--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ট্ৰাম্পে আমেৰিকাত থকা অবৈধ নাগৰিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈছে। ট্ৰাম্প প্ৰশাসনৰ এই পদক্ষেপৰ ফলত আমেৰিকাত অবৈধভাৱে বাস কৰি থকা প্ৰায় ১৮,০০০ ভাৰতীয় নিজ দেশলৈ ঘূৰি আহিব লাগিব। ইতিমধ্যে মঙলবাৰে টেক্সাছৰ পৰা ২০৫ জন অবৈধ ভাৰতীয়ক কঢ়িয়াই অনা আমেৰিকাৰ সামৰিক বিমান অমৃতসৰত অৱতৰণ কৰিছে।

 কোনো অনাকাংক্ষিত পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ পঞ্জাৱ আৰক্ষীক আগতীয়াকৈ সকীয়াই দিয়াৰ লগতে অমৃতসৰ বিমানবন্দৰত ইমান কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল। সূত্ৰ অনুসৰি এই ২০৫ জন লোকক প্ৰথম পৰ্যায়ত ভাৰতলৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পিছতে আমেৰিকাত থকা অবৈধভাবে বাস কৰা ভাৰতীয়ক ক্ৰমান্বয়ে বিতাড়িত কৰা হ’ব।

এক সূত্ৰ অনুসৰি এই অবৈধ ভাৰতীয়সকলৰ অধিকাংশই মেক্সিকো-আমেৰিকাৰ সীমান্তত ধৰা পৰিছিল। এই অবৈধ অনুপ্ৰৱেশকাৰীসকলে বৈধভাৱে ভাৰত এৰি গৈছিল। পিছত তেওঁলোকক অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰি থকা অৱস্থাত ধৰা পৰে। সেয়ে ভাৰতত তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ কোনো সম্ভাৱনা নাই।

ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত অবৈধ অনুপ্ৰৱেশকাৰীক নিজৰ দেশলৈ ঘূৰাই পঠিয়াবলৈ তেওঁ উদ্যোগ লৈছিল। ইতিমধ্যে আমেৰিকাত বাস কৰা কেইবাখনো দেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰিবলৈ আৰম্ভ কৰিছে টৰাম্প প্ৰশাস। ইয়াৰ ভিতৰত ভাৰতো অনন্তৰ্ভুক্ত আছে। হোৱাইট হাউছে মঙলবাৰৰ পৰা ভাৰতলৈ অবৈধ অনুপ্ৰৱেশকাৰী প্ৰেৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে৷

উল্লেখযোগ্য যে আমেৰিকাত ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানৰ সময়তে অবৈধ অনুপ্ৰৱেশৰ ক্ষেত্ৰত দিল্লীৰ স্থিতি স্পষ্ট কৰিছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। বৈদেশিক মন্ত্ৰীগৰাকীয়ে আমেৰিকাত কোনো অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰী আছে নে নাই সেই সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা বিৰত আছিল। তেওঁ ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত কয় যে অনুপ্ৰৱেশৰ ক্ষেত্ৰত ভাৰতৰ যি নীতিগত স্থিতি আছে, যিটো প্ৰতিখন দেশতে প্ৰযোজ্য, গতিকে ভাৰতে সদায় আইনী অনুপ্ৰৱেশক সমৰ্থন কৰে বুলি মন্তব্য প্ৰদান কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ