--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এলে ভাৰতীয় ক্ৰিকেটত সৃষ্টি কৰিছে কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰ। আই পি এলত কৰা উন্নত প্ৰদৰ্শনৰ সুবাদত ভাৰতীয় দললৈ আমন্ত্ৰণ লাভ কৰিছে কেইবাগৰাকীও যুৱ ক্ৰিকেটাৰে। এই যুৱ ক্ৰিকেটাৰ সকলে ভাৰতীয় দলক প্ৰদান কৰিছে এক নতুন শক্তি। অৱশ্যে আই পি এলত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আগবঢ়াই থাকিলেও কেতিয়াবা জাতীয় দলত স্থান লাভত বিফল হৈছে কেইবাজনো ভাৰতীয় ক্ৰিকেটাৰ। উদাহৰণস্বৰূপে ৰাহুল ত্ৰিপাঠীৰ দৰে বেটাৰৰ কথাকে ক’ব পাৰি। 
আইপিএলৰ শেহতীয়া কেইটামান চিজনত ত্ৰিপাঠীয়ে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই আহিছিল। ইয়াৰ পিছতো ভাৰতীয় দলৰ নিৰ্বাচক মণ্ডলীৰ মন জয় কৰিব পৰা নাছিল ৰাহুলে। অৱশ্যে শেহতীয়াকৈ ঘোষিত আয়াৰলেণ্ড শৃংখলাৰ বাবে ভাৰতীয় দললৈ প্ৰথমবাৰৰ বাবে আমন্ত্ৰণ লাভ কৰে ৰাহুলে। 

কিন্তু এই ৰাহুলে দলত স্থান পালেও পুনৰ এবাৰ নিৰাশ হ’বলগীয়া হয় আন এগৰাকী ৰাহুল নামৰ ক্ৰিকেটাৰ। পুনৰ এবাৰ উপেক্ষিত হৈ এই ৰাহুল ভাগি পৰিছে হতাশাত। আৰু এই হতাশা সামাজিক মাধ্যম টুইটাৰ যোগে ব্যক্ত কৰি আবেগিক হৈ পৰিছে এই খেলুৱৈগৰাকী। এই ৰাহুল আন কোনো নহয়, এওঁ হৈছে সদ্যসমাপ্ত আই পি এলত বিজয়ৰ মুকুটধাৰী গুজৰাট টাইটানছৰ এজন গুৰুত্বপূৰ্ণ সদস্য ৰাহুল টেৱাটিয়া।

আয়াৰলেণ্ড ভ্ৰমণৰ বাবে ঘোষিত ভাৰতীয় দলত ৰাহুল টেৱাটিয়াই স্থান লাভ কৰাৰ সম্ভাৱনাৰ বিষয়ে ক্ৰিকেট বিষেশজ্ঞ সকলৰ মুখত বাৰুকৈয়ে চৰ্চা হৈছিল। টিলাটিৰ শেহতীয়া প্ৰদৰ্শন ইয়াৰ অন্যতম কাৰণ আছিল। কিন্তু ভাৰতৰ নিৰ্বাচক কমিটিয়ে আয়াৰলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত নকৰিলে টেৱাটিয়াক। এইবাৰো উপেক্ষিত হৈ টেৱাটিয়াই টুইটাৰত এটা পোষ্টত লিখে, “"প্ৰত্যাশাই আঘাত কৰে"।

টটেৱাটিয়ৰ এই পোষ্ট ইয়াৰ পিছতে ভাইৰেল হৈ পৰে। সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলে এই পোষ্টটোৰ বাবে টেৱাটিয়াক সমবেদনা জনায়। কিন্তু এইবাৰ ভাগি পৰা টেৱাটিয়ালৈ এক বিশেষ উপদেশ আগবঢ়াইছে দক্ষিণ আফ্ৰিকাৰ কিংবদন্তি ক্ৰিকেটাৰ গ্ৰেম স্মিথে। টেৱাটিয়াক স্মিথে টুইটাৰৰ পৰা আঁতৰি খেলত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। 

স্মিথে কয়, "আমি জানো ৰাহুল টেৱাটিয়াই ভাল প্ৰদৰ্শন কৰিছে। দলটোত বহুকেইজন খেলুৱৈ আছে, যি ভাল প্ৰদৰ্শন আগবঢ়াই আহিছে। সেয়েহে দলত স্থানলাভৰ বাবে ইমান প্ৰতিযোগিতা হৈছে। গতিকে মই টেৱাটিয়াক টুইটাৰৰ পৰা আঁতৰি থাকি খেলত মনোযোগ দিবলৈ আৰু ভাল প্ৰদৰ্শন কৰিবলৈ পৰামৰ্শ দিম।”

ষ্টাৰ স্পৰ্টছৰ সৈতে হোৱা সাক্ষাৎকাৰটোত স্মিথে লগতে কয়, “টেৱাটিয়াই নিজেই নিশ্চিত কৰিব লাগিব যে পৰৱৰ্তী সময়ত দলত স্থান লাভ কৰাৰ পাছত যাতে কোনেও তেওঁক দলৰ বাহিৰ কৰিব নোৱাৰে। কিয়নো ভাল প্ৰদৰ্শনৰ দ্বাৰা তেওঁ নিজে সেই দুৱাৰখন বন্ধ কৰিব লাগিব।" 

স্মিথে লগতে  অষ্ট্ৰেলিয়াত ১৬ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ বাছনি সমিতিৰ পৰিকল্পনাত টেৱাটিয়াই স্থান লাভ কৰাৰ আশা নাই বুলিও ঈঙ্গিত দিয়ে।

প্ৰাক্তন খেলুৱৈগৰাকীয়ে কয়, "ভাৰতে বহুকেইজন প্ৰতিভাশালী খেলুৱৈ পাইছে। দলৰ নিৰ্বাচক, প্ৰশিক্ষক দ্ৰাবিড় আৰু অধিনায়ক ৰোহিত শৰ্মাৰ নিশ্চিত ৰূপত দলটোৰ সংখ্যাগৰিষ্ঠ অংশ কেনেকুৱা হ'ব আৰু দলটোৰ ভাৰসাম্য কি হ’ব সেই সম্পৰ্কে ধাৰণা থাকিব।” 

উল্লেখ্য যে অলৰাউণ্ডাৰ গৰাকীয়ে এই বৰ্ষৰ আই পি এলত নৱাগত গুজৰাট টাইটানছৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। চিজনটোত তেওঁ ১২ টা ইনিংছত ১৪৭.৬২ ৰ ষ্ট্ৰাইক ৰেটেৰে ২১৭ ৰাণ সংগ্ৰহ কৰিছিল। ইয়াৰ পূৰ্বেও বিগত দুটা চিজনত তেওঁ ৰাজস্থান ৰয়েলছক প্ৰতিনিধিত্ব কৰি উন্নত প্ৰদৰ্শন আগবঢ়াইছিল। বিশেষকৈ ২০২০ বৰ্ষৰ আই পি এলত টেৱাটিয়াৰ প্ৰদৰ্শন চমকপ্ৰদ আছিল। আক্ৰমণাত্মক বেটিঙৰ লগতে সফল বলিঙৰ বাবেও টেৱাটিয়া সেইবাৰ চৰ্চালৈ আহিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে