধন শক্তিশালী কৰাৰ বাবে প্ৰতি বছৰে ২৪ জুলাইত নেশ্যনেল কাজিন ডে উদযাপন কৰা হয়। আমাৰ জীৱনত নানা বন্ধুৰ আগমন ঘটাৰ পূৰ্বে কিন্তু আমাৰ কাজিনেই আছিল আমাৰ প্ৰকৃত বন্ধু তথা লগৰীয়া। এই বন্ধুত্ব আৰু সম্পৰ্কত থকা মধুৰতা বজাই ৰাখিবলৈ নেশ্যনেল কাজিন ডে উদযাপন আৰম্ভ কৰা হয়। 

আপুনি বাৰু বহুদিন আপোনাৰ সম্পৰ্কীয় ভাতৃ-ভগ্নীৰ খবৰ লোৱা নাই নেকি? আজিৰ দিনটোৰ মহত্ব বুজি এতিয়াই খবৰ লওক তেওঁলোকৰ। ফোন কৰক বা ভিডিঅ’ কল কৰক, আপোনাৰ শৈশৱৰ দিনবোৰৰ কথা মনত পেলাওক আৰু সেই মুহূৰ্তবোৰ সুঁৱৰি নিজকে জীপাল কৰক। 
ছ’চিয়েল মিডিয়াত কাজিনৰ সৈতে ফটো পষ্ট কৰক। ওচৰতে যদি কোনো আছে তেওঁক লগ কৰক, মনৰ কথা পাতক। বাহিৰতে সুন্দৰ এসাঁজ লগেভাগে খাওক বা ঘৰলৈ নিমন্ত্ৰণ কৰক। পাৰিলে তেওঁ ভালপোৱা কিবা এটা উপহাৰ দিয়ক। 

আজিৰ দিনটো আমাৰ পৰিয়ালৰ সম্পৰ্কীয় ভাতৃ-ভগ্নীৰ সৈতে উদযাপন কৰাৰ দিন। ক’বলৈ গ’লে ই এটা সম্পূৰ্ণ পাৰিবাৰিক দিন। এই দিনটো উদযাপন কৰি আমাৰ পাৰিবাৰিক সম্পৰ্কবোৰো শক্তিশালী কৰি তুলিব পাৰি। গতিকে দেৰি নকৰিব...আহক আজিৰ দিনটো আমি উৎসৰ্গিত কৰো আমাৰ মৰমৰ কাজিনৰ নামত..আৰু তেওঁলোকক অনুভৱ কৰোৱাওঁ যে তেওঁলোকৰ অবিহনে আমাৰ জীৱন সম্পূৰ্ণ কেতিয়াও নহয়..কেতিয়াও নহয়।

-কস্তুৰী বৰঠাকুৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ