--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্রিষ্টিয়ানো ৰোনাল্ডৰ পাছত এইবাৰ আন এজন ছুপাৰষ্টাৰ দুর্ঘটনাৰ কবলত! তেওঁ আন কোনো নহয়, একমাত্ৰ আৰু অদ্বিতীয় নেইমাৰ। সকলো ঠিকেই আছিল। কিন্তু মাজ আকাশতে বিপদত পৰিল ব্ৰাজিলৰ এই ছুপাৰষ্টাৰগৰাকীৰ ব্যক্তিগত বিমানখন। বাৰ্বাডোছৰ পৰা উৰা মৰাৰ কিছু সময়ৰ পিছতে বেয়া বতৰৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। পাইলটে লগে লগে জৰুৰীকালীন অৱতৰণৰ সিদ্ধান্ত লয়। উত্তৰ-পূব ব্ৰাজিলৰ এটা সৰু বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে বিমানখন। নেইমাৰৰ লগত আছিল তেওঁৰ ভগ্নীও।

সোমবাৰে এক দুৰ্ঘটনাত পতিত হৈছিল ক্ৰিষ্টিয়ানো ৰোনাল্ডৰ ১৬.৫ কোটি টকাৰ বিলাসী বাহনখন। স্পেইনৰ মাল’ৰ্কা অঞ্চলৰ পথত খোজকাঢ়ি গৈ থকা অৱস্থাত পৰ্তুগীজ ছুপাৰষ্টাৰগৰাকীৰ গাড়ীখনে দেৱালত খুন্দা মাৰে। কিন্তু গাড়ীখন দুৰ্ঘটনাত পতিত হ’লেও সেই সময়ত গাড়ীখনত নাছিল ৰোনাল্ড। জানিবলৈ পোৱা মতে, দেহৰক্ষীয়ে গাড়ীখন চলাই নিছিল। দুৰ্ঘটনাটোত গাড়ীখন ক্ষতিগ্ৰস্ত হয়। অৱশ্যে, এই ঘটনাত কোনো লোক আহত হোৱা নাই।
 
নেইমাৰো এই ভ্ৰমণৰ পৰা ৰক্ষা পৰে। বিমান যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে নেইমাৰে নিজৰ ভগ্নী ৰাফেলাৰ সৈতে এখন ফটো তুলিছিল। সেই ছবিখন তেওঁ ইনষ্টাগ্ৰামতো পোষ্ট কৰিছিল। ছ’চিয়েল মিডিয়াত বিমানখনে আকাশলৈ উৰা মৰাৰ পিছত বিমানৰ খিৰিকীৰে তোলা তলৰ ছবিবোৰো প্ৰকাশ কৰিছে নেইমাৰে।

উল্লেখ্য যে, নেইমাৰে ভনীয়েকৰ সৈতে মিয়ামীলৈ ছুটীত গৈছিল। ব্ৰাজিললৈ উভতি আহোঁতে এই ঘটনা সংঘটিত হয়। অৱশেষত বিমানখন নিৰাপদ স্থানত অৱতৰণ কৰে। অৱশ্যে, নেইমাৰ আৰু তেওঁৰ ভগ্নী বৰ্তমান সুস্থ অৱস্থাতে আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু