--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্রিষ্টিয়ানো ৰোনাল্ডৰ পাছত এইবাৰ আন এজন ছুপাৰষ্টাৰ দুর্ঘটনাৰ কবলত! তেওঁ আন কোনো নহয়, একমাত্ৰ আৰু অদ্বিতীয় নেইমাৰ। সকলো ঠিকেই আছিল। কিন্তু মাজ আকাশতে বিপদত পৰিল ব্ৰাজিলৰ এই ছুপাৰষ্টাৰগৰাকীৰ ব্যক্তিগত বিমানখন। বাৰ্বাডোছৰ পৰা উৰা মৰাৰ কিছু সময়ৰ পিছতে বেয়া বতৰৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। পাইলটে লগে লগে জৰুৰীকালীন অৱতৰণৰ সিদ্ধান্ত লয়। উত্তৰ-পূব ব্ৰাজিলৰ এটা সৰু বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে বিমানখন। নেইমাৰৰ লগত আছিল তেওঁৰ ভগ্নীও।

সোমবাৰে এক দুৰ্ঘটনাত পতিত হৈছিল ক্ৰিষ্টিয়ানো ৰোনাল্ডৰ ১৬.৫ কোটি টকাৰ বিলাসী বাহনখন। স্পেইনৰ মাল’ৰ্কা অঞ্চলৰ পথত খোজকাঢ়ি গৈ থকা অৱস্থাত পৰ্তুগীজ ছুপাৰষ্টাৰগৰাকীৰ গাড়ীখনে দেৱালত খুন্দা মাৰে। কিন্তু গাড়ীখন দুৰ্ঘটনাত পতিত হ’লেও সেই সময়ত গাড়ীখনত নাছিল ৰোনাল্ড। জানিবলৈ পোৱা মতে, দেহৰক্ষীয়ে গাড়ীখন চলাই নিছিল। দুৰ্ঘটনাটোত গাড়ীখন ক্ষতিগ্ৰস্ত হয়। অৱশ্যে, এই ঘটনাত কোনো লোক আহত হোৱা নাই।
 
নেইমাৰো এই ভ্ৰমণৰ পৰা ৰক্ষা পৰে। বিমান যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে নেইমাৰে নিজৰ ভগ্নী ৰাফেলাৰ সৈতে এখন ফটো তুলিছিল। সেই ছবিখন তেওঁ ইনষ্টাগ্ৰামতো পোষ্ট কৰিছিল। ছ’চিয়েল মিডিয়াত বিমানখনে আকাশলৈ উৰা মৰাৰ পিছত বিমানৰ খিৰিকীৰে তোলা তলৰ ছবিবোৰো প্ৰকাশ কৰিছে নেইমাৰে।

উল্লেখ্য যে, নেইমাৰে ভনীয়েকৰ সৈতে মিয়ামীলৈ ছুটীত গৈছিল। ব্ৰাজিললৈ উভতি আহোঁতে এই ঘটনা সংঘটিত হয়। অৱশেষত বিমানখন নিৰাপদ স্থানত অৱতৰণ কৰে। অৱশ্যে, নেইমাৰ আৰু তেওঁৰ ভগ্নী বৰ্তমান সুস্থ অৱস্থাতে আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ