--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়ান ১৭ অনূৰ্ধ্বৰ ৰেছলিং চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা মল্লযুঁজাৰুসকলে চাৰিটাকৈ সোণৰ পদক লাভ কৰিছে। ৪০ কেজি শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে মুস্কানে। শ্ৰুতিয়ে ৪৮ কেজি শাখাত, ৫৩ কেজি শাখাত ৰীনাই আৰু ৬১ কেজি শাখাত সবিতাই সোণৰ পদক লাভ কৰে। ৬৯ কেজি শাখাত মানসী ভাদনাই ব্ৰঞ্জৰ পদক লাভ কৰিছে।

ভাৰতীয় পুৰুষৰ ভিতৰত ৪৮ কেজি শাখাত ৰোণিত শৰ্মাই এটা ব্ৰঞ্জৰ পদক লাভ কৰে। ১১০ কেজি শাখাত প্ৰদীপ সিঙে ৰূপৰ পদক আৰু ৬০ কেজি শাখাত মোহিত খোকাই ব্ৰঞ্জৰ পদক লাভ কৰে।

কিছুদিন পূৰ্বে ৰিঅ’ অলিম্পিকত মল্লযুঁজত সোণৰ পদক লাভ কৰিছিল সাক্ষী মালিকে। ৫ বছৰ অপেক্ষাৰ অন্তত অৱশেষত পুনৰ মল্লযুঁজত সোণৰ পদক লাভ কৰিছে সাক্ষী মালিকে। ইউ ডব্লিউ ডব্লিউ ৰেংকিং ছিৰিজত ভাৰতীয় মহিলা মল্লযুঁজাৰুগৰাকীয়ে এই প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে। ভাৰতীয় মল্লযুঁজাৰুসকলৰ মাজতো প’ডিয়ামৰ শীৰ্ষত আছিল মানসী আৰু দিব্যা। কিন্তু সাক্ষীৰ প্ৰত্যাৱৰ্তনৰ খবৰটোৱে বিশেষভাৱে ক্ৰিয়া কৰিছে ভাৰতীয় শিবিৰত। ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত পদক বিজয়ী সাক্ষীয়ে  ২০১৭ চনৰ কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিছিল। অলিম্পিকৰ মঞ্চত সাক্ষীৰ সফলতাই বহুতকে অনুপ্ৰাণিত কৰিছে। ভাৰতীয় মহিলা মল্লযুঁজাৰু সকলৰ শেহতীয়া কৃতিত্বই গৰ্বিত কৰি তুলিছে দেশবাসীক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ