--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনলাইন শ্বপিঙৰ সৈতে জড়িত প্ৰৱঞ্চনাৰ ঘটনা প্ৰায়ে ছ’চিয়েল মিডিয়াত পোহৰলৈ আহে। শেহতীয়াকৈ এজন আমেৰিকান মানুহ অনলাইন শ্বপিঙৰ প্ৰবঞ্চনাৰ বলি হ’ল। আমেৰিকাৰ জৰ্জিয়াৰ বাসিন্দা এই ব্যক্তিজনে আচৰিত হৈছিল যেতিয়া তেওঁ অৰ্ডাৰ কৰা সামগ্ৰীৰ সলনি সামগ্ৰীৰ ছপা ছবিহে তেওঁৰ ওচৰলৈ ডেলিভাৰী কৰা হৈছিল। 

৬৮ বছৰীয়া চিলভেষ্টাৰ ফ্ৰেংকলিনে চীনৰ অনলাইন বজাৰ AliExpressৰ পৰা প্ৰায় ৪০ ডলাৰত প্ৰেচাৰ ৱাশ্বাৰযুক্ত ড্ৰিল মেচিন ক্ৰয় কৰিছিল। ব্যক্তিজনে অনুভৱ কৰিলে যে তেওঁ কম টকাতে বহুত ভাল বস্তু পাইছে। অৱশ্যে পিছতহে তেওঁ গম পালে যে আচল কথাটো কি।

যেতিয়া মানুহজনে সামগ্ৰীখিনি পাইছিল, তেতিয়া তেওঁ স্তম্ভিত হৈ পৰিছিল যে প্ৰকৃত ড্ৰিলৰ সলনি কোম্পানীটোৱে ড্ৰিলিং মেচিন আৰু স্ক্ৰুৰ ছপা ফটো এখন পঠিয়াইছে। ইয়াৰ পিছত ফ্ৰেংকলিনে সংবাদ মাধ্যমক কয়, "মই প্ৰায় ৪০ ডলাৰ দিলোঁ। মই মাত্ৰ ড্ৰিলৰ ছবিহে পালোঁ। মই স্তম্ভিত হৈ পৰিলোঁ। লগে লগে তেওঁলোকৰ সৈতে যোগাযোগ কৰিলোঁ ধন ঘূৰাই পাবলৈ।" কিন্তু এই ক্ষেত্ৰতো ফ্ৰেংকলিনে বহুত সংগ্ৰাম কৰিবলগীয়া হৈছে। ফ্ৰেংকলিনে বিক্ৰেতাজনৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও এতিয়াও ধন ঘূৰাই পোৱা নাই।

উল্লেখ্য যে AliExpress আলিবাবাৰ সহযোগী কোম্পানী আৰু ইয়াক প্ৰায়ে “চীনৰ আমাজন” বুলি কোৱা হয়। বিগত সময়তো ইয়াক বহু সন্দেহজনক কামৰ বাবে সমালোচনা কৰা হৈছে। বেটাৰ বিজনেছ ব্যুৰোৰ মতে, AliExpressৰ ডি ৰেটিং আছে আৰু হাজাৰ হাজাৰ ক্ৰেতাৰ অভিযোগৰ প্ৰতি সঁহাৰি জনোৱাত ব্যৰ্থ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ