--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : সন্ত্ৰাসবাদীয়ে নৃশংসতাৰে নিঃশেষ কৰিলে এটা পৰিয়াল। ঘৰৰ ভিতৰত সোমাই এটা পৰিয়ালৰ তিনিজনৰ প্ৰাণ কাঢ়িলে সন্ত্ৰাসবাদীয়ে। প্ৰথমে পিতৃ-মাতৃ আৰু এতিয়া আহত কন্যায়ো প্ৰাণ হেৰুৱাবলগীয়া হ’ল এই নৃশংস আক্ৰমণত। কিন্তু কিহৰ বাবে এই হত্যালীলা? কাৰণ এটাই পৰিয়ালটোৰ মুৰব্বীগৰাকী আছিল বিশেষ শাখাৰ আৰক্ষী বিষয়া। জম্মু-কাশ্মীৰত এই ঘটনা সংঘটিত হৈছে।

আৰু পঢ়িব পাৰিব : ৰক্ষকেই ভক্ষক! অপহৃত ব্যৱসায়ীক উদ্ধাৰ, কনিষ্টবলসহ গ্ৰেপ্তাৰ চাৰি

দেওবাৰে দিনৰ প্ৰায় ১১বজাত ফায়াজ আহমেদ নামৰ আৰক্ষী বিষয়াগৰাকীৰ ঘৰত প্ৰৱেশ কৰি ধাৰাসাৰে গুলীবৰ্ষণ কৰিছিল সন্ত্ৰাসবাদীয়ে। গুলীবিদ্ধ ফায়াজ আহমেদ, তেওঁৰ পত্নী ৰাজা বেগম আৰু ৰাফিয়াক ততালিকে হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও ফায়াজ আহমেদ আৰু পত্নীৰ মৃত্যু হয়। কন্যা ৰাফিয়াই মৃত্যুৰ যুঁজ কৰি চিকিৎসা গ্ৰহণ কৰি আছিল যদিও তেৱোঁ আজি মৃত্যুক সাবটি ল’বলগীয়া হয়।

আৰু পঢ়িব পাৰিব : ডিব্ৰুগড়ত ক’ভিডত মৃত্যু ১১ মহীয়া শিশুৰ

পুলৱামাত সংঘটিত হোৱা এই ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। আৰক্ষী বিষয়াগৰাকীয়ে পৰিয়ালৰ সৈতে অৱন্তীপোৰাৰ হৰিপৰিগামত বাস কৰিছিল বুলি জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই ঘটনাৰ পাছতে নিৰাপত্তাবাহিনীয়ে অঞ্চলটো ঘেৰি ধৰিছে আৰু তীব্ৰ তালাচী অভিযান চলাই আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ