--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এলে ভাৰতীয় ক্ৰিকেটত সৃষ্টি কৰিছে কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰ। আই পি এলত কৰা উন্নত প্ৰদৰ্শনৰ সুবাদত ভাৰতীয় দললৈ আমন্ত্ৰণ লাভ কৰিছে কেইবাগৰাকীও যুৱ ক্ৰিকেটাৰে। এই যুৱ ক্ৰিকেটাৰ সকলে ভাৰতীয় দলক প্ৰদান কৰিছে এক নতুন শক্তি। অৱশ্যে আই পি এলত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আগবঢ়াই থাকিলেও কেতিয়াবা জাতীয় দলত স্থান লাভত বিফল হৈছে কেইবাজনো ভাৰতীয় ক্ৰিকেটাৰ। উদাহৰণস্বৰূপে ৰাহুল ত্ৰিপাঠীৰ দৰে বেটাৰৰ কথাকে ক’ব পাৰি। 
আইপিএলৰ শেহতীয়া কেইটামান চিজনত ত্ৰিপাঠীয়ে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই আহিছিল। ইয়াৰ পিছতো ভাৰতীয় দলৰ নিৰ্বাচক মণ্ডলীৰ মন জয় কৰিব পৰা নাছিল ৰাহুলে। অৱশ্যে শেহতীয়াকৈ ঘোষিত আয়াৰলেণ্ড শৃংখলাৰ বাবে ভাৰতীয় দললৈ প্ৰথমবাৰৰ বাবে আমন্ত্ৰণ লাভ কৰে ৰাহুলে। 

কিন্তু এই ৰাহুলে দলত স্থান পালেও পুনৰ এবাৰ নিৰাশ হ’বলগীয়া হয় আন এগৰাকী ৰাহুল নামৰ ক্ৰিকেটাৰ। পুনৰ এবাৰ উপেক্ষিত হৈ এই ৰাহুল ভাগি পৰিছে হতাশাত। আৰু এই হতাশা সামাজিক মাধ্যম টুইটাৰ যোগে ব্যক্ত কৰি আবেগিক হৈ পৰিছে এই খেলুৱৈগৰাকী। এই ৰাহুল আন কোনো নহয়, এওঁ হৈছে সদ্যসমাপ্ত আই পি এলত বিজয়ৰ মুকুটধাৰী গুজৰাট টাইটানছৰ এজন গুৰুত্বপূৰ্ণ সদস্য ৰাহুল টেৱাটিয়া।

আয়াৰলেণ্ড ভ্ৰমণৰ বাবে ঘোষিত ভাৰতীয় দলত ৰাহুল টেৱাটিয়াই স্থান লাভ কৰাৰ সম্ভাৱনাৰ বিষয়ে ক্ৰিকেট বিষেশজ্ঞ সকলৰ মুখত বাৰুকৈয়ে চৰ্চা হৈছিল। টিলাটিৰ শেহতীয়া প্ৰদৰ্শন ইয়াৰ অন্যতম কাৰণ আছিল। কিন্তু ভাৰতৰ নিৰ্বাচক কমিটিয়ে আয়াৰলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত নকৰিলে টেৱাটিয়াক। এইবাৰো উপেক্ষিত হৈ টেৱাটিয়াই টুইটাৰত এটা পোষ্টত লিখে, “"প্ৰত্যাশাই আঘাত কৰে"।

টটেৱাটিয়ৰ এই পোষ্ট ইয়াৰ পিছতে ভাইৰেল হৈ পৰে। সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলে এই পোষ্টটোৰ বাবে টেৱাটিয়াক সমবেদনা জনায়। কিন্তু এইবাৰ ভাগি পৰা টেৱাটিয়ালৈ এক বিশেষ উপদেশ আগবঢ়াইছে দক্ষিণ আফ্ৰিকাৰ কিংবদন্তি ক্ৰিকেটাৰ গ্ৰেম স্মিথে। টেৱাটিয়াক স্মিথে টুইটাৰৰ পৰা আঁতৰি খেলত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। 

স্মিথে কয়, "আমি জানো ৰাহুল টেৱাটিয়াই ভাল প্ৰদৰ্শন কৰিছে। দলটোত বহুকেইজন খেলুৱৈ আছে, যি ভাল প্ৰদৰ্শন আগবঢ়াই আহিছে। সেয়েহে দলত স্থানলাভৰ বাবে ইমান প্ৰতিযোগিতা হৈছে। গতিকে মই টেৱাটিয়াক টুইটাৰৰ পৰা আঁতৰি থাকি খেলত মনোযোগ দিবলৈ আৰু ভাল প্ৰদৰ্শন কৰিবলৈ পৰামৰ্শ দিম।”

ষ্টাৰ স্পৰ্টছৰ সৈতে হোৱা সাক্ষাৎকাৰটোত স্মিথে লগতে কয়, “টেৱাটিয়াই নিজেই নিশ্চিত কৰিব লাগিব যে পৰৱৰ্তী সময়ত দলত স্থান লাভ কৰাৰ পাছত যাতে কোনেও তেওঁক দলৰ বাহিৰ কৰিব নোৱাৰে। কিয়নো ভাল প্ৰদৰ্শনৰ দ্বাৰা তেওঁ নিজে সেই দুৱাৰখন বন্ধ কৰিব লাগিব।" 

স্মিথে লগতে  অষ্ট্ৰেলিয়াত ১৬ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ বাছনি সমিতিৰ পৰিকল্পনাত টেৱাটিয়াই স্থান লাভ কৰাৰ আশা নাই বুলিও ঈঙ্গিত দিয়ে।

প্ৰাক্তন খেলুৱৈগৰাকীয়ে কয়, "ভাৰতে বহুকেইজন প্ৰতিভাশালী খেলুৱৈ পাইছে। দলৰ নিৰ্বাচক, প্ৰশিক্ষক দ্ৰাবিড় আৰু অধিনায়ক ৰোহিত শৰ্মাৰ নিশ্চিত ৰূপত দলটোৰ সংখ্যাগৰিষ্ঠ অংশ কেনেকুৱা হ'ব আৰু দলটোৰ ভাৰসাম্য কি হ’ব সেই সম্পৰ্কে ধাৰণা থাকিব।” 

উল্লেখ্য যে অলৰাউণ্ডাৰ গৰাকীয়ে এই বৰ্ষৰ আই পি এলত নৱাগত গুজৰাট টাইটানছৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। চিজনটোত তেওঁ ১২ টা ইনিংছত ১৪৭.৬২ ৰ ষ্ট্ৰাইক ৰেটেৰে ২১৭ ৰাণ সংগ্ৰহ কৰিছিল। ইয়াৰ পূৰ্বেও বিগত দুটা চিজনত তেওঁ ৰাজস্থান ৰয়েলছক প্ৰতিনিধিত্ব কৰি উন্নত প্ৰদৰ্শন আগবঢ়াইছিল। বিশেষকৈ ২০২০ বৰ্ষৰ আই পি এলত টেৱাটিয়াৰ প্ৰদৰ্শন চমকপ্ৰদ আছিল। আক্ৰমণাত্মক বেটিঙৰ লগতে সফল বলিঙৰ বাবেও টেৱাটিয়া সেইবাৰ চৰ্চালৈ আহিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ